গুৱাহাটী
অসমৰ শিশুসকলৰ সন্দৰ্ভত শেহতীয়াকৈ কেন্দ্রীয় মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ে এক তথ্য প্ৰকাশ কৰিছে। মহিলা আৰু শিশু কল্যাণ মন্ত্র্যালয়ে ৰাজ্যসভাত দাখিল কৰা তথ্যত প্রকাশ পোৱা অনুসৰি সাম্প্ৰতিক সময়ত ০-৫ বছৰ বয়সৰ অসমৰ ৪২.৯৪ শতাংশ শিশু আক্রান্ত পুষ্টিহীনতা ভুগিছে।
তৃণমূল কংগ্ৰেছৰ সাংসদ সাকেট গোখলেই সোধা এক লিখিত প্রশ্নৰ উত্তৰত মহিলা আৰু শিশু কল্যাণ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী সাবিত্রী ঠাকুৰে সদৰী কৰামতে, পুষ্টিহীনতাত ভোগা শিশুৰ ক্ষেত্ৰত অসমৰ স্থান হ'ল দেশৰ ভিতৰতে চতুর্থ।
মহিলা আৰু শিশু কল্যাণ মন্ত্র্যালয়ৰ তথ্য মতে পুষ্টিহীনতাত ভোগা শিশুৰ ক্ষেত্ৰত (০-৫ বছৰ বয়সৰ) দেশৰ ভিতৰতে প্রথম স্থানত আছে উত্তৰ প্রদেশ। উত্তৰ প্রদেশৰ ৪৮.৮৩ শতাংশ শিশু অপুষ্টিত ভূগিছে। উত্তৰ প্ৰদেশৰ পিচতে লাক্ষাদ্বীপৰ ৪৪.৮৩ শতাংশ আৰু ঝাৰখণ্ডৰ ৪৩.২৬ শতাংশ শিশু পুষ্টিহীনতাত ভুগিছে।
তাৰ পিচতে আছে অসমৰ নাম। অসমৰ ৪২.৯৪ শতাংশ শিশু (০-৫ বছৰ বয়সৰ) ভুগি আছে পুষ্টিহীনতাত। অর্থাৎ দেশৰ ৩৬ খন ৰাজ্য তথা কেন্দ্রীয়শাসিত অঞ্চলৰ ভিতৰত পুষ্টিহীনতাত ভোগা শিশুৰ হাৰৰ ক্ষেত্ৰত অসমৰ স্থান হ'ল চতুর্থ। আনহাতে পুষ্টিহীনতাত ভোগা শিশুৰ ৰাষ্ট্রীয় হাৰ হ'ল ৩৭.০৭ শতাংশ।
অকল এয়াই নহয়, অসমত ০-৫ বছৰ বয়সৰ প্ৰতি এহেজাৰ শিশুৰ ভিতৰত মৃত্যুমুখত পৰে ৩৫টি শিশু। পর্যাপ্ত স্বাস্থ্যসশ্বাৰ অভাৱতে এই শিশুসকলে জীৱনকালৰ আৰম্ভণিতে পৃথিৱীৰ পৰা বিদায় ল'বলগীয়া হয়। শিশুৰ মৃত্যুৰ ক্ষেত্রত। অসমৰ স্থান দেশৰ ভিতৰতে পঞ্চম। মধ্যপ্রদেশ, উত্তৰ প্রদেশ, ছত্তীশগড়, ওড়িশাৰ পিচতে অসমৰ স্থান।
প্রতি এহেজাৰ শিশুৰ ভিতৰত মধ্যপ্রদেশৰ ৪৭টি, উত্তৰ প্ৰদেশৰ ৪২টি, ছত্তীশগড়ৰ ৪১টি আৰু ওড়িশাৰ ৩৭টি শিশু মৃত্যুমুখত পৰে। ০-৫ বছৰ বয়সৰ শিশুৰ মৃত্যুৰ ৰাষ্ট্ৰীয় হাৰ হ'ল ৩০। আনহাতে অসমত প্ৰতি এহেজাৰ নৱজাতকৰ (০-২৮ দিন বয়স) ভিতৰত মৃত্যু হয় ২২টিৰ। ইয়াৰ বিপৰীতে নৱজাতকৰ মৃত্যুৰ ৰাষ্ট্ৰীয় হাৰ হ'ল ১৯টি।