বনকৰ্মীসকলৰ বাবে আৰণ্যকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
আৰণ্যকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
আৰণ্যকৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
গুৱাহাটী

ফ্ৰণ্টলাইন বনকৰ্মীসকলৰ বাবে পবিতৰা অভয়াৰণ্যত আৰণ্যকৰ উদ্যোগত এক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু সজাগতা শিবিৰৰ অনুষ্ঠিত হৈ যায়। অভয়াৰণ্যখনৰ বন্যপ্ৰাণী পৰিসৰ কাৰ্যালয় অনুষ্ঠিত এই শিবিৰ ১৭ জুলাইত সমৰণি পৰে। শিবিৰত প্ৰায় ১৫০ গৰাকী ফ্ৰণ্টলাইন বনকৰ্মী, তেওঁলোকৰ পৰিয়াল আৰু স্থানীয় সম্প্ৰদায়ৰ লোকসকলে অংশ গ্ৰহণ কৰিছে। 
 
শিবিৰত অংশগ্ৰহণ কৰা লোকসকলক নিৰ্ধাৰিত ঔষধ আৰু ৰোগ নিৰ্ণয়ৰ পৰীক্ষা প্ৰদান কৰা হৈছে। ইণ্ডিয়ান মেডিকেল এছ'চিয়েচন, গুৱাহাটী শাখাৰ  ডাঃ প্ৰীতম বৰঠাকুৰ, ডাঃ আৰতি ডেকা, ডাঃ অমল দেৱ গোস্বামী, ডাঃ ৰাজীৱ শৰ্মা, ডাঃ দীলিপ শৰ্মা আৰু ৰৰ্পনয়ন গোস্বামীকে ধৰি কেইবাজনো জ্যেষ্ঠ চিকিৎসক এই শিবিৰত উপস্থিত আছিল। 
 
এই স্বাস্থ্য পৰীক্ষা শিবিৰ পৰিচালনা কৰাত বন্যপ্ৰাণী অভয়াৰণ্যৰ ৰেঞ্জ বিষয়া নয়ন জ্যোতি দাসে সহায় আগবঢ়াইছে। ঔষধ আৰু তেজ পৰীক্ষাৰ সহায় কৰিছে আৰোগ্যমৰ দিজু ৰয়, চান ফাৰ্মাৰ হেমন্ত শৰ্মা, আৰু সাতয়োকি চক্ৰৱৰ্তীয়ে। আনহাতে চিৰিয়াখানা বাৰ্লিন আৰু সংৰক্ষণ আৰু গৱেষণা পুঁজি (চি আৰ এফ), আৰণ্যকে ঔষধৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াইছে। ইয়াৰোপৰি ইণ্ডিয়ান মেডিকেল এছ'চিয়েচনৰ ৬ জন বিশেষজ্ঞ চিকিৎসক আৰু অন্যান্য পৰীক্ষাৰ কিট প্ৰদান কৰি এই যুটীয়া প্ৰচেষ্টাক সমৰ্থন জনাইছে।