ভাৰতত ৫,৬৬৪ জন নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত, ৩৫ জনৰ মৃত্যু

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
নতুন দিল্লী
 
ভাৰতত দেওবাৰে যোৱা ২৪ ঘণ্টাত নতুনকৈ ৫৬৬৪ জন লোক ক’ভিড-১৯ত আক্ৰান্ত হৈছে বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰিছে।
 
একে সময়ছোৱাতে দেশত আৰু ৩৫ জন ক’ভিড-১৯ আক্ৰান্ত লোকৰ মৃত্যু হৈছে৷ ইয়াৰ লগে লগে দেশত ক’ভিড-১৯ৰ ফলত মৃত্যু হোৱা মুঠ লোকৰ সংখ্যা হৈছে ৫,২৮,৩৩৭ জন৷
ইফালে, দেশৰ সক্ৰিয় ৰোগীৰ সংখ্যা কিছু পৰিমাণে বৃদ্ধি পাই ৪৭,৯২২ জনলৈ বৃদ্ধি পাইছে। ০.১১ শতাংশ হৈছে দেশৰ মুঠ পজিটিভ ৰোগীৰ সংখ্যা।
যোৱা ২৪ ঘণ্টাত ৪৫৫৫ গৰাকী ৰোগী সুস্থ হৈ উঠিছে। ফলস্বৰূপে ভাৰতৰ আৰোগ্যৰ হাৰ ৯৮.৭১ শতাংশ হৈ পৰে।
 
ইফালে, ভাৰতত দৈনিক পজিটিভিটিৰ হাৰ ১.৯৬ শতাংশ হোৱাৰ বিপৰীতে দেশত সাপ্তাহিক পজিটিভিটিৰ হাৰও বৰ্তমান ১.৭৯ শতাংশ।
 
লগতে একে সময়ছোৱাতে সমগ্ৰ দেশতে মুঠ ২,৮৯,২২৮টা পৰীক্ষা সম্পন্ন কৰা হয়, যাৰ ফলত সামগ্ৰিকভাৱে ৮৯.১৫ কোটিৰো অধিক পৰীক্ষা কৰা হয়।
 
দেওবাৰৰ পুৱালৈকে ভাৰতে ২১৬.৫৬ কোটিৰো অধিক লোকক কোভিড-১৯ ভেকচিন প্ৰদান কৰিছে।