নতুন দিল্লী
আজি অৰ্থাৎ ১৯ ছেপ্টেম্বৰৰ পৰা আইফোন ১৭ ছিৰিজৰ বিক্ৰী আৰম্ভ হৈছে। প্ৰতিবাৰৰ দৰেই এইবাৰো নতুন আইফোন ছিৰিজটোৰ প্ৰতি মানুহৰ মাজত উন্মাদনা দেখিবলৈ পোৱা গৈছে। দিল্লীৰ পৰা মুম্বাইলৈ এপলৰ ষ্ট’ৰৰ বাহিৰত অনুৰাগীৰ দীঘলীয়া শাৰী দেখা গৈছে। যোৱা ৯ ছেপ্টেম্বৰত মুকলি কৰা নতুন আইফোন ১৭ ছিৰিজটো ক্ৰয় কৰিবলৈ মানুহে ঘণ্টাৰ পিছত ঘণ্টা অপেক্ষা কৰি আছে।
মুম্বাইৰ বি কে চিৰ এপল ষ্ট’ৰৰ বাহিৰত মাজনিশাৰে পৰা দেখিবলৈ পোৱা গৈছে আগ্ৰহী গ্ৰাহকৰ দীঘলীয়া শাৰী। মুম্বাইৰ বান্দ্ৰা কুৰলা কমপ্লেক্সৰ এপল শ্ব’ৰুমৰ বাহিৰত শ শ লোকে শাৰী পাতি ৰৈ থকা দেখা গ’ল। জানিব পৰা মতে, একাংশ লোকে ৭ ৰ পৰা ৮ ঘণ্টা পৰ্যন্ত এপল ষ্ট’ৰৰ সমুখত অপেক্ষা কৰিছে৷ আনহাতে বহু গ্ৰাহকে ইতিমধ্যে প্ৰি-বুকিং কৰিছে।
নতুন আইফোন ছিৰিজ ক্ৰয়ৰ বাবে সকলোৰে উন্মাদনা থাকে। দিল্লীৰ সাকেটৰ চেলেক্ট চিটি ৱাকতো দীঘলীয়া শাৰী দেখা গৈছিল। সাকেটত মাজনিশাৰ পৰা মানুহে আইফোন ১৭ কিনিবলৈ শাৰী পাতিবলৈ আৰম্ভ কৰে। ৰাইজৰ ভিৰ নিয়ন্ত্ৰণৰ বাবে নিৰাপত্তাৰ ব্যৱস্থাও কৰা হৈছে।
ৰিলায়েন্স ডিজিটেলে আইফোন ১৭ ত ৬ হাজাৰ টকা ৰেহাই দিয়াৰ বিপৰীতে এয়াৰ আৰু প্ৰ’ মডেলত আগবঢ়োৱা হৈছে ৪ হাজাৰ টকাৰ ৰেহাই লাভ কৰিছে। বেংকৰ অফাৰ, এক্সচেঞ্জ বোনাছ আৰু বিনামূলীয়া ইএমআই বিকল্পও উপলব্ধ।
ক্ৰ’মাইও এটা শক্তিশালী অফাৰ আগবঢ়াইছে তৎক্ষণাত ৬০০০ টকা ৰেহাই আৰু ১২০০০ টকা পৰ্যন্ত এক্সচেঞ্জ বোনাছ। অনলাইন আৰু অফলাইন দুয়োটা প্লেটফৰ্মতে ইএমআই বিকল্প উপলব্ধ। এপলৰ আনুষংগিক সামগ্ৰীতো ২০% পৰ্যন্ত ৰেহাই আগবঢ়োৱা হৈছে।
উল্লেখ্য যে ৯ ছেপ্টেম্বৰৰ দিনা এপলে আইফোন ১৭, আইফোন ১৭ এয়াৰ, আইফোন ১৭ প্ৰ’ আৰু আইফোন ১৭ প্ৰ’ মেক্স মুকলি কৰাৰ লগতে এপল ৱাটচ ছিৰিজ ১১, ৱাটচ আল্ট্ৰা ৩, ৱাটচ এছ ই আৰু এয়াৰপডছ প্ৰ’ ৩ মুকলি কৰে।