হাওঁফাওঁৰ কাৰ্য্যক্ষমতাৰ সমস্যাত ভোগিছে ক'ভিডৰ পৰা আৰোগ্য লাভ কৰা ভাৰতীয়সকল

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
নতুন দিল্লী
 
ক'ভিডৰ পৰা আৰোগ্য লাভ কৰা ভাৰতীয়সকলে ইউৰোপ আৰু চীনাতকৈ অধিক হাওঁফাওঁৰ কাৰ্য্যক্ষমতাৰ সমস্যাত ভোগা বুলি এক অধ্যয়নত প্ৰকাশ পাইছে। 
 
কিছুমান ক্ষেত্ৰত এই লক্ষণসমূহ কমিবলৈ দীৰ্ঘদিনীয়া আৰ্থাৎএবছৰ সময় লাগিব পাৰে আনহাতে বাকীসকলে গোটেই জীৱন ক্ষতিগ্ৰস্ত হাওঁফাওঁৰ সৈতে জীয়াই থাকিবলগীয়া হ’ব পাৰে। 
 
ভাৰতীয়সকলৰ হাঁওফাঁওৰ কাৰ্যপ্ৰণালী আৰু জীৱনৰ মানদণ্ডৰ ওপৰত ক'ভিড-১৯ৰ  প্ৰভাৱৰ ওপৰত খ্ৰীষ্টান মেডিকেল কলেজ ভেলোৰৰ এক অধ্যয়নত এই  তথ্য প্ৰকাশ কৰা হৈছিল।  
 
অধ্যয়নটোত উল্লেখ কৰা হৈছে যে আমাৰ ভাৰতীয় ৰোগীসকলৰ দলৰ অধিক কোমৰ্বিডিটি আছিল আৰু ইউৰোপীয় আৰু চীনা ৰোগীৰ তুলনাত হাঁওফাঁওৰ কাৰ্যক্ষমতা অধিক ক্ষতিগ্ৰস্ত হৈছিল।
 
চিএমচিয়ে এই অধ্যয়নটোক ভাৰতীয়সকলৰ ওপৰত এনেধৰণৰ প্ৰথম প্ৰতিবেদন হিচাপে গণ্য কৰিছিল।