দেশবাসীয়ে গ্ৰহণ কৰা প্ৰতিবিধ ক'ভিড ভেকচিনৰ আছে বহু পাৰ্শ্বক্ৰিয়া

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
নতুন দিল্লী 
 
কোৰোনা মহামাৰীৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰে দেশবাসীক যি প্ৰতিষেধক প্ৰদান কৰিছিল এই আটাইকেইবিধ প্রতিষেধকৰে আছে বহু পার্শ্ব প্রতিক্রিয়া।  দেশৰ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত দুই সংস্থা ক্রমে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল বিছাৰ্চ (আই চি এম আৰ) আৰু চেণ্ট্ৰেল ড্ৰাগছ ষ্টেণ্ডার্ড কন্ট্রল অর্গেনাইজেচন (চি ডি এছ চি অ')-এ এই কথা স্বীকাৰ কৰিছে। 
 
পুনেৰ ব্যৱসায়ী প্রফুল সাৰদাই তথ্য জনাৰ অধিকাৰৰ আইনৰ অধীনত দাখিল কৰা এক আবেদনৰ উত্তৰত সংস্থা দুটাই স্বীকাৰ কৰিছে যে কোৰোনাৰ সময়ত দেশবাসীয়ে গ্ৰহণ কৰা প্ৰতিবিধ প্ৰতিষেধকৰ বহু পার্শ্ব প্রতিক্রিয়া আছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে কোৰোনা প্ৰতিৰোধৰ নামত চৰকাৰে কেইবাবিধো প্রতিষেধক প্ৰদান কৰিছিল। এইবোৰৰ ভিতৰত ক'ভিশ্বিল্ড, ক'ভাক্সিন, কভ'ভেক্স, কর্বেভেক্স আদি উল্লেখযোগ্য। 
সেই সময়ত চৰকাৰে এনে প্ৰতিষেধক ল'বলৈ দেশবাসীক একপ্ৰকাৰ বাধ্য কৰিছিল। সেই সময়ত চৰকাৰে ঘোষণা কৰিছিল যে প্রতিষেধক নল'লে বাছ, ৰে'ল, বিমান আদিত ভ্রমণ কৰিব নোৱাৰিব, হোটেল, ৰেস্তোৰাঁ, শপিং মল, চিনেমা হল আদিত প্ৰৱেশ কৰিব নোৱাৰিব। চৰকাৰে এনেধৰণৰ বিভিন্ন চৰ্ত আৰোপ কৰিছিল। কিন্তু পৰৱৰ্তী পৰ্যায়ত প্রতিষেধকৰ পার্শ্ব প্রতিক্ৰিয়াৰ বিষয়ে প্রশ্ন উত্থাপন হোৱাত চৰকাৰে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ত দাখিল কৰা শপতনামাত উল্লেখ কৰিছিল যে প্রতিষেধকৰ প্ৰতিক্ৰিয়া হ'লে তাৰ বাবে প্ৰতিষেধক প্ৰস্তুত কৰা প্ৰতিষ্ঠানসমূহহে জগৰীয়া হ'ব। লগতে চৰকাৰে প্ৰতিষেধকৰ পাৰ্শ্ব ক্ৰিয়াৰ কথাও অস্বীকাৰ কৰিছিল। 
ইয়াৰ পিচত পুনেৰ ব্যৱসায়ীগৰাকীয়ে এই সম্পর্কীয় তথ্য বিচাৰি আই চি এম আৰু আৰু চি ডি এছ চি অ'ত আবেদন দাখিল কৰিছিল। এই আবেদনৰ উত্তৰত প্রতিষ্ঠান দুটাই পার্শ্ব প্ৰতিক্ৰিয়াৰ কথা স্বীকাৰ কৰি কয় যে প্রায় সকলোবিধ প্রতিষেধকৰে বিভিন্ন প্রতিক্রিয়া আছে। ইয়াৰ ক'ভিশ্বিল্ড কথা উল্লেখ কৰি কোৱা হয় যে এই প্রতিষেধক লোৱাৰ পিচতেই গাৰ বিষ, শৰীৰৰ বিভিন্ন স্থানত ৰঙা হোৱা, কোনো কাৰণ নোহোৱাকৈ বমি কৰা, পেটৰ অসহ্য বিষ, মূৰৰ বিষ অথবা বমি, উশাহ চুটি হোৱা, বুকুৰ বিষ, হাত-ভৰি বিযোৱা অথবা ফুলি যোৱা, দুর্বলতা, হাত অথবা ভৰিৰ পক্ষাঘাতৰ দৰে হোৱা, স্নায়ুৰ সমস্যা হোৱা, চকুৰে ধোঁৱা কোৱা দেখা, মানসিক অৱস্থাৰ পৰিবৰ্তন হোৱা, অবসাদগ্রস্ততা ইত্যাদি বিভিন্নধৰণৰ সমস্যাৰ সৃষ্টি হয়। 
 
ক'ভ'ভেক্স প্রতিষেধকৰ ফলত বেজী লোৱা ঠাইত অসম্ভৱ বিষ, অৱসাদগ্রস্ততা, মূৰৰ বিষ, জ্বৰ শৰীৰৰ পেশী সংকুচিত হোৱা, গাঁঠিৰ বিষ, মূৰ ঘূৰণি আৰু বমি, হঠাৎ ঠাণ্ডা লগা, হাত, ভৰি অথবা গাৰ অসম্ভৱ বিষ হোৱা, দুর্বল অনুভৱ কৰা, ছাল ৰঙা পৰা অথবা খজুৱতি হোৱা, কঁকাল অথবা পিঠিৰ বিষ হোৱা, টোপনি ভাৱ অহা ইত্যাদি লক্ষণ আছে। 
আনহাতে ক'ভাক্সিনৰ কথা উল্লেখ কৰি কোৱা হয় যে এই প্রতিষেধকৰ ফলত গাৰ বিষ, মূৰৰ বিষ, অৱসাদগ্রস্ত হোৱা, জ্বৰ, পেটৰ বিষ, মূৰ ঘূৰণি, বমি হোৱা, টোপনি অহা, তন্দ্রাভাব, গা ঘামি যোৱা, ঠাণ্ডা লগা আৰু কফ হোৱা আদি লক্ষণ আছে। স্পুটনিক ভি প্রতিষেধকৰ ক্ষেত্ৰত জ্বৰ, ঠাণ্ডা লাগা, গাঁঠিৰ বিষ, পেশীৰ বিষ, মূৰৰ বিষ, মূৰ ঘূৰণি, খাবলৈ মন নোযোৱা ইত্যাদি লক্ষণ আছে। আনহাতে ক'র্বেভেক্সৰ ক্ষেত্ৰত থকা লক্ষণসমূহৰ ভিতৰত আছে মূৰৰ বিষ, অৱসাদগ্রস্ততা, গাৰ বিষ, পেশীৰ সমস্যা হোৱা, ছালৰ খজুৱতি হোৱা ইত্যাদি। 
ইফালে আবেদনকাৰী ব্যৱসায়ীগৰাকীয়ে এই উত্তৰ পোৱাৰ পিচত প্রতিক্রিয়া প্রকাশ কৰি কয় যে সেই সময়ত চৰকাৰে ঘোষণা কৰিছিল যে প্ৰতিষেধক লোৱা-নোলোৱাটো ব্যক্তিৰ নিজা বিষয়। কিন্তু সেয়া ক'লৈও চৰকাৰে সকলোকে প্ৰতিষেধক ল'বলৈ বিভিন্ন ধৰণে বাধ্য কৰিছিল। চৰকাৰে আৰোপ কৰা চৰ্তৰ ফলত আতংকিত হৈ ৰাইজে প্রতিষেধক ল'বলৈ বাধ্য হৈছিল। তেওঁ চৰকাৰক এই বিষয়ে অধিক তথ্য ৰাজহুৱা কৰিবলৈ আবেদন জনায়।


শেহতীয়া খবৰ