শীঘ্ৰেই ৰোগীৰ বাবে উপলব্ধ হ’ব ৰাছিয়াৰ বিজ্ঞানীয়ে প্ৰস্তুত কৰা কৰ্কট ৰোগৰ ভেকচিন

Story by  atv | Posted by  Munni Begum • 2 Months ago
ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন
 
মস্কো
 
ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বুধবাৰে কয় যে ৰাছিয়াৰ বিজ্ঞানীসকলে কৰ্কট ৰোগৰ ভেকচিন তৈয়াৰ কৰাৰ নিচেই ওচৰত। যি অতি সোনকালে ৰোগীৰ বাবে উপলব্ধ হ’ব। টেলিভিছনত দিয়া এক মন্তব্যত পুটিনে কয় যে "আমি তথাকথিত কৰ্কট ৰোগৰ ভেকচিন আৰু নতুন প্ৰজন্মৰ ইমিউন’মডুলেটৰী ঔষধ সৃষ্টিৰ অতি ওচৰ চাপি আহিছো।"
 
ভৱিষ্যতৰ প্ৰযুক্তিৰ ওপৰত মস্কোত অনুষ্ঠিত মঞ্চত ভাষণ দি তেওঁ লগতে কয় যে মই আশা কৰিছো যে অতি সোনকালে ইয়াক ব্যক্তিগত চিকিৎসাৰ পদ্ধতি হিচাপে ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰা হ’ব। প্ৰস্তাৱিত ভেকচিনে কোন ধৰণৰ কৰ্কট ৰোগক লক্ষ্য কৰি ল’ব, কেনেকৈ লক্ষ্য কৰিব সেই কথা পুটিনে স্পষ্ট কৰা নাই।
 
কেইবাখনো দেশ আৰু কোম্পানীয়ে কৰ্কট ৰোগৰ ভেকচিনৰ ওপৰত কাম কৰি আছে। যোৱা বছৰ ব্ৰিটেইন চৰকাৰে জাৰ্মানী ভিত্তিক বায়’এনটেকৰ সৈতে চুক্তিবদ্ধ হৈছিল যে ২০৩০ চনৰ ভিতৰত ১০,০০০ ৰোগীৰ ওচৰলৈ যোৱাৰ লক্ষ্য আছিল যি 'ব্যক্তিগতকৃত কেন্সাৰ চিকিৎসা' প্ৰদান কৰা ক্লিনিকেল ট্ৰায়েল আছিল। 
 
ফাৰ্মাচিউটিকেল কোম্পানী মডাৰ্না আৰু মাৰ্ক এণ্ড কোৱে পৰীক্ষামূলক কৰ্কট ৰোগৰ ভেকচিন প্ৰস্তুত কৰি আছে, যিটোৰ মধ্যম পৰ্যায়ৰ অধ্যয়নত দেখা গৈছে যে তিনি বছৰৰ চিকিৎসাৰ পিছত মেলানোমা - আটাইতকৈ মাৰাত্মক ছালৰ কৰ্কট ৰোগ-ৰ পুনৰাবৃত্তি বা মৃত্যুৰ সম্ভাৱনা আধালৈ হ্ৰাস পাইছে। 
 
বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি বৰ্তমান ছাৰ্ভাইকেল কেন্সাৰকে ধৰি বহু কৰ্কট ৰোগ সৃষ্টি কৰা হিউমেন পেপিলোমা ভাইৰাছ (এইচ পি ভি)ৰ বিৰুদ্ধে ছখন অনুজ্ঞাপত্ৰ থকা ভেকচিনৰ লগতে লিভাৰ কেন্সাৰ হ’ব পৰা হেপাটাইটিছ বি (এইচ বি ভি)ৰ ভেকচিনো আছে।
 
কৰোনা মহামাৰীৰ সময়ত ৰাছিয়াই নিজাকৈ ক’ভিড-১৯ ৰ বিৰুদ্ধে স্পুটনিক ভি ভেকচিন প্ৰস্তুত কৰি কেইবাখনো দেশত বিক্ৰী কৰিছিল, যদিও ঘৰুৱা ভাইৰাছৰ প্ৰতিষেধক ল’বলৈ জনসাধাৰণৰ ব্যাপক অনিচ্ছাৰ সন্মুখীন হ’বলগীয়া হৈছিল। স্পুটনিকৰ কাৰ্যকাৰিতা আৰু সুৰক্ষাৰ বিষয়ে মানুহক আশ্বস্ত কৰাৰ প্ৰয়াসত পুটিনে নিজেই কয় যে তেওঁ গ্ৰহণ স্পুটনিক কৰিছে।