অসমত বছৰি ৫০ হেজাৰ নতুন কৰ্কট ৰোগী চিনাক্ত

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
গুৱাহাটী

ৰাজ্যত ভয়াৱহ ৰূপ ধাৰণ কৰিছে কৰ্কট ৰোগে। বছৰি ৫০ হেজাৰ নতুন কৰ্কট ৰোগী চিনাক্ত হৈছে অসমত। বিধানসভাত এই তথ্য প্রদান কৰিছে স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই। কর্কট ৰোগৰ ভয়াৱহতা সন্দর্ভত বিধায়ক জয়ন্ত বসুমতাৰী আৰু জাকিৰ হুছেইন শিকদাৰৰ প্রশ্নৰ উত্তৰ দিবলৈ গৈ ৰাজ্যৰ স্বাস্থ্য মন্ত্রীয়ে মাৰাত্মক ৰোগবিধৰ ভয়াৱহতাৰ কথা স্বীকাৰ কৰে। 

স্বাস্থ্য মন্ত্রীয়ে তথ্য দাঙি ধৰে যে দৰং, কামৰূপ আৰু চিৰাং জিলাত কৰ্কট ৰোগীৰ সংখ্যা অধিক। মুখ, স্তন আৰু ছার্ভিকেল কৰ্কট ৰোগে ৰাজ্যত চিন্তাৰ কাৰক হৈ পৰিছে। স্বাস্থ্য বিভাগৰ সমীক্ষাৰ ভিত্তিত তথ্য দাঙি ধৰি তেওঁ কয় যে ৭০ শতাংশ লোকৰ ৰোগ পলমকৈ চিনাক্ত হোৱা বাবে সম্পূৰ্ণৰূপে প্রশমনৰ পথ ৰুদ্ধ হৈ পৰে। অৱশ্যে সময়মতে যাতে ৰোগবিধৰ চিনাক্ত হয়, তাৰ বাবে এন এইচ এমৰ সহযোগত ৰাজ্যৰ স্বাস্থ্য বিভাগে চেষ্টা অব্যাহত ৰাখিছে। বিশেষকৈ স্বাস্থ্য বিভাগে ৰাজ্যজুৰি কৰ্কট ৰোগ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। 

এন এইচ এমে তিনি বছৰত এক কোটি লোকৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰিছে বুলি তথ্য দাঙি ধৰি স্বাস্থ্য মন্ত্রীয়ে কয় যে দীপশিখাকে ধৰি কেইবাটাও এন জি অ'ৱে ৰাইজৰ মাজত সজাগতামূলক কার্যসূচী অব্যাহত ৰাখিছে। আনহাতে বি বৰুৱা কর্কট প্রতিষ্ঠানে কামৰূপ জিলাত এক লাখ লোকৰ পৰীক্ষা কৰিবলৈ লক্ষ্য নির্ধাৰণ কৰিছে। এতিয়ালৈকে ৪০ হেজাৰ লোকৰ পৰীক্ষা সম্পন্ন হৈছে। 

কৰ্কটৰ স'তে যুঁজ দিবলৈ ৰাজ্য চৰকাৰে সকলোধৰণৰ প্ৰত্যাহ্বান নেওচিবলৈ সাজু বুলি উল্লেখ কৰি কেশৱ মহন্তই কয় যে অহা ডেৰ বছৰৰ ভিতৰত ৰাজ্যত মুঠ ১৭ খন কর্কট ৰোগৰ হাস্পতালৰ সেৱা লাভ কৰিব ৰাজ্যবাসীয়ে। নির্মীয়মাণ কেন্সাৰ হাস্পতালসমূহৰ কাম এই ডেৰ বছৰত সম্পন্ন হ'ব। 

হেজাৰ হেজাৰ লোক কৰ্কটৰ চিকিৎসাৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছে বুলি উত্থাপিত অভিযোগক স্বাস্থ্য মন্ত্রীয়ে অগ্রাহ্য কৰে। তেওঁৰ মতে একাংশ লোকে বহিঃৰাজ্যলৈ কৰ্কটৰ চিকিৎসাৰ বাবে যায় যদিও পৰীক্ষা-নিৰীক্ষা হোৱাৰ পিচত তেওঁলোকক পুনৰ অসমলৈ ওভতাই পঠায়। কাৰণ টাটা মেম'ৰিয়েলকে ধৰি অন্যান্য চিকিৎসালয়সমূহে জানে যে, অসমত কৰ্কটৰ পর্যাপ্ত চিকিৎসা সেৱাৰ সুবিধা উপলব্ধ। 

ইপিনে কৰ্কটৰ ভয়াবহতা সন্দর্ভত প্রশ্ন উত্থাপন কৰা বিধায়ক জয়ন্ত বসুমতাৰীয়ে তথ্য দাঙি ধৰে যে চিদলীৰ ৮ খন গাঁৱত ১০ বছৰত ৩৭ গৰাকী লোক কর্কটত আক্রান্ত হৈছে। ইয়াৰে ৩১ গৰাকী মৃত্যুমুখত পৰিছে। তিনিগৰাকী লোক সুস্থ হৈ উঠাৰ বিপৰীতে তিনিগৰাকীৰ চিকিৎসা চলি আছে।