নতুন দিল্লী
বিশ্বৰ প্ৰথমগৰাকী নিৰামিষ বডি বিল্ডাৰ হিচাপে বহুলভাৱে পৰিচিত পাঞ্জাবী অভিনেতা বৰিন্দৰ সিং ঘুমনৰ হৃদৰোগত আক্ৰান্ত হৈ অমৃতসৰত মৃত্যু হয়। বাইচেপ আঘাতৰ বাবে তেওঁ অমৃতসৰৰ ফৰ্টিছ হাস্পতালত সামান্য এক অপাৰেচন কৰিবলৈ গৈছিল। যিহেতু সৰু অপাৰেচন আছিল গতিকে আজি তেওঁ উভতি অহাৰ কথা আছিল। কিন্তু ঘুমনৰ হৃদযন্ত্ৰ বন্ধ হৈ হাস্পতালতে তেওঁৰ মৃত্যু হয়। তথ্য অনুসৰি তেওঁৰ বয়স আছিল ৪২ বছৰ।
বডি বিল্ডিং আৰু মনোৰঞ্জন দুয়খন জগততে ঘুমন আছিল এজন অতি চিনাকি ব্যক্তিত্ব। এক প্ৰতিবেদন অনুসৰি, ঘূমান বিশ্বৰ প্ৰথমগৰাকী নিৰামিষ পেছাদাৰী বডি বিল্ডাৰ হিচাপে পৰিচিত আছিল। ২০০৯ চনত মিষ্টাৰ ইণ্ডিয়া প্ৰতিযোগিতাত জয়লাভ কৰি মিষ্টাৰ এছিয়াত ৰানাৰ্ছ আপ হৈছিল, আৰম্ভণিতে ভাৰতীয় বডি বিল্ডিঙৰ এজন বিশিষ্ট ব্যক্তিত্ব হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছিল। ২০১৩ চনত ঘুমনৰ কেৰিয়াৰে নতুন উচ্চতা লাভ কৰিছিল, যেতিয়া তেওঁক আৰ্নল্ড শ্ব’ৱাৰ্জেনেগাৰে এছিয়াত তেওঁৰ সামগ্ৰীসমূহক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত কৰিছিল।
ইয়াৰ পূৰ্বে এক সাক্ষাৎকাৰত ঘুমনে শ্বেয়াৰ কৰিছিল, "আৰ্নল্ড ক্লাছিক বডি বিল্ডিং চেম্পিয়নশ্বিপৰ প্ৰতিযোগিতাৰ বাবে স্পেইন ভ্ৰমণৰ সময়তে মই তাৰকাগৰাকীক লগ পাইছিলো। মই এই ইভেণ্টত শীৰ্ষ ৰেংকাৰ আছিলো আৰু আৰ্নল্ডে মোৰ শৰীৰটো দেখি মোহিত হৈছিল আৰু মই ভাৰতৰ আটাইতকৈ ওখ বডি বিল্ডাৰ আছিলো।"
পিছত শ্ব’ৱাৰ্জেনেগাৰে ছ’চিয়েল মিডিয়াত ঘুমনক “এজন আচৰিত প্ৰতিভা” বুলি অভিহিত কৰে। বডি বিল্ডিঙৰ উপৰিও ঘুমনে ছবি জগততো নিজৰ নাম উজলাইছিল। ২০১২ চনত পাঞ্জাবী ছবি ‘কাবডী ওৱান্স এগেইন’ত মুখ্য অভিনেতা হিচাপে অভিনয় কৰি ২০১৪ চনত ‘ৰ’য়াৰ: টাইগাৰছ অৱ দ্য সুন্দৰবনছ’ ছবিৰে হিন্দী ছবিত অভিষেক ঘটায়। ২০১৯ চনতো হিন্দী ছবিত ‘মাৰজাৱা’অভিনয় কৰিছিল।
শেহতীয়াকৈ ঘুমনে পাকিস্তানী প্ৰিজন গাৰ্ড শ্বাকিলৰ চৰিত্ৰত অভিনয় কৰিছিল ‘টাইগাৰ ৩’ত, য’ত ছলমান খান আৰু কেটৰিনা কাইফে অভিনয় কৰিছে। ছবিখন ৱাই আৰ এফ স্পাই ইউনিভাৰ্ছৰ অংশ, য’ত ‘পাথান’ আৰু ‘ৱাৰ’ও অন্তৰ্ভুক্ত কৰা হৈছে। পৰিচালক মনীশ শৰ্মাই পৰিচালনা কৰা ‘টাইগাৰ ৩’ ছবিখন ২০২৩ চনৰ নৱেম্বৰ মাহত মুক্তি পাইছিল।
ঘুমনে নিজৰ নিৰামিষ জীৱনশৈলীৰ বাবে পৰিচিত আছিল, যিটো বডি বিল্ডাৰৰ মাজত বিৰল আছিল আৰু প্ৰায়ে ইয়াৰ উপকাৰিতাৰ কথা কৈ আহিছিল।