গেলেক্সি এফ ১৪ স্মার্টফোনৰ মূল্য হ্ৰাস

Story by  atv | Posted by  Munni Begum • 8 Months ago
গেলেক্সি এফ ১৪ স্মার্টফোন
গেলেক্সি এফ ১৪ স্মার্টফোন
 
নতুন দিল্লী
 
ছেমছাং প্রতিষ্ঠানটোৱে গেলেক্সি এফ ১৪ স্মার্টফোনটোৰ মূল্য হ্ৰাসৰ কথা ঘোষণা কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহত মুকলি হোৱা এই স্মার্টফোনটোৰ মূল্য এতিয়া ১,০০০ টকা হ্রাস কৰিছে প্ৰতিষ্ঠানটোৱে। 
 
মূল্য হ্ৰাসৰ পিচত গ্ৰাহকে এই স্মার্টফোনটোৰ ৪ জি বি ৰেম আৰু ১২৮ জিবি মেম'ৰি সংস্কৰণটো ১৩,৯৯০ টকা আৰু ৬ জি বি ৰেম-১২৮ জিবি মেম'ৰি সংস্কৰণটো ১৪,৯৯০ টকাত ক্রয় কৰিব পাৰিব। 
 
এই স্মার্টফোনটো কেইবাটাও ৰঙৰ বিকল্পত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। এই স্মার্টফোনটোত আছে ৬.৬ ইঞ্চি ফুল এইচ ডি ডিছপ্লে, এগজিন'ছ ১৩৩০ প্ৰচেছ'ৰ, এণ্ড্ৰয়ত ১৩ অপাৰেটিং ছিষ্টেম, ৫০ মেগাপিক্সেলৰ মেইন কেমেৰা, ২ মেগাপিক্সেলৰ ডেপ্‌থ কেমেৰা, ২ মেগাপিক্সেলৰ মেক্ৰ'চেন্সৰ আৰু ১৩ মেগা পিক্সেলৰ ছেলফি শ্বুটাৰ।