হেলথ্ চিটী হাস্পতালৰ অত্যাধুনিক ৰেডিঅ'থেৰাপী যন্ত্র উদ্বোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

Story by  atv | Posted by  Munni Begum • 1 Years ago
হেলথ্ চিটী হাস্পতালৰ সর্বাধুনিক ৰেডিঅ'থেৰাপী যন্ত্র উদ্ধোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
হেলথ্ চিটী হাস্পতালৰ সর্বাধুনিক ৰেডিঅ'থেৰাপী যন্ত্র উদ্ধোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
গুৱাহাটী
 
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ্ চিটী হাস্পতালৰ কেঞ্চাৰ চিকিৎসা কেন্দ্ৰত দ্বিতীয়টো অত্যাধুনিক ৰেডিঅ'থেৰাপী যন্ত্র উদ্বোধন কৰিছে।
 
অনুষ্ঠানত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "অসমত কৰ্কট ৰোগীৰ বৰ্ধিত সংখ্যাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী আৰু ব্যক্তিগত উভয় খণ্ডত যথেষ্ট প্ৰয়োজনীয়তা আছে। আজি হেলথ্ চিটী হাস্পতালৰ কেঞ্চাৰ চিকিৎসা কেন্দ্ৰত দ্বিতীয়টো সর্বাধুনিক ৰেডিঅ'থেৰাপী যন্ত্র স্থাপন কৰা কাৰ্যৰ বাবে ধন্যবাদ জনাইছো। অসমত বাঢ়ি অহা কৰ্কট ৰোগ হৈছে এক উদ্বেগৰ বিষয়। সেয়ে এই ৰোগৰ গুৰিলৈ যোৱাৰ বাবে এক গৱেষনাৰ খুবেই প্ৰয়োজনীয়ত আছে।"    
হেলথ্ চিটী ছুপাৰস্পেচিয়েলিটী হাস্পতালখনৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক ডাঃ ভবানন্দ দাসে কয়, "অসমত প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমত সৰ্বাধিক সংখ্যাক লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি ৩৯ হাজাৰ কৰ্কট ৰোগীৰ ২৯ হাজাৰেই অসমৰ।"  
তেওঁ লগতে কয়, "উত্তৰ-পূৰ্বাঞ্চলৰ বৰ্দ্ধিত কেঞ্চাৰ ৰোগীৰ প্ৰতি লক্ষ্য ৰাখি হেলথ্ চিটী হাস্পতালত এটি সম্প্ৰসাৰিত তথা সর্বাধুনিক আন্তগাঁথনিযুক্ত কেঞ্চাৰ পৰিচৰ্যা কেন্দ্ৰ স্থাপন কৰা হৈছে। য'ত আন্তর্জাতিক মানসম্পন্ন কেঞ্চাৰ চিকিৎসকৰ যিদৰে সমাহাৰ ঘটিছে, সেইদৰে বিশ্বৰ ভিতৰতে আটাইতকৈ নিৰ্ভৰযোগ্য কেঞ্চাৰ নির্ণায়ক পেট-চিটী স্কেন যন্ত্রও উপলব্ধ। ইয়াত উত্তৰ-পূৰ্বাঞ্চলত প্ৰথমবাৰৰ বাবে এটি ট্ৰ'বিম ৰেডিঅ'থেৰাপী যন্ত্ৰৰে ৰোগীক সেৱা আগবঢ়াই থকা হৈছে। তৎসত্ত্বেও ৰোগীৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি আৰু অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত অধিক সংবেদনশীল আন এটি ৰেডিঅ'থেৰাপী যন্ত্ৰ (Halcyon) স্থাপন কৰা হৈছে।"