কেৰালাত নিপাহ ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৫ লৈ বৃদ্ধি

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
কোঝিকোড
 
বুধবাৰে ৰাজ্যখনৰ কোঝিকোড জিলাত নিপাহ ভাইৰাছত নতুনকৈ আক্ৰান্ত হৈ মুঠ আক্ৰান্তৰ সংখ্যা পাঁচজনলৈ বৃদ্ধি পাইছে বুলি কেৰালাৰ স্বাস্থ্যমন্ত্ৰী বীনা জৰ্জে নিশ্চিত কৰিছে। 
 
ব্যক্তিগত চিকিৎসালয়ৰ এগৰাকী ২৪ বছৰীয়া স্বাস্থ্যকৰ্মী নিপাহ ভাইৰাছত আক্ৰান্ত হোৱা বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। মন্ত্ৰী বীনা জৰ্জৰ মতে, স্বাস্থ্যকৰ্মীগৰাকীৰ যোগাযোগৰ তালিকাত কমেও ৭০৬জন লোক আছিল। ইয়াৰে ১৫৩জন স্বাস্থ্যকৰ্মী আৰু ৭৭জন লোক উচ্চ বিপদজনক শ্ৰেণীত অন্তৰ্ভুক্ত। 
 
তদুপৰি, মূৰৰ বিষৰ দৰে মৃদু লক্ষণ থকা ১৩ জন লোকক চিকিৎসালয়ত পৰ্যবেক্ষণৰ অধীনত ৰখা হৈছে। সবিশেষ তথ্য অনুসৰি বুধবাৰে পুৱালৈকে তিনিজন লোক ইনটেনচিভ কেয়াৰ ইউনিট (আই চি ইউ)ত আছিল, যদিও বৰ্তমান আই চি ইউত আছে মাত্ৰ এজন ৯ বছৰীয়া শিশু।
 
বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ তথ্য অনুসৰি নিপাহ ভাইৰাছৰ সংক্ৰমণ হৈছে জীৱ-জন্তুৰ পৰা মানুহলৈ সংক্ৰমিত হোৱা এটা জুনোটিক ৰোগ আৰু দূষিত খাদ্যৰ জৰিয়তেও বা পোনপটীয়াকৈ ব্যক্তিৰ পৰা ব্যক্তিলৈ সংক্ৰমিত হ’ব পাৰে। 
 
আক্ৰান্ত লোকৰ মাজত ই লক্ষণবিহীন (চাবক্লিনিকেল) সংক্ৰমণৰ পৰা আৰম্ভ কৰি তীব্ৰ শ্বাস-প্ৰশ্বাসজনিত ৰোগ আৰু মাৰাত্মক এনকেফেলাইটিছলৈকে বিভিন্ন ধৰণৰ ৰোগৰ সৃষ্টি কৰে। এই ভাইৰাছে গাহৰিৰ দৰে জীৱ-জন্তুৰ ক্ষেত্ৰতো ভয়াৱহ ৰোগ সৃষ্টি কৰিব পাৰে, যাৰ ফলত কৃষকৰ বাবে যথেষ্ট অৰ্থনৈতিক ক্ষতি হ’ব পাৰে বুলি বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰিছে। 
 
কেৰালা চৰকাৰে জিলাব্যাপী স্বাস্থ্য সতৰ্কবাণী জাৰি কৰাৰ লগতে কোজিকোডত নিপাহ ভাইৰাছ সংক্ৰমণৰ বাবে দুজন লোকৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ পোৱাৰ পিছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে মানুহক মাস্ক ব্যৱহাৰ কৰিবলৈ পৰামৰ্শৰ সৈতে নিয়ন্ত্ৰণ কক্ষও সৃষ্টি কৰে।
 
মঙলবাৰে স্বাস্থ্য বিভাগে চোৱাচিতা, নমুনা পৰীক্ষা আৰু গৱেষণা ব্যৱস্থাপনা, কন্টাক্ট ট্ৰেচিং, ৰোগী পৰিবহণ ব্যৱস্থাপনা আদিৰ বাবে ১৬খন মূল সমিতিও গঠন কৰিছে।