চিৰিৰ পৰা পৰি আঘাতপ্ৰাপ্ত জুবিন

Story by  atv | Posted by  Munni Begum • 1 Years ago
জুবিন নৌতিয়াল
জুবিন নৌতিয়াল
মুম্বাই
 
জনপ্ৰিয় কন্ঠশিল্পী জুবিন নৌতিয়াল বৃহস্পতিবাৰে পুৱাৰ ভাগত এক দুৰ্ঘটনাত পতিত হয়। তেওঁক ততাতৈয়াকৈ মুম্বাইৰ এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
 
নৌতিয়ালে যোৱা ১ ডিচেম্বৰত দুৰ্ঘটনাত পতিত হৈছিল। দূৰ্ঘটনাৰ ফলত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। খবৰ অনুসৰি কণ্ঠশিল্পী গৰাকীয়ে বিল্ডিঙৰ চিৰিৰ পৰা পৰি কিলাকুটি ভাঙি, কামিহাড় ফাটি যোৱাৰ লগতে মূৰত আঘাত পোৱা বুলি জানিব পৰা গৈছে। 
হাস্পতালত ভৰ্তি কৰোৱৰ পিছতে জুবিনৰ সোঁহাতত অপাৰেচন কৰা হয়। কণ্ঠশিল্পীগৰাকীয়ে এতিয়াও অনুৰাগীক নিজৰ স্বাস্থ্যৰ বিষয়ে আপডেট দিয়া নাই।
জুবিন নৌতিয়ালে লুট গেই আৰু হুমনাভা মেৰেৰ দৰে চাৰ্টবাষ্টাৰ ছবিৰ বাবে খ্যাতি অৰ্জন কৰিছিল। চামনে আয়ে, মানিকে, আদি ছুপাৰহিট গীতৰ বাবে তেওঁ বাতৰিৰ শিৰোনাম দখল কৰিছে। 
 
ভাৰতীয় সংগীত জগতৰ অন্যতম আগশাৰীৰ শিল্পী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে জুবিনে। ৰাতা লম্বিয়ান আৰু তুঝে কিটনে চাহনে লাগে হম, টুম হি আনা, বেৱাফা তেৰা মাছুম চেহৰা আদি হিট গীতৰ বাবে তেওঁ নিজৰ এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে।