নিউম'নিয়াত আক্রান্ত হৈ ২৪৪ শিশুৰ মৃত্যু পাকিস্তানত

Story by  atv | Posted by  Munni Begum • 3 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
ইছলামাবাদ 
 
এফালে বিত্তীয় সংকট আৰু আনফালে অহা ৮ ফেব্ৰুৱাৰীত সাধাৰণ নির্বাচনক লৈ ব্যস্ততা বৃদ্ধি পাইছে পাকিস্তানত। তাৰ মাজতে দেশখনত স্বাস্থ্য খণ্ডত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰি প্রাদুর্ভাৱ ঘটিছে নিউম'নিয়াৰ। দেশখনৰ পঞ্জাব প্রদেশত চলিত মাহত এতিয়ালৈকে নিউম'নিয়াত আক্রান্ত হৈ ২৪৪ শিশুৰ মৃত্যু ঘটিছে। যোৱা ২৪ ঘণ্টাত প্রদেশখনত ৭টি শিশুৰ নিউম'নিয়াত মৃত্যু ঘটিছে। 
 
স্বাভাৱিকতে এনে পৰিস্থিতিত স্বাস্থ্য বিভাগত হুবাদুৱাৰ সৃষ্টি হৈছে। যোৱা ২৪ ঘণ্টাত পঞ্জাব প্রদেশত নিউম'নিয়াত ৯৪২ শিশু আক্রান্ত হোৱাৰ তথ্য পোৱা গৈছে। ইয়াৰে কেৱল লাহোৰ চহৰতে ২১২ শিশু আক্রান্ত হৈছে। এইখন চহৰতে চলিত মাহৰ আজিৰ তাৰিখলৈকে নিউম'নিয়াত ৫০টি শিশুৰ মৃত্যু ঘটিছে। 
 
স্বাস্থ্য বিভাগৰ মতে শীতকালত ধুৱলী-কুঁৱলী পৰিবেশ আৰু বায়ু প্রদূষণ বৃদ্ধি পোৱাৰ ফলত এইবাৰ পঞ্জাব প্রদেশত নিউম'নিয়াত আক্রান্ত শিশুৰ সংখ্যা বৃদ্ধি পাইছে। শীতকালত বায়ুমণ্ডলত বিয়পি থকা ধোঁৱাই নিউম'নিয়াত আক্ৰান্তৰ ঘটনা বৃদ্ধি কৰে। প্রদেশখনত ৫ বছৰ অনুর্ধ্বৰ শিশুৰ মাজত নিউম'নিয়াই সর্বাধিক পৰিমাণে প্রভাৱ পেলাইছে।