কৰিমুলে নিজৰ সামান্য উপাৰ্জন আৰু টিপছৰ পৰা কিছু টকা জমা কৰি মটৰ চাইকেল এখন ক্ৰয় কৰিবলৈ ঋণ লৈছিল। এই মটৰ চাইকেলখন পিছলৈ ‘বাইক এম্বুলেন্স’লৈ পৰিণত কৰিছিল। ১৯৯৮ চনত তেওঁ নিজৰ গাঁৱৰ লগতে ইয়াৰ আশে-পাশে থকা ২০খনতকৈও অধিক গাঁৱৰ চিকিৎসালয়লৈ ৰোগী আৰু আহতলোকক কঢ়িয়াই নিয়াৰ সেৱা আৰম্ভ কৰিছিল।
তেওঁৰ গাঁৱৰ এই অঞ্চলবোৰৰ ৰাস্তা-ঘাট ভাঙি গৈছিল, বিজুলী নাছিল আৰু ওচৰৰ চিকিৎসালয়খন প্ৰায় ৪৫ কিলোমিটাৰ দূৰত আছিল। এনে পৰিস্থিতিত কৰিমুলৰ বাইকখনে ৰাইজৰ বাবে একমাত্ৰ জীৱনৰেখা হৈ পৰিছিল। তেওঁ দিনে নিশাই অক্লান্তভাৱে কাম কৰিছিল আৰু যিকোনো জৰুৰীকালীন অৱস্থাত মানুহক সহায় কৰিবলৈ প্ৰস্তুত আছিল। লাহে লাহে মানুহে তেওঁক মৰমেৰে "এম্বুলেন্স দাদা" বুলি মাতিবলৈ আৰম্ভ কৰিছিল।
কৰিমুলে কেতিয়াও কাৰো পৰা এটকাও লোৱা নাছিল। তেওঁ উপাৰ্জন কৰা সকলোখিনি পেট্ৰ’ল, ঔষধ, প্ৰাথমিক চিকিৎসাৰ কিটত খৰচ কৰিছিল। ২০২০ চনলৈকে তেওঁ নিজৰ মটৰ চাইকেল এম্বুলেন্সত ৫৫০০ৰো অধিক লোকক চিকিৎসালয়লৈ লৈ গৈছিল। আজিও তেওঁ মালবজাৰৰ চাহ বাগিচা এখনত কাম কৰি মাহে প্ৰায় ৫ হাজাৰ টকা উপাৰ্জন কৰে, যদিও সেই সকলো টকা নিজৰ সেৱাৰ নামত উচৰ্গা কৰি আহিছে।
'এম্বুলেন্স দাদা' কৰিমুলে এজন ৰোগীক বাইকেৰে চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্য
কেৱল ৰোগী পৰিবহণতে থমকি ৰোৱা নাছিল কৰিমুলে। তেওঁ স্থানীয় চিকিৎসকৰ লগত প্ৰশিক্ষণ লৈ গাঁওবাসীক প্ৰাথমিক চিকিৎসা শিকোৱাৰ উদ্যোগ লৈছিল। তেওঁ সময়ে সময়ে স্বাস্থ্য শিবিৰৰ আয়োজন কৰি আহিছে, যাতে মানুহে সৰু সৰু ৰোগৰ বাবেও উপযুক্ত যত্ন ল’ব পাৰে। কৰিমুলৰ সেৱাই তেওঁক সমাজত এগৰাকী আদৰ্শ ব্যক্তি হিচাপে গঢ়ি তুলিছে। সামান্য উপাৰ্জনৰ সহায়ত তেওঁ নিজৰ গাঁৱত "আশা কি কিৰণ" নামৰ এটা সৰু স্বাস্থ্য কেন্দ্ৰ আৰম্ভ কৰিছিল, য'ত দৰিদ্ৰ লোকসকলক প্ৰাথমিক চিকিৎসা সেৱা আগবঢ়োৱা হৈছিল।
চিকিৎসাৰ অভাৱত পূৰ্বতে মানুহৰ মৃত্যু হোৱা অঞ্চলটোৰ বাবে তেওঁৰ এই কেন্দ্ৰটো এক আশীৰ্বাদ হিচাপে প্ৰমাণিত হৈছে। ২০২০ চনত ক'ভিড-১৯ মহামাৰীৰ সময়ত সমগ্ৰ দেশত লকডাউন হৈ থকাৰ সময়তো কৰিমুল সংকল্পবদ্ধ হৈ আছিল। তেওঁ দৰিদ্ৰ আৰু প্ৰব্ৰজিত শ্ৰমিকসকলক খাদ্য, বস্ত্ৰ, অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিছিল। তেওঁ প্ৰমাণ কৰিছে যে, কোনো ধৰণৰ সেৱা সৰু নহয়, মাত্ৰ উদ্দেশ্যটো সঁচা হ’ব লাগিব।
কৰিমুল হকৰ নিস্বাৰ্থ সেৱাক ভাৰত চৰকাৰে স্বীকৃতি প্ৰদান কৰিছে, আৰু ২০১৭ চনত তেওঁক দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰিছে। সেইদিনাৰ পৰাই তেওঁ কেৱল নিজৰ গাঁৱৰ বাবেই নহয়, সমগ্ৰ ৰাষ্ট্ৰৰ বাবেও এক প্ৰেৰণাৰ উৎস হৈ পৰিছিল।
২০২১ চনৰ ১ জানুৱাৰীত তেওঁ অভিনেতা চনু ছুদৰ সৈতে টিভি শ্ব’ কৌন বনেগা কৰোৰপতিত অংশগ্ৰহণ কৰিছিল। য’ত তেওঁৰ কাহিনীয়ে সমগ্ৰ দেশবাসীক আপ্লুত কৰিছিল। সেই বছৰতে সাংবাদিক তথা সামাজিক উদ্যোগী বিশ্বজিৎ ঝাৰদ্বাৰা লিখা আৰু পেংগুইন ৰেণ্ডম হাউচ ইণ্ডিয়াই প্ৰকাশ কৰা "বাইক এম্বুলেন্স দাদা" নামৰ এখন গ্ৰন্থ তেওঁৰ জীৱন যাত্ৰাৰ আধাৰত প্ৰকাশ পাইছিল।
'এম্বুলেন্স দাদা'ই বাইক এম্বুলেন্সত এজন ৰোগীক চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্য
কৰিমুলৰ পৰিয়ালে আজিও সহজ-সৰল জীৱন অতিবাহিত কৰি আহিছে। তেওঁৰ পত্নী অঞ্জুয়া বেগম, দুজন পুত্ৰ ৰাজু আৰু আহাচানুল আৰু দুগৰাকী বিবাহিত কন্যা আছে। তেওঁৰ দুয়োগৰাকী পুত্ৰই পাণ দোকান আৰু সৰু মোবাইল মেৰামতিৰ ব্যৱসায় চলায়। পৰিয়ালটোৰ সামান্য উপাৰ্জনৰ অধিকাংশই ইন্ধন আৰু ঔষধৰ নামত ব্যয় হয়। তথাপিও কৰিমুলে কয়, "যদি মই কাৰোবাৰ জীৱন ৰক্ষা কৰিব পাৰো, তেন্তে সেইটোৱেই মোৰ আটাইতকৈ ডাঙৰ উপাৰ্জন।"
তেওঁৰ কাহিনীয়ে আমাক শিকাইছে যে, পৰিৱৰ্তন আনিবলৈ বহুত মূলধনৰ প্ৰয়োজন নহয়, কেৱল মাত্ৰ বহল হৃদয়ৰ প্ৰয়োজন। তেওঁ দেখুৱাইছে যে, এজন ব্যক্তিয়েও সমগ্ৰ সমাজৰ মানসিকতা সলনি কৰিব পাৰে। আজি তেওঁৰ কৰ্মৰ পৰা অনুপ্ৰাণিত হৈ কেইবাখনো ৰাজ্যত বাইক এম্বুলেন্স সেৱা আৰম্ভ হৈছে। কৰিমুলৰ অভিযান কেৱল ৰোগীক চিকিৎসালয়লৈ অনাই নহয়, যিমানেই দূৰৈৰ বা দুখীয়া নহওঁক কিয়, সকলোৱে স্বাস্থ্যসেৱাৰ সুবিধা লাভ কৰাটোও নিশ্চিত কৰা।
কৰিমুল হকৰ কাহিনী কেৱল পশ্চিমবংগৰে নহয়, ই সমগ্ৰ ভাৰতবৰ্ষৰ কথা। যিটো কাহিনীয়ে আমাক সোঁৱৰাই দিয়ে যে, মানৱতা এতিয়াও জীয়াই আছে। তেওঁ এৰি থৈ যোৱা উত্তৰাধিকাৰে ভৱিষ্যত প্ৰজন্মক শিকাইছে যে, যেতিয়া হৃদয়ত মমতা থাকে তেতিয়া একোৱেই অসম্ভৱ নহয়।
কৰিমুলে আজিও নিজৰ গাঁৱত একে সৰলতাৰেই বাস কৰে। কেৱল মাত্ৰ এটা প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে, যি হৈছে "মই এম্বুলেন্সৰ অভাৱত কাৰো মৃত্যু হ'বলৈ নিদিওঁ।" এই কথাই তেওঁক ভাৰতৰ প্ৰকৃত 'এম্বুলেন্স দাদা' হিচাপে পৰিগণিত কৰিছে। আৰু তেওঁৰ এই কাহিনীটোৱে আমাক বিশ্বাস কৰাই দিয়ে যে, এজন ব্যক্তিয়েও সমাজলৈ এক নতুন আশাৰ ৰেঙনি কঢ়িয়াই আনিব পাৰে।