মাস্ক পৰিধান নকৰাৰ বাবে জৰিমনা আৰু নাই, দিল্লী চৰকাৰৰ নিৰ্দেশনা

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
দিল্লীৰ বজাৰত ভিৰ
দিল্লীৰ বজাৰত ভিৰ
নতুন দিল্লী
 
বৃহস্পতিবাৰে দিল্লী চৰকাৰে এক নিৰ্দেশ জাৰি কৰি কয় যে ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাৰ বাবে সাধাৰণ জনতাক ₹৫০০ৰ জৰিমনা বিহাৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰা হৈছে।
দিল্লী দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে ৩০ ছেপ্টেম্বৰত এখন বৈঠকত ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰাৰ বাবে এই শাস্তি আৰোপ কৰা বন্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পিছতে এই কথা প্ৰকাশ পাইছে। কিন্তু "ভিৰ থকা ৰাজহুৱা স্থানত সকলো জনসাধাৰণক মাস্ক পিন্ধিবলৈ পৰামৰ্শ দিয়া হৈছে," দিল্লী চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ নিৰ্দেশত কোৱা হৈছে। "যদিও মাস্ক পিন্ধাটো ক'ভিড উপযুক্ত আচৰণ বজাই ৰখাত উপযোগী আছিল তথাপিও এই কথাত একমত হৈছিল যে মহামাৰী আইনৰ অধীনত বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰাৰ নিৰ্দেশ ৩০.০৯.২০২২ৰ পিছত বৃদ্ধি কৰা নহ'বও পাৰে। সেয়েহে মাস্ক পৰিধান নকৰাৰ বাবে ₹৫০০ৰ জৰিমনাও ৩০.০৯.২০২২ ৰ পিছত প্ৰত্যাহাৰ কৰা হ'ব," ডি ডি এম এ-য়ে বৈঠকত কৈছিল।
মহানগৰীত দৈনিক ক'ভিড ৰোগীৰ সংখ্যা হ্ৰাস পোৱাৰ সময়তে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। স্বাস্থ্য বিভাগে দিয়া তথ্য অনুসৰি বুধবাৰে ৰাষ্ট্ৰীয় ৰাজধানীত নতুনকৈ ১০৭ জন ক'ভিড আক্ৰান্ত হয়। সংক্ৰমনৰ হাৰ ১.৬৪ শতাংশ। মহানগৰীত ক'ভিড-সংক্ৰান্তীয় কোনো লোকৰ মৃত্যু হোৱা নাই।