গুৱাহাটী
চিকিৎসা বিজ্ঞান পাঠ্যক্ৰমৰ সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষা 'নীট'ৰ ফলাফলকেন্দ্ৰিক বিতৰ্কৰ মাজতেই ৰাজ্যত কাইলৈৰ পৰা আৰম্ভ হ'ব এম বি বি এছৰ নামভর্তি প্রক্রিয়া। কাইলৈৰ পৰা ২৯ আগষ্টলৈ চলিব নামভৰ্তিৰ কাউন্সেলিং। চিকিৎসা শিক্ষা সঞ্চালক ডাঃ অনুপ কুমাৰ বৰ্মনে আজি ঘোষণা কৰে এই কথা। অহা ৫ ছেপ্টেম্বৰত মহাবিদ্যালয়ে মহাবিদ্যালয়ে অনুষ্ঠিত হ'ব নামভর্তি।
ইপিনে চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে এইবাৰ বিশেষ সুবিধাৰ ব্যৱস্থা কৰা হৈছে। ছেবা আৰু উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনত উত্তীৰ্ণ চৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীসকললৈ এইবাৰ প্ৰথমবাৰৰ বাবে ৫ শতাংশ আসন সংৰক্ষণ কৰা হৈছে। সপ্তম শ্ৰেণীৰ পৰা দ্বাদশলৈ ৰাজহুৱা খণ্ডৰ মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা শিক্ষার্থীয়ে এই বিশেষ সুবিধা লাভ কৰিব। সংবাদ মাধ্যমক ডাঃ বর্মনে আজি জনায় যে অসমৰ বাবে থকা মুঠ আসনৰ পৰা এই ৫ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব। এই হিচাপত ৬৭ খন আসন মাতৃভাষা মাধ্যমৰ শিক্ষাৰ্থীৰ বাবে সংৰক্ষণ হ'ব। তেওঁৰ মতে এই সংৰক্ষণৰ বাবে ১৫৪ গৰাকী ছাত্র-ছাত্রীয়ে আবেদন কৰিছিল।
তাৰ ভিতৰত মুঠ ১৪৭ গৰাকী যোগ্যৰূপে বিবেচিত হৈছে। এই ১৪৭ গৰাকীৰ তালিকা প্রকাশ হৈছে। তাৰ পৰা কাউন্সেলিঙৰ জৰিয়তে পাঁচ শতাংশ সংৰক্ষণ পূৰণৰ ব্যৱস্থা কৰা হ'ব। ইপিনে এইবাৰ প্ৰথমবাৰৰ বাবে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব। ১০০ আসনত নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব। ফলত ৰাজ্যৰ মুঠ ১৩ খন মেডিকেল কলেজত সৰ্বমুঠ আসনৰ সংখ্যা ১৬০০ খনলৈ বৃদ্ধি পালে। তেওঁৰ মতে মুঠ আসনৰ ১৩৩৬ খন অসমৰ বাবে সংৰক্ষিত হ'ব। কিয়নো ১৫ শতাংশ সৰ্বভাৰতীয় পৰ্যায়ৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা হয়। ৬ খন আসন অতিৰিক্তকৈ সৰ্বভাৰতীয় পৰ্যায়ৰ বাবে ৰখা হয়। তদুপৰি মেঘালয়ৰ বাবে ১০ খন আৰু নাগালেণ্ডৰ বাবে ২ খন মুঠ ১২ খন আসন সংৰক্ষণ কৰা হয়। ভূটানৰ বাবে এইবাৰ ৫ খন আসন সংৰক্ষণ কৰা হৈছে। পূর্বে এই সংখ্যা আছিল দুখন।
তদুপৰি এন আৰ আইৰ বাবে ৭ শতাংশ অর্থাৎ ৪২ খন আসন সংৰক্ষণ কৰা হ'ব। চিকিৎসা শিক্ষা সঞ্চালক ডাঃ বৰ্মনৰ মতে উচ্চতম ন্যায়ালয়ত এন আৰ আইৰ সংৰক্ষণৰ বাবে চলি থকা গোচৰলৈ লক্ষ্য ৰাখি প্রথম কাউন্সেলিঙত এন আৰ আইৰ কাউন্সেলিং নহয়। তদুপৰি উচ্চতম ন্যায়ালয়ে এন আৰ আইৰ সংৰক্ষণৰ বিপক্ষে বায় দিলে, সেই আসনকেইখন সাধাৰণ শ্ৰেণীৰ আওতালৈ আহিব।
লক্ষণীয়ভাবে সকলো সংৰক্ষণ বাদ দিলে সম্প্রতি সাধাৰণ শ্ৰেণীৰ বাবে থকা আসনৰ সংখ্যা হৈছে ৫৫৮ খন। এন আৰ আইৰ সংৰক্ষণ নাথাকিলে এই সংখ্যা হ'ব ৬০০ খন। লক্ষণীয়ভাবে এই আসনৰ পৰা আর্থিকভাবে দুর্বল শ্ৰেণীৰ (ই ডব্লিউ এছ)ৰ শিক্ষাৰ্থীৰ বাবে আসন সংৰক্ষণৰ ব্যৱস্থা থাকে। পূৰ্বৰ ১০ শতাংশৰ পৰিবৰ্তে এইবাৰ ৬ শতাংশ সংৰক্ষণ ৰখা হৈছে ই ডব্লিউ এছৰ বাবে। সেয়ে এইবাৰ ৮০ খনলৈ হ্রাস পাব ই ডব্লিউ এছৰ আসন। তদুপৰি সংবিধানৰ আওতাত অসমৰ মুঠ আসনৰ পৰা অনুসূচিত জাতিৰ বাবে ৭ শতাংশ, অনুসূচিত জনজাতি (ভৈয়াম)ৰ বাবে ১০ শতাংশ, অনুসূচিত জনজাতি (পাহাৰ) ৰ বাবে ৫ শতাংশ আৰু পিচপৰা শ্ৰেণীৰ বাবে ২৭ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব।
শেহতীয়াভাৱে ৰাজ্য চৰকাৰে জনগোষ্ঠীৰ বাবে ব্যৱস্থা কৰা সংৰক্ষণো অন্যান্য পিচপৰা শ্ৰেণীৰ আওতাত অন্তর্ভুক্ত হৈছে। ডাঃ বৰ্মনৰ মতে এইবিধ সংৰক্ষণক কোৱা হয় 'সংৰক্ষণৰ ভিতৰত সংৰক্ষণ'। উল্লেখযোগ্য যে 'নীট'ৰ ফলাফল কেলেংকাৰীয়ে দেশজুৰি সৃষ্টি কৰিছে তীব্র প্রতিক্ৰিয়াৰ। দেশজুৰি প্রতিবাদ-প্রতিক্রিয়াই জোকাৰণিৰ সৃষ্টি কৰে। সমগ্র কেলেংকাৰীৰ তদন্ত চি বি আয়ে তদাৰক কৰিছে। ইয়াৰ মাজতে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশৰ ভিত্তিত যোৱা ১৪ আগষ্টৰ পৰা আৰম্ভ হৈছে নামভৰ্তিৰ কাউন্সেলিং। সেই অনুসৰি কাইলৈৰ পৰা অসমত আৰম্ভ হ'ব এম বি বি এছৰ কাউন্সেলিং।