জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে অনুমতি প্ৰদান কেন্দ্ৰীয় চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 1 Years ago
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী সমাৱৰ্তন অনুষ্ঠানৰ এক মূহুৰ্ত
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী সমাৱৰ্তন অনুষ্ঠানৰ এক মূহুৰ্ত
 
নতুন দিল্লী 
 
কেন্দ্ৰীয় চৰকাৰে জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ বাবে অনুমতি প্ৰদান কৰিছে। দেওবাৰে বিশ্ববিদ্যালয়খনৰ শতবাৰ্ষিকী সমাৱৰ্তন অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য পদ্মশ্ৰী নাজমা আখতাৰে এই কথা ঘোষণা কৰিছে। 
 
অনুষ্ঠানত উপাচাৰ্য পদ্মশ্ৰী নাজমা আখতাৰে কয় যে প্ৰয়োজনীয় সময়ৰ বাবে যদিও বিশ্ববিদ্যালয়খন দন্ত চিকিৎসা, ফিজিঅ’থেৰাপি আৰু প্ৰাথমিক চিকিৎসা স্বাস্থ্য কেন্দ্ৰৰে গঠিত হৈ আছে, তথাপিও এখন চিকিৎসা মহাবিদ্যালয়ৰ অভাৱ বহু বছৰৰ পৰাই অনুভৱ কৰি আহিছো। ইয়াৰ বাবেই মই জামিয়াৰ নিষ্ঠাবান ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকসকলৰ হৈ এই গুৰুত্বপূৰ্ণ সংযোজনৰ বাবে সদায়ে পোষকতা কৰি আহিছিলো। নিঃসন্দেহে বিশ্ববিদ্যালয়খনৰ বাবে ই আছিল এক বহু প্ৰত্যাশিত সপোন। যি সপোন সম্প্ৰতি বাস্তৱত পৰিণত হৈছে আৰু  ইয়াৰ বাবে সমগ্ৰ শৈক্ষিক সমাজখনক  উল্লাসিত কৰি তুলিছে। 
বিশ্ববিদ্যালয়খনৰ চিকিৎসা মহাবিদ্যালয় স্থাপনৰ কষ্টকৰ যাত্ৰাৰ বিষয়ে বিশদভাৱে উল্লেখ কৰি উপাচাৰ্য পদ্মশ্ৰী নাজমাই আখতাৰে সোঁৱৰাই যে, বিশ্ববিদ্যালয়খনে ভাৰত চৰকাৰক আনুষ্ঠানিকভাৱে চিকিৎসা মহাবিদ্যালয়খন স্থাপনৰ অনুমোদন প্ৰদানৰ বাবে অহৰহ প্ৰচেষ্টা চলাই আহিছিল। তেওঁ কয়, "আমাৰ প্ৰচেষ্টাসমূহে ফল দিছে, কিয়নো কেন্দ্ৰীয় চৰকাৰে আমাক সমৰ্থন কৰিছে। যাৰ ফলত এই সঁহাৰিমূলক সিদ্ধান্ত  লাভ কৰিছো। যিয়ে নিঃসন্দেহে আগন্তুক বছৰবোৰত অগণন উচ্চাকাংক্ষী চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীক উপকৃত কৰিব।"
 
কৃতজ্ঞতাৰ ভাৱনাৰে উপাচাৰ্য পদ্মশ্ৰী নাজমা আখতাৰে এই সমগ্ৰ যাত্ৰাত ভাৰতৰ প্ৰধানমন্ত্ৰী, শিক্ষামন্ত্ৰী, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিলৈ তেওঁলোকে আগবঢ়োৱা অদম্য সহায় আৰু অমূল্য সহযোগিতাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। 
 
নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি অনুষ্ঠিত হোৱা জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ শতবাৰ্ষিকী সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথিৰ ভাষণ প্ৰদান কৰিছে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে
 
এই ঐতিহাসিক সাফল্যৰ বাহিৰেও বিশ্ববিদ্যালয়খনে ভৱিষ্যতৰ আন এক অভিলাষী পৰিকল্পনাও উন্মোচন কৰিছে। উপাচাৰ্য পদ্মশ্ৰী নাজমা আখতাৰে প্ৰকাশ কৰিছে যে, জামিয়া মিলিয়া ইছলামিয়াই অদূৰ ভৱিষ্যতে মধ্যপ্ৰাচ্যত আন্তঃৰাষ্ট্ৰীয় কেম্পাছ স্থাপন কৰাৰ আকাংক্ষা কৰিছে। এই দূৰদৰ্শী পদক্ষেপৰ লক্ষ্য হৈছে বিশ্ববিদ্যালয়খনৰ বিশ্বব্যাপী প্ৰসাৰক আৰু অধিক বৃদ্ধি কৰা আৰু পাৰস্পৰিক সাংস্কৃতিক শৈক্ষিক সহযোগিতা বৃদ্ধি কৰা। 
 
কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ সভাপতিত্বত নতুন দিল্লীৰ বিজ্ঞান ভৱনত আজি অনুষ্ঠিত হোৱা  শতবাৰ্ষিকী সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়।   
এক প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, ২০১৯ আৰু ২০২০ চনত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা আৰু সোণৰ পদক লাভ কৰা ছাত্ৰ-ছাত্ৰীকে ধৰি প্ৰায় ১২,৫০০ গৰাকী ছাত্ৰ-ছাত্ৰীক সমাৱৰ্তনৰ সময়ত সুপ্ৰাপ্য ডিগ্ৰী আৰু ডিপ্লমাৰে সন্মানিত কৰা হয়। এই অনুষ্ঠানটোৱে তেওঁলোকৰ শৈক্ষিক যাত্ৰাৰ এক উল্লেখযোগ্য অধ্যায়ৰ অন্ত পৰাৰ প্ৰতীক হোৱাই নহয়, এই স্নাতকসকলৰ বাবে নতুন সম্ভাৱনা আৰু উজ্জ্বল ভৱিষ্যতৰ আৰম্ভণিও ঘটায়।   
 
জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ৰ চিকিৎসা মহাবিদ্যালয়খন স্থাপন আৰু আন্তঃৰাষ্ট্ৰীয় কেম্পাছৰ বাবে অভিলাষী পৰিকল্পনাই শৈক্ষিক উৎকৰ্ষতাৰ অদম্য সাধনা আৰু বিশ্ববিদ্যালয়খন আৰু ইয়াৰ বিস্তৃত বিশ্ব শৈক্ষিক সম্প্ৰদায়ৰ বাবে এক উজ্জ্বল ভৱিষ্যত গঢ়াৰ এক উদাহৰণ দাঙি ধৰিছে।