নতুন দিল্লী
দক্ষিণ কোৰিয়াৰ প্ৰতিষ্ঠান ছেমছাঙে ভাৰতত আনুষ্ঠানিকভাৱে মুকলি কৰিছে বহু প্রত্যাশিত ভাঁজ কৰিব পৰা স্মার্টফোনৰ লাইনআপ। ইয়াত আছে ফ্লেগশ্বিপ গেলেক্সি জেদ ফ'ল্ড৭, গেলেক্সি জেদ ফ্লিপ৭ আৰু অধিক সুলভ গেলেক্সি জেদ ফ্লিপ৭ এফ ই।
প্রতিষ্ঠানটোৱে ভাৰতৰ বজাৰৰ বাবে এই ডিভাইচসমূহৰ মূল্য নির্ধাৰণৰ সমান্তৰালকৈ অগ্রিম-বুকিং প্ৰক্ৰিয়া আৰম্ভ কৰাৰ লগতে মুকলি অফাৰ আৰু বিক্ৰীৰ তাৰিখো প্রকাশ কৰিছে।
প্রতিষ্ঠানটোৰ এতিয়ালৈকে আটাইতকৈ পাতল ফ'ল্ডেবল হিচাপে প্রচলিত ছেমছাং গেলেক্সি জেদ ফ'ল্ড৭ৰ ১২জিবি ৰেম ২৫৬জিবি ষ্ট'ৰেজ প্ৰকাৰৰ প্ৰাৰম্ভিক মূল্য হৈছে ১,৭৪,৯৯৯ টকা। ১২জিবি ৫১২ জিবি মডেলৰ মূল্য হৈছে ১,৮৬,৯৯৯ টকা আৰু ১৬জিবি + ১ টিবিৰ প্ৰকাৰৰ মূল্য হৈছে ২,১০,৯৯৯ টকা।
কমপেক্ট এ আই ফোন বিচৰাসকলৰ বাবে মুকলি কৰা হৈছে ছেমছাং গেলেক্সি জেদ ফ্লিপ৭ আৰু ইয়াৰ প্ৰাৰম্ভিক মূল্য হৈছে ১,০৯,৯৯৯ টকা। প্ৰাৰম্ভিক ৮৯,৯৯৯ টকাত আগবঢ়োৱা হৈছে ছেমছাং গেলেক্সি জেদ ফ্লিপ৭ এফ ই।
এই মডেলটো দুটা ভিন্ন প্রকাৰত উপলব্ধ হ'ব। গুগলে ছেমছাং গেলেক্সি জেদ ফ'ল্ড৭ মডেললৈ কঢ়িয়াই আনিছে উন্নত এ আইচালিত মাল্টিটাস্কিং ক্ষমতা। এতিয়া স্মার্টফোনৰ পাৱাৰ বুটামত দীঘলীয়াকৈ প্রেছ কৰিলে ব্যৱহাৰকাৰীয়ে জেমিনাইৰ সৈতে স্ক্রীন শ্বেয়াৰ কৰি প্ৰশ্ন কৰাৰ সুবিধা পাব।