দুবিধ ঔষধি গুণসম্পন্ন উদ্ভিদৰ সংমিশ্রণেৰে মেদবহুলতা সমাধানৰ অভিনৱ প্ৰয়াস অসমৰ ৪ গৱেষকৰ

Story by  atv | Posted by  Munni Begum • 3 d ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
বহুল পৰিচিত দুবিধ ঔষধি গুণসম্পন্ন উদ্ভিদৰ পৰীক্ষিত সংমিশ্রণেৰে শৰীৰৰ মেদবহুলতা আৰু ইয়াৰ সৈতে জড়িত জটিলতাসমূহ সমাধান কৰিব পৰা এক উদ্ভিদজাত পথ্য প্রস্তুতকৰণেৰে ভাৰতীয় পেটেন্ট কাৰ্যালয়ৰ পৰা আনুষ্ঠানিকভাৱে পেটেণ্টৰ অনুমোদন লাভ কৰিছে অসমৰ চাৰিগৰাকী যুৱকে। 
 
যোৱা ২০ আগষ্টত এই গৱেষণা কৰ্মৰ বাবে পেটেণ্টৰ অনুমোদন লাভ কৰা গৱেষক চাৰিগৰাকী হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহঃ অধ্যাপক ড° মানস দাস, বিশ্ববিদ্যালয়খনৰ প্ৰাণীবিজ্ঞান বিভাগৰ পি এইচ ডি স্কলাৰ তথা মঙলদৈ কলেজৰ প্রাণীবিজ্ঞান বিভাগৰ সহঃ অধ্যাপক প্রীতিমণি দাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ জৈৱ প্রযুক্তি বিজ্ঞান বিভাগৰ সহঃ অধ্যাপক ড° প্রাঞ্জান বর্মন আৰু জালুকবাৰীৰ চৰকাৰী আয়ুর্বেদিক কলেজৰ সহঃ অধ্যাপক ড° নৱ কুমাৰ হাজৰিকা। 
 
এই গৱেষক চাৰিগৰাকীয়ে ২০২১ চনতে চিন্তাচর্চা আৰু গৱেষণা আৰম্ভ কৰি বিশদ পৰীক্ষা-নিৰীক্ষাৰ পিচত আছাম ছায়েন্স টেকন'লজি এণ্ড এনভাইৰনমেন্ট কাউন্সিল (এছটেক)ৰ সহায়ত ২০২৩ চনৰ ৩১ মাৰ্চত এই উদ্ভাৱনাৰ পেটেণ্টৰ বাবে আবেদন দাখিল কৰিছিল। তাৰ পিচত যোৱা ২০ আগষ্টত তেওঁলোকে লাভ কৰে আনুষ্ঠানিক অনুমোদন। 
 
উল্লেখ্য, ৫৬৯৯০৪ নম্বৰৰ এই পেটেন্টে বহুলভাৱে পৰিচিত উদ্ভিদ ফাইলেন্থাচ ইউৰিনেৰিয়া আৰু আধাটোডা ভেচিকা নিছৰদ্বাৰা এক অনন্য বনৌষধি সংমিশ্রণক সুৰক্ষা প্রদান কৰে। এই পৰীক্ষাত দুয়োবিধ উদ্ভিদৰ সমান অংশ মিহলাই পানী আৰু ইথানল মিশ্ৰণ ব্যৱহাৰ কৰি নিষ্কাশন প্রস্তুত কৰি গৱেষককেইগৰাকীয়ে এক নতুন চিকিৎসামূলক দ্রব প্রস্তুত কৰি উলিয়াইছিল। 
 
পোনপ্রথমে বগা নিগনিৰ ওপৰত পৰীক্ষাগাৰত কৰা এক পৰীক্ষাত শৰীৰৰ চৰ্বি হ্রাস, ট্রাইগ্নিচাৰইড আৰু এল ডি এলৰ দৰে ক্ষতিকাৰক কলেষ্টেৰলৰ মাত্রা কম হোৱা আৰু সামগ্রিকভাৱে ওজন হ্রাস আদি আশাব্যঞ্জক ফলাফল পোৱা গৈছে। উল্লেখযোগ্যভাৱে মেদবহুলতাৰ বিৰুদ্ধে যুঁজ দিয়াত এই উদ্ভিদসমূহৰ ব্যৱহাৰ কৰা এয়াই প্রথম বুলি দাবী কৰা হৈছে।
 
এই উদ্ভাৱন সন্দর্ভত এই গৱেষণা কৰ্মৰ অন্যতম হোতা ডঃ মানস দাসে জনোৱা মতে বহুল পৰিচিত ফাইলেন্থাছৰ বহুকেইটা প্রজাতি আছে যদিও ফাইলেন্থাছ ইউৰেনিয়াৰৰহে মেদবহুলতা আঁতৰ কৰাৰ গুণাগুণ আছে। অসমীয়াত ফাইলেন্থাছ ভূই আমলখি হিচাপে আৰু আধাটোডা বাহক তিতাৰূপে জনাজাত। ঔষধি গুণসম্পন্ন এই দুবিধ উদ্ভিদৰ সংমিশ্রণেৰে প্রস্তুত কৰা পথ্যৰে মেদবহুলতা আৰু আনুষংগিক জটিলতা নিৰাময়ৰ চিন্তাচর্চাৰে তেওঁলোকে ২০২১ চনত গৱেষণা প্রক্রিয়া আৰম্ভ কৰে। 
 
দলটোত থকা ডঃ নৱ কুমাৰ হাজৰিকাৰ অসমৰ ঔষধি বনস্পতিৰ ওপৰত থকা জ্ঞানে এইক্ষেত্রত বাৰুকৈয়ে সহায় কৰিছিল। ইয়াৰ আগতে কিন্তু এইক্ষেত্ৰত বিশদভাৱে অধ্যয়ন হোৱা নাছিল। পৰীক্ষাগাৰত বগা নিগনিৰ ওপৰত পৰীক্ষা কৰি এই উদ্ভিদজাত পথ্যই খুব ভাল ফলাফল দেখওৱাৰ পিচত তেওঁলোকে ইয়াক 'পেটেন্ট' কৰিবলৈ আগবাঢ়ে। গুৱাহাটী বিশ্ববিদ্যালয়ে তেওঁলোকৰ পেটেণ্টৰ আবেদন প্রথমে এছটেকলৈ পঠিয়াই দিয়ে। এছটেকৰ পেটেন্ট ইনফৰমেচন অফিচাৰে সকলো দিশ চালি-জাৰি চাই এই উদ্ভাৱনৰ পেটেন্ট হ'ব পৰাৰ সম্ভাৱনা আছে বুলি কয়। 
 
গতিকে ২০২৩ চনৰ ৩১ মার্চত তেওঁলোকে এছটেকৰ সহায়ত পেটেণ্টৰ বাবে আবেদন দাখিল কৰে আৰু যোৱা ২০ আগষ্টত অনুমোদন লাভ কৰে। এতিয়া এই পেটেন্টক আয়ুর্বেদিক ঔষধৰূপে বজাৰত মুকলি কৰাৰ বাবে থকা সম্ভাৱনাৰ কথাও সদৰী কৰি ড° মানস দাসে কয়, "আমাৰ লগত যিখিনি ডাটা আছে সেয়া হৈছে প্রি-মেডিকেল ডাটা। ইয়াক আমি আয়ুস 'ম'ড'ত বজাৰলৈ আনিবলৈ হ'লে চিকিৎসকৰ সহায়ত মানৱ শৰীৰৰ ওপৰত প্রণালীবদ্ধভাৱে পৰীক্ষা কৰিব লাগিব। ইয়াৰ কোনো পার্শ্বক্রিয়া যে নাই সেই তথ্যও আমাৰ লগত আছে। গতিকে প্রণালীবদ্ধ পৰীক্ষাৰ দ্বাৰা ভাল ফলাফল আহিলে আমি শীঘ্রে ইয়াক বজাৰত মুকলি কৰিব পাৰিম।"
 
ইফালে শিক্ষা মন্ত্রী ডাঃ ৰণোজ পেগুৱে নিজৰ টুইটাৰৰ জৰিয়তে গৱেষণাকাৰী দলটোক অভিনন্দন জনাইছে। শিক্ষা মন্ত্রীয়ে কয়, "এই কৃতিত্বই শৈক্ষিক গৱেষণাৰ পথক প্রশস্ত কৰিব। মই সকলো উচ্চ শিক্ষানুষ্ঠানকে জ্ঞানক সমাজৰ সমাধানলৈ ৰূপান্তৰিত কৰা এনে উদ্ভাৱনক উৎসাহিত কৰিবলৈ আহ্বান জনাইছো।" 
 
গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচার্য অধ্যাপক ননীগোপাল মহন্তই দলটোৰ সফলতাত নিজৰ মন্তব্য প্রদান কৰি কয়, "এই পেটেন্টে পৰম্পৰাগত জ্ঞানক ব্যৱহাৰিক স্বাস্থ্যক্ষেত্রলৈ ৰূপান্তৰিত কৰাৰ দিশত এক নতুন দিগন্তৰ সূচনা কৰিব। এই সাফল্য আমাৰ ছাত্র-ছাত্রী আৰু গৱেষকসকলৰ বাবে এক প্ৰেৰণাদায়ক আদর্শ।"