১০ টা ঋণ এপৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কেন্দ্ৰীয় চৰকাৰৰ

Story by  atv | Posted by  [email protected] • 9 Months ago
১০ টা ঋণ এপৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কেন্দ্ৰীয় চৰকাৰৰ
১০ টা ঋণ এপৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ কেন্দ্ৰীয় চৰকাৰৰ
 
নতুন দিল্লী
 
কেন্দ্রীয় চৰকাৰে ১০ টা ঋণ আৰু ফিনটেক এপ্লিকেচনৰ ওপৰত আৰোপ কৰা প্রত্যাহাৰৰ সিদ্ধান্ত গ্রহণ কৰে। এই এপ্লিকেচনসমূহৰ বিভিন্ন তথ্য পাতি পৰীক্ষা কৰাৰ পিচত আশ্বস্ত হৈ চৰকাৰে নিষেধাজ্ঞা প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। 
 
 
অলপতে কেন্দ্রীয় চৰকাৰে চীনৰ সৈতে সংযোগ থকাৰ সন্দেহত ৯৪ টাকৈ ঋণ-ফিনটেক এপ্লিকেচনৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপ কৰিছিল। এই এপ্লিকেচনসমূহে অনৈতিক পন্থাৰে ভাৰতত ঋণ প্ৰদানৰ ব্যৱসায় চলাই অহা বুলি অভিযোগ উত্থাপন হৈছিল। 
 
 
কিন্তু পৰীক্ষণৰ পৰৱৰ্তী পৰ্যায়ত এই এপ্লিকেচনসমূহৰ ভিতৰত ১০ টা এপ্লিকেচনৰ বিৰুদ্ধে আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰে চৰকাৰে। নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা এপ্লিকেচনৰ ভিতৰত আছে লেজীপে', কিষ্ট, ক্রেডিটবি, এমপকেট, অকে ক্রেডিট, বাড়ীলোন ইত্যাদি। 
 
এই এপ্লিকেচনকেইটাই তেওঁলোকৰ ব্যৱসায়ৰ বিতং তথ্য তথ্য প্রযুক্তি মন্ত্ৰ্যালয়ত দাখিল কৰাৰ পিচতে এপ্লিকেচনকেইটাৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্রত্যাহাৰ কৰা হৈছে।