নতুন দিল্লী
ভিভ'ই নতুন ফোন 'ভিভ' ভি৬০ই' (VivoV60e) মুকলি কৰাৰ কথা ঘোষণা কৰিছে। এই ফোনটোৰ হাইলাইট হ’ব ইয়াৰ পিছফালৰ কেমেৰা। যিটো সম্পূৰ্ণ ২০০ এমপি চেন্সৰ থাকিব।
মন কৰিবলগীয়া যে, এইটো হ’ব ভিভ’ৰ প্ৰথমটো ফোন য’ত ২০০ এমপি (200 MP) কেমেৰা চেন্সৰ থাকিব। ইয়াৰ উপৰিও ফোনটোৰ পিছফালে ৮ এমপি (8MP) আল্ট্ৰা ৱাইড এংগল লেন্স আৰু ছেলফি আৰু ভিডিঅ’ কলিঙৰ বাবে ৫০এমপি (50MP) ফ্ৰন্ট কেমেৰা থাকিব।
ফোনটোৰ ডিছপ্লেত কোৱাড কাৰ্ভড ডিজাইনৰ বৈশিষ্ট্য থাকিব। য’ত কেন্দ্ৰীভূত পাঞ্চ-হোল কাটাআউট থাকিব। কোম্পানীটোৱে নিজৰ প্ৰচেছৰৰ বাবে মিডিয়াটেক ডাইমেনচিটি ৭৩৬০ টাৰ্বো চিপছেট ব্যৱহাৰ কৰিব। যিটো গেমিং আৰু মাল্টিটাস্কিং দুয়োটাৰে বাবে উৎকৃষ্ট হ’ব। এই চিপছেটে ব্যৱহাৰকাৰীক ১২জিবি পৰ্যন্ত ৰেম আৰু ২৫৬জিবি ষ্ট’ৰেজ প্ৰদান কৰিব।
এই ফোনটোৰ মূল্য ক্ৰমে ৮জিবি + ১২৮জিবি: ৩৪,৯৯৯ টকা, ৮জিবি + ২৫৬ জিবি: ৩৬,৯৯৯ টকা আৰু ১২জিবি + ২৫৬ জিবি: ৩৮,৯৯৯ টকা।
কোম্পানীয়ে এই ফোনত ৬৫০০mAh ৰ বৃহৎ বেটাৰীও প্ৰদান কৰিব। যি ৯০W ফাষ্ট চাৰ্জিঙৰ সৈতে আহিব। এই ফোনটোক পানী আৰু ধূলিৰ প্ৰতিৰোধ ক্ষমতাৰ বাবেও কোম্পানীয়ে আইপি৬৮ (IP68) আৰু আইপি৬৯ (IP69) ৰেটিং দিছে।
কোম্পানীটোৱে দাবী কৰিছে যে, এই স্মাৰ্টফোনটোৱে তিনি বছৰৰ বাবে অ' এছ আপডেট আৰু পাঁচ বছৰৰ বাবে ছিকিউৰিটি আপডেট লাভ কৰিব। ব্যৱহাৰকাৰীয়ে এলিট পাৰ্পল আৰু নোবেল গোল্ড ৰঙত এই ফোনটো ক্ৰয় কৰিব পাৰিব।