৬৪ টা ফার্মাচিউটিকেল প্রতিষ্ঠানৰ অনুজ্ঞাপত্র বাতিল ভাৰত চৰকাৰৰ

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
ভাৰত চৰকাৰে যোৱা এবছৰৰ ভিতৰত ৬৪ টা ফার্মাচিউটিকেল প্রতিষ্ঠানৰ অনুজ্ঞাপত্র বাতিল কৰিছে। ইয়াৰ সমান্তৰালভাৱে অনুজ্ঞাপত্র বাতিল হৈছে সোতৰটাকৈ ঔষধ পৰীক্ষণ লেবৰেটৰীৰ। ইতিমধ্যে এই লেবৰেটৰীসমূহ বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছে। 
 
বিশ্ব স্বাস্থ্য সংস্থাৰ যাৱতীয় বিধি উলংঘনৰ অভিযোগতে ফার্মাচিউটিকেল প্রতিষ্ঠান আৰু লেবৰেটৰীসমূহৰ বিৰুদ্ধে চৰকাৰে এনে পদক্ষেপ গ্রহণ কৰিছে। 
 
উল্লেখ্য যে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্র্যালয়ে সুদীর্ঘ সময় ধৰি চলোৱা তদন্তত এই প্রতিষ্ঠান আৰু লেবৰেটৰীসমূহৰ গাফিলতি ধৰা পৰে। ইয়াৰ পিচতে এনে প্রতিষ্ঠানৰ অনুজ্ঞাপত্র বাতিলৰ সিদ্ধান্ত গ্রহণ কৰে কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রালয়ে।