নিপাহ ভাইৰাছ আক্ৰান্ত ৰোগীৰ চিকিৎসাৰ বাবে অষ্ট্ৰেলীয়াৰ পৰা এণ্টিবডি ক্ৰয় কৰিব ভাৰতে

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
নতুন দিল্লী
 
শুকুৰবাৰে কেৰালাৰ কোঝিকোডত আন এজন ব্যক্তিৰ শৰীৰত নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ লগে লগে ৰাজ্য চৰকাৰে জিলাখনৰ শিক্ষানুষ্ঠানসমূহ ২৪ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰিছে। ভাৰতত আক্ৰান্তসকলৰ চিকিৎসাৰ বাবে অষ্ট্ৰলীয়াৰ পৰা ২০টা এন্টিবডি ক্ৰয় কৰিবলৈ সাজু হৈছে বুলি ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চে (আইচিএমআৰ) জানিবলৈ দিছে।   
 
শুকুৰবাৰে কেৰালাৰ কোঝিকোড জিলাত ৩৯ বছৰীয়া এজন ব্যক্তিৰ দেহত নিপাহ ভাইৰাছৰ উপস্থিতি ধৰা পৰাৰ পিছতে মুঠ আক্ৰান্তৰ সংখ্যা ৬ জনলৈ বৃদ্ধি পায়। বুধবাৰে কেৰালাৰ পঞ্চমটো নিপাহ ভাইৰাছত আক্ৰান্ত হৈছে এগৰাকী ২৪ বছৰীয়া স্বাস্থ্যকৰ্মী।
 
কেৰালাৰ নিপা ভাইৰাছৰ প্ৰজাতিটো হৈছে মানুহৰ পৰা মানুহলৈ ইয়াৰ সংক্ৰমণ হৈছে। ভেকচিন নথকা এই ভাইৰাছ সংক্ৰমিত বাদুলি, গাহৰি বা মানুহৰ শৰীৰৰ তৰল পদাৰ্থৰ সংস্পৰ্শৰ দ্বাৰা বিয়পে আৰু আক্ৰান্তসকলৰ মাজত ইয়াৰ মৃত্যুৰ হাৰ ৭৫% পৰ্যন্ত। 
 
ৰাজ্যত চতুৰ্থবাৰৰ বাবে এই ভাইৰাছৰ সংক্ৰমণ নিশ্চিত হৈছে। ২০১৮ আৰু ২০২১ চনত কোজিকোডত আৰু ২০১৯ চনত এৰ্নাকুলামত ধৰা পৰিছিল। 
 
শুকুৰবাৰে কেৰালা উচ্চ ন্যায়ালয়ে কোজিকোড জিলাত নিপাহৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি মাহেকীয়া পূজাৰ বাবে মুকলি হ’লে সবৰীমালালৈ তীৰ্থযাত্ৰাৰ বাবে প্ৰয়োজন হ’লে নিৰ্দেশনা জাৰি কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ দিছে। 
 
কেৰালা চৰকাৰে শুকুৰবাৰে ঘোষণা কৰে যে কেৰালাৰ কোঝিকোড জিলাৰ সকলো শিক্ষানুষ্ঠান অহা দেওবাৰলৈকে এসপ্তাহৰ বাবে বন্ধ থাকিব। এই বন্ধৰ নিৰ্দেশ জিলাখনৰ বিদ্যালয়, পেছাদাৰী মহাবিদ্যালয়, টিউচন চেণ্টাৰ আৰু অন্যান্য শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব। ইয়াৰ পূৰ্বে চৰকাৰে ১৬ ছেপ্টেম্বৰলৈ বন্ধ ঘোষণা কৰিছিল।   
 
বৰ্তমান নিশ্চিত নিপাহ ৰোগীৰ যোগাযোগ তালিকাত ১০৮০ জন লোক অন্তৰ্ভুক্ত। আজি ১৩০ জন নতুনকৈ সংযোজন কৰা হৈছে। ইয়াৰে ৩২৭জন স্বাস্থ্যকৰ্মী। কোজিকোডেৰ উপৰিও যোগাযোগ তালিকাত থকা ২৯ জন লোক চুবুৰীয়া জিলাৰ, মালাপ্পুৰমত ২২ জন, কান্নুৰ আৰু থ্ৰিছুৰত তিনিজনকৈ আৰু ৱায়ানাডত এজন। উচ্চ বিপদজনক শ্ৰেণীত ১৭৫ জন সাধাৰণ লোক আৰু ১২২ জন স্বাস্থ্যসেৱা কৰ্মী। স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে জনাইছে যে যোগাযোগৰ তালিকাত থকা লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। 
 
চলিত সপ্তাহৰ আৰম্ভণিতে কেৰালাই কোঝিকোডত ৭খন গাঁৱক কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰা হৈছে। কাৰণ ৰাজ্যখনত মগজুৰ ক্ষতিকাৰক নিপাহ ভাইৰাছৰ ফলত দুজন লোকৰ মৃত্যু হৈছিল। কোঝিকোডৰ এখন ব্যক্তিগত চিকিৎসালয়ত এই দুজনৰ মৃত্যু। চিকিৎসাধীন চাৰিজন লোক দ্বিতীয় মৃত ব্যক্তিজনৰ আত্মীয়। তেওঁলোকৰ নমুনা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছিল। ৯ বছৰীয়া শিশু আৰু ২৪ বছৰীয়া আত্মীয়কে ধৰি দুজনৰ দেহত পজিটিভ পোৱা গৈছে। মৃতকৰ ৯ বছৰীয়া শিশুটি ব্যক্তিগত চিকিৎসালয়ত ভেন্টিলেচনত আছে।