২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ক'ভিডত আক্ৰান্ত ৭৩ গৰাকী

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
ৰাজ্যত পুনৰ বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ। যোৱা ২৪ ঘণ্টাত ৭৩ গৰাকী নতুনকৈ কৰোনাত আক্ৰান্ত হৈছে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি বুধবাৰে গুৱাহাটী মহানগৰীত সৰ্বাধিক ৫৭ গৰাকীৰ দেহত ক'ভিড পজিটিভ ধৰা পৰিছে। 
 
তদুপৰি বুধবাৰৰ দিনটোত কামৰূপত ৯ গৰাকী আৰু গোৱালপাৰা জিলাত দুগৰাকী কোৰোনাত আক্ৰান্ত হৈছে। স্বাস্থ্য বিভাগে  ৰাজ্যৰ ৯৫৪ গৰাকীৰ ক’ভিড পৰীক্ষা কৰিছে আৰু ইয়াৰ পজিটিভিটিৰ হাৰ ৭.৬৫। 
 
ইফালে আজি ৪০ গৰাকীয়ে কভিডমুক্ত হৈ হাস্পতালৰ পৰা যাবলৈ সক্ষম হয়। অবশ্যে এতিয়াও ৰাজ্যত ৩৯৫ গৰাকীয়ে কৰোনাৰ বিৰুদ্ধে যুঁজ দি আছে।