'জৱান' ছবিৰ বাবে শ্বাহৰুখ খানলৈ ৰাষ্ট্ৰীয় সন্মান; ছ’চিয়েল মিডিয়াত অভিনন্দনৰ জোৱাৰ

Story by  atv | Posted by  [email protected] • 5 h ago
'জৱান' ছবিৰ বাবে শ্বাহৰুখ খানলৈ ৰাষ্ট্ৰীয় সন্মান
'জৱান' ছবিৰ বাবে শ্বাহৰুখ খানলৈ ৰাষ্ট্ৰীয় সন্মান
 
মালিক আছঘৰ হাচমী / নতুন দিল্লী

শুকুৰবাৰে নিশা ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ২০২৩ত বলীউদৰ বাদশ্বাহ শ্বাহৰুখ খানক ‘জৱান’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা বুলি ঘোষণা কৰাৰ লগে লগে ছ’চিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি হয়। সমগ্ৰ বিশ্বৰ পৰা অনুৰাগীয়ে তেওঁক অভিনন্দন বাৰ্তাৰে উপচাই পেলাইছে। এই খবৰে চিনেমাপ্ৰেমীক ৰোমাঞ্চিত কৰাৰ লগতে ভাৰতীয় চিনেমাৰ এক দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলায়।  কাৰণ ‘কিং খান’ক কেতিয়াও ৰাষ্ট্ৰীয় মঞ্চত তেওঁৰ অভিনয়ৰ বাবে আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হোৱা নাছিল।

নতুন দিল্লীৰ নেশ্যনেল মিডিয়া চেণ্টাৰত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে আয়োজন কৰা এক সংবাদমেলত বিক্ৰান্ত মেছীয়ে শ্বাহৰুখ খানক ‘জৱান’ ছবিৰ বাবে শ্ৰেষ্ঠ অভিনেতাৰ বঁটাৰে সন্মানিত কৰা বুলি ঘোষণা কৰে। চমকপ্ৰদ অভিনয়েৰে সুদীৰ্ঘ ৩৩ বছৰ ধৰি ভাৰতীয় চিনেমা জগতত দপদপাই থকা শ্বাহৰুখে বিভিন্ন সময়ত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি আৰু জনপ্ৰিয়তা অৰ্জন কৰিছে যদিও ভাৰতৰ কোনো ৰাষ্ট্ৰীয় মঞ্চত আনুষ্ঠানিকভাৱে স্বীকৃতি লাভ কৰা নাছিল। 
 
শ্বাহৰুখ খানে তেওঁৰ এক্স (পূৰ্বৰ টুইটাৰ) হেণ্ডেলৰ জৰিয়তে এই বঁটাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰেঃ “এই সন্মানৰ বাবে ভাৰত চৰকাৰক অশেষ ধন্যবাদ জনাইছো। আজি সকলোকে আলিংগন কৰিছো।” 
 
অৱশ্যে অভিনন্দনৰ জোৱাৰ উঠাৰ মাজতে কিছুমান পুৰণি প্ৰশ্নো পুনৰ উত্থাপন হৈছে যে — ‘চক দে ইণ্ডিয়া’, ‘স্বদেশ’, ‘মাই নেম ইজ খান’ আদি ছবিৰ বাবে শ্বাহৰুখে ইতিমধ্যে এই বঁটা লাভ কৰা উচিত নাছিলনে?
টুইটাৰত এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "এই দৃশ্য ভাৰতীয় চিনেমাৰ শ্ৰেষ্ঠ অভিনয়। শ্বাহৰুখে বছৰ বছৰ আগতে এই বঁটা লাভ কৰিব লাগিছিল।” আন এজনে এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰে, “আমাৰ ব্যৱস্থাটোৱে 'স্বদেশ'ক আওকাণ কৰিলেও 'জৱান'ক স্বীকৃতি দিলে, ইয়াৰ ওপৰত আত্মনিৰীক্ষণৰ প্ৰয়োজন আছে।”
 
কিছু প্ৰতিক্ৰিয়াই ‘জৱান’ ছবিখনৰ ৰাজনৈতিক বিষয়বস্তুৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল, য’ত শ্বাহৰুখ খানে এক শক্তিশালী সংলাপত জনসাধাৰণক ধৰ্মৰ নামত নহয়, উন্নয়নৰ নামত ভোট দিবলৈ আহ্বান জনাইছে। তেওঁৰ সমৰ্থকসকলৰ মতে, এই বাৰ্তা আজিৰ সময়ত আটাইতকৈ প্ৰাসংগিক আছিল - আৰু হয়তো সেইবাবেই ‘জৱান’-এ এই সন্মান লাভ কৰিছিল।
 
কিন্তু কিছু সমালোচনাত্মক মন্তব্যও দেখা গৈছে যে "জৱান" শ্বাহৰুখৰ অভিনয়ৰ শিখৰ নাছিল, আৰু এই বঁটাটো "দেৱদাস" বা "স্বদেশ"কো দিব লাগিছিল। কিন্তু এটা বৃহৎ অংশই এই মতামতত একমত আছিল যে শ্বাহৰুখ খানৰ "লিগেচি" এখন ছবিৰ দ্বাৰা সৃষ্টি নহয়, বৰঞ্চ তেওঁৰ সমগ্ৰ কেৰিয়াৰৰ গভীৰতা আৰু চিনেমাৰ প্ৰতি তেওঁৰ দায়বদ্ধতাৰ দ্বাৰাহে সৃষ্টি কৰা হৈছে।
 
“কোনো নেতাক তেওঁৰ ধৰ্মৰ বিষয়ে নুসুধিব... তেওঁক সুধিব যে অহা পাঁচ বছৰত তেওঁ আপোনাৰ বাবে কি কৰিব?” এই সংলাপ কেৱল এটা দৃশ্য নাছিল, বৰঞ্চ এটা ধাৰণা আছিল যিয়ে এই বঁটাটোক মতাদৰ্শগত বিজয়লৈ ৰূপান্তৰিত কৰিছিল।
শ্বাহৰুখ খান এতিয়া কেৱল এজন অভিনেতা নহয়—তেওঁ ভাৰতৰ ‘মৃদু শক্তি’ৰ আটাইতকৈ শক্তিশালী মুখ হৈ পৰিছে। আৰু এই বঁটা তেওঁৰ অভিনয়ৰ বাবে যিমানেই স্বীকৃতি সিমানেই তেওঁৰ প্ৰভাৱশালী উপস্থিতি আৰু সামাজিক চেতনাৰ বাবেও এক শক্তিশালী বাৰ্তা।
 
এতিয়া যেতিয়া শ্বাহৰুখে প্ৰথমটো ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে, প্ৰশ্নটো এইটো নহয় যে তেওঁ কোনখন ছবিৰ বাবে এই বঁটা লাভ কৰিছে। কিন্তু এই সন্মান এজন শিল্পীৰ হাতলৈ গৈছে যিয়ে ভাৰতীয় চিনেমাক দশক দশক ধৰি জীয়াই ৰখাই নহয়, বিশ্বৰ আগত ভাৰতীয় চিনেমাক জনপ্ৰিয় কৰিছে।
 
চিনেমা জগতত ‘বলীউডৰ বাদশ্বাহ’ আৰু ‘কিং খান’ হিচাপে পৰিচিত শ্বাহৰুখ খান (এছ আৰ কে) কেৱল এজন সফল অভিনেতা নহয় বৰঞ্চ সমগ্ৰ বিশ্বতে ভাৰতীয় চিনেমাৰ এজন সন্মানীয় প্ৰযোজক, বক্তা, লেখক, দানবীৰ, টিভি হোষ্ট আৰু ব্ৰেণ্ড এম্বেছাদৰ। স্পাইকি জেলযুক্ত চুলি, ষ্টাইলিছ চশমা, মনোমোহা হাঁহি আৰু মুকলি হাতৰ চিগনেচাৰ প’জৰ সৈতে তেওঁ ভাৰতীয় চিনেমাৰ এক জীৱন্ত কিংবদন্তি হৈ পৰিছে।
উল্লেখ্য যে, শ্বাহৰুখে ১৯৮৭ চনত মাত্ৰ ২১ বছৰ বয়সতে টেলিভিছনত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। তেওঁ বিভিন্ন টিভি ধাৰাবাহিকত কাম কৰিছিল আৰু বিজ্ঞাপন ব্ৰেণ্ডৰ মডেলিং কৰিছিল। কলেজীয়া দিনত ভ্ৰাম্যমাণ আৰু নাটকৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়ি আহিছিল। দিল্লীত কেইটামান মঞ্চ শ্ব’ কৰিছিল আৰু তাৰ পৰাই আৰম্ভ কৰিছিল অভিনয় যাত্ৰা। কিন্তু ১৯৮০ চনত পিতৃ আৰু ১৯৯০ চনত মাতৃক হেৰুৱাই তেওঁ জীৱনত প্ৰচণ্ড আঘাতৰ সন্মুখীন হয়।
 
পিতৃ-মাতৃক হেৰুওৱাৰ পিছত তেওঁ দিল্লীৰ পৰা মুম্বাইলৈ যায়। মনত আত্মবিশ্বাসৰ অভাৱ আৰু সন্দেহ লৈ তেওঁ ইয়ালৈ আহিছিল মাত্ৰ এবছৰৰ বাবে চেষ্টা এটা কৰিবলৈ। কিন্তু ভাগ্যই তেওঁৰ বাবে আন কিবা এটা ৰাখিছিল। ১৯৯২ চনত মুক্তি পোৱা ‘দীৱানা’ ছবিখনে তেওঁক নিশাৰ ভিতৰতে তাৰকা কৰি তুলিছিল। এইখন তেওঁৰ প্ৰথম ছবি আছিল আৰু ইয়াৰ বাবে তেওঁ প্ৰথম ফিল্মফেয়াৰ বঁটাও লাভ কৰিছিল।
 
ইয়াৰ পিছত তেওঁ কেতিয়াও পিছলৈ ঘূৰি চাবলগীয়া হোৱা নাই। ১৯৯০ৰ পৰা ২০০০ চনলৈ এই এটা দশকত তেওঁ একেৰাহে কেইবাখনো হিট ছবিৰে ভাৰতীয় ছবি জগতৰ সবাতোকৈ জনপ্ৰিয় অভিনেতা হৈ পৰে। তেওঁৰ হিট ছবিসমূহ আছিল--দিলৱালে দুলহনিয়া লে জায়েংগে, কুচ কুচ হোটা হায়, দিল ছে, দেৱদাস, বীৰ-জাৰা, স্বদেশ, মাই নেম ইজ খান, আৰু চক দে!
২০২০ চনৰ পিছত ক’ৰোনা মহামাৰীৰ বাবে কিছুদিন পৰ্দাৰ পৰা আঁতৰি থাকিলেও ২০২৩ চনত শ্বাহৰুখ খানে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি অনুৰাগীক পুনৰ ব্লকবাষ্টাৰ ছবি উপহাৰ দিয়ে। তেওঁ ১০০ খনতকৈও অধিক ছবিত অভিনয় কৰি ১৪ টাকৈ ফিল্মফেয়াৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।
 
ভাৰত চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ আৰু ফ্ৰান্স চৰকাৰে ‘অৰ্ডাৰ ডেছ আৰ্টছ এট লেট্ৰেছ’ আৰু ‘লিজিয়ন অৱ অনাৰ’ আদি আন্তঃৰাষ্ট্ৰীয় সন্মানেৰে সন্মানিত কৰিছে। তেওঁক বিশ্বৰ অন্যতম সফল আৰু জনপ্ৰিয় চলচ্চিত্ৰ তাৰকা হিচাপে গণ্য কৰা হয়। এছিয়া, মধ্যপ্ৰাচ্য, ইউৰোপ আৰু বিশ্বৰ বিভিন্ন প্ৰান্তত থকা প্ৰৱাসী ভাৰতীয় সমূদায়ৰ মাজত তেওঁৰ লাখ লাখ অনুৰাগী আছে। তেওঁৰ ছবিসমূহে দেশপ্ৰেম, সামাজিক বৈচিত্ৰ্যতা আৰু প্ৰব্ৰজনকাৰী আৱেগক গভীৰভাৱে স্পৰ্শ কৰে।
শ্বাহৰুখৰ ব্যক্তিগত জীৱনটোও সমানেই প্ৰেৰণাদায়ক। ১৯৯১ চনৰ ২৫ অক্টোবৰত গৌৰী খানৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা অভিনেতাজনৰ তিনিটা সন্তান আছে। তেওঁৰ সন্তানৰ নাম হৈছেঃ আৰিয়ান খান, চুহানা খান আৰু অবৰাম খান। মুম্বাইৰ বান্দ্ৰাৰ আড়ম্বৰপূৰ্ণ অঞ্চলত অৱস্থিত ‘মন্নত’ নামৰ বিখ্যাত বাংলোত তেওঁ পৰিয়ালৰ সৈতে বাস কৰে।
 
শ্বাহৰুখ খান কেৱল এজন অভিনেতা নহয়, তেওঁ এক প্ৰেৰণা। আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰম আৰু আগ্ৰহেৰে তেওঁ এজন সাধাৰণ মানুহৰ পৰা অসাধাৰণ ‘কিং খান’লৈ ৰূপান্তৰিত হয়। তেওঁৰ জীৱনে দেখুৱাইছে যে যদি সপোনবোৰ সঁচা হয় আৰু উদ্দেশ্য সবল হয়, তেন্তে প্ৰতিজন ব্যক্তিয়ে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে।