অনলাইনত ঔষধ বিক্ৰী কৰি মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াইছে

Story by  atv | Posted by  Munni Begum • 1 Years ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
গুৱাহাটী 
 
"ড্রাগ এণ্ড কছমেটিক আইন ১৯৪০" উলংঘা কৰি কেতবোৰ কোম্পানীয়ে অনলাইনযোগে ঔষধ বিক্ৰী কৰাৰ বিৰুদ্ধে তীব্র ক্ষোভ ব্যক্ত কৰিছে 'জইণ্ট একচন ফ'ৰাম অব্ ফার্মাচিউটিকেল' সংস্থাই। জোতা-চেণ্ডেল-কাপোৰৰ দৰে অনলাইনৰ জৰিয়তে ঔষধ বিক্ৰী কৰি এনেবোৰ কোম্পানীয়ে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াইছে বুলি অভিযোগ উত্থাপন কৰিছে সংগঠনটোৰ নেতৃবৰ্গই। 
 
জইণ্ট একচন ফ'ৰাম অব্ ফার্ম্যাচিউটিকেল সংস্থাৰ অন্তৰ্গত কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ'চিয়েচন, অসম, এছ'চিয়েচন অব্ এডভান্স ফার্মাচী প্ৰেক্টিচনাৰ, চেণ্টাৰ অব্ মেডিকেল এণ্ড ছেল্‌ছ ৰিপ্রেজেনটেটিভ ইউনিয়ন আৰু অসম ফার্মাচিউটিকেল এছ'চিয়েচনৰ নেতৃত্বই শনিবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি অনলাইনযোগে ঔষধ বিক্ৰী কৰা ব্যৱস্থা শীঘ্ৰে বন্ধ কৰিবলৈ চৰকাৰক সকীয়াই দিয়ে। 
 
ফার্ম ইজি, নেটমেক্‌ছ ডট কম, এপ'ল ফাৰ্মাচী, আমাজন, ৰিলায়েন্স ইণ্ডাষ্ট্রীজ লিমিটেড, ইজিচ’ল, উড়ন আদি ব্যক্তিগত কোম্পানীয়ে অনলাইনযোগে ঔষধ বিক্রী কৰিবলৈ আৰম্ভ কৰাৰ ফলত ৰাজ্যৰ পঞ্জীয়নভুক্ত ১৫ হেজাৰ ফাৰ্মাচিষ্ট চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব বুলিও সংগঠনটোৰ নেতৃবৰ্গই উল্লেখ কৰে। 
 
কেমিষ্ট এণ্ড ড্রাগিষ্ট এছ'চিয়েচন, অসমৰ সম্পাদক জিতু বৰ্মনে কয়, "ড্রাগ এণ্ড কছমেটিক এক্ট-১৯৪০ আৰু ইয়াৰ আধাৰত প্ৰণয়ন কৰা নীতি নিৰ্দেশনা সম্পূৰ্ণ উলংঘা কৰি বৰ্তমান সমগ্ৰ দেশতে অনলাইনযোগে ঔষধ বিক্ৰী আৰম্ভ হৈছে। জনসাধাৰণৰ স্বাস্থ্যৰ হ'ব পৰা ক্ষয়-ক্ষতিৰ কথা বিবেচনা কৰি ২০১৮ চনৰ ডিচেম্বৰত দিল্লী উচ্চ ন্যায়ালয়ে এক বিশেষ ৰায়দানেৰে সংশ্লিষ্ট সকলো পক্ষকে এই বিক্ৰী ব্যৱস্থাৰ বাবে বাধা আৰোপ কৰিছিল৷ কিন্তু পৰিতাপৰ কথা,  সম্প্রতি এচামে আইনৰ সুৰুঙাৰে এই ৰায়দান উলংঘা কৰি আছে।" 
 
এছচিয়েচন অব্ এডভান্স ফার্মাচী প্রেক্টিচনাৰৰ সম্পাদক জ্ঞানেন্দ্র হালৈয়ে কয় যে অনলাইনযোগে ঔষধ বিক্ৰী ব্যৱস্থাই চিকিৎসক, ৰোগী আৰু ঔষধ বিক্ৰেতাৰ মাজত থকা বিশ্বাস, প্রত্যয়ৰ ব্যৱস্থাটো ভাঙি পেলাব। অনলাইন ঔষধ বিক্রী ব্যৱস্থাই ভাৰতবৰ্ষৰ চিকিৎসা ক্ষেত্ৰৰ লগত জড়িত ব্যৱসায়ী কৰ্মচাৰীৰ জীৱিকাৰ নিশ্চয়তাৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰা বুলিও এছ'চিয়েচন অব্ এডভান্স ফার্মাচী প্রেক্টিচনাৰৰ সম্পাদক গৰাকীয়ে ক্ষোভ ব্যক্ত কৰে।