এণ্ড'স্কপী নিউৰ' ছাৰ্জাৰীৰ জৰিয়তে ব্রেইন টিউমাৰৰ সফল অস্ত্ৰোপচাৰ অসম চিকিৎসা মহাবিদ্যালয়ত

Story by  atv | Posted by  Munni Begum • 2 Months ago
প্ৰতিনিধিত্বমুলক ছবি
প্ৰতিনিধিত্বমুলক ছবি
 
গুৱাহাটী
 
স্নায়ুৰোগৰ অস্ত্রোপচাৰৰ ক্ষেত্রত এক অনন্য কৃতিত্বৰ অধিকাৰী হ'ল ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় (এ এম চি)। অত্যাধুনিক 'নিউৰ' এণ্ড'স্কপী' যন্ত্ৰৰ ব্যৱহাৰ কৰি জটিল নিউৰ' ছাৰ্জাৰী সম্পন্ন কৰা অসমৰ প্রথমখন চিকিৎসা মহাবিদ্যালয়ৰ কৃতিত্ব অর্জন কৰিবলৈ সক্ষম হৈছে এ এম চিয়ে। 
 
ডিব্রুগড়স্থিত উত্তৰ-পূৰ্বাঞ্চলৰ এই প্রথমখন চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত কালি এক সফল এণ্ড'স্কপী নিউৰ' ছাৰ্জাৰীৰ জৰিয়তে এগৰাকী লোকৰ মস্তিষ্কৰ টেমুনা (ব্রেইন টিউমাৰ) আঁতৰাবলৈ সক্ষম হয় এ এম চিৰ নিউৰ' ছাৰ্জাৰী বিভাগ। গুৱাহাটীৰ হৃদয়বক্ষ আৰু স্নায়ুবিজ্ঞান কেন্দ্র (চি এন চেণ্টাৰ)ৰ সঞ্চালক তথা ৰাজ্যৰ আগশাৰীৰ নিউৰ' ছাৰ্জন অধ্যাপক ড° বসন্ত বৈশ্যৰ বিশেষ মাৰ্গদর্শনত এ এম চিয়ে এই সফলতা লাভ কৰে। 
 
উল্লেখ্য যে অত্যাধুনিক নিউৰ' এণ্ড'স্কপী যন্ত্ৰৰ সহায়ত কৰা নিউৰ' ছাৰ্জাৰী হৈছে ৰোগীৰ মস্তিষ্ক অংশক তুলনামূলকভাৱে কমকৈ কটা-ছিঙা কৰাৰ এক সুৰক্ষিত চিকিৎসা পদ্ধতি। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত (জি এম চি এইচ) তথা চি এন চেণ্টাৰত পূৰ্বৰে পৰাই নিউৰ' ছাৰ্জাৰীৰে ৰোগীৰ মস্তিষ্কৰ টেমুনা আঁতৰোৱাৰ অস্ত্রোপচাৰ সম্পন্ন হৈ আহিছে যদিও এই দুয়োখন শীর্ষস্থানীয় চিকিৎসালয়ত নিউৰ' ছাৰ্জাৰীৰ ক্ষেত্ৰত নিউৰ' এণ্ড 'স্কপী যন্ত্ৰৰ ব্যৱহাৰ এতিয়ালৈকে আৰম্ভ হোৱা নাই। 
 
এ এম চিৰু ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত এই সেৱা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি চি এন চেণ্টাৰৰ সঞ্চালক, অধ্যাপক ড° বৈশ্যই কালি প্রথম দিনাই এ এম চিৰ নিউৰ' ছাৰ্জাৰী বিভাগৰ সহযোগী অধ্যাপক ডাঃ ধ্ৰুৱজ্যোতি কুর্মী, ডাঃ প্রত্যুষ পালৰ লগতে ডাঃ নয়নজিৎ ডেকা আৰু ডাঃ চিন্টু পাটোৱাৰীক সহযোগী নিউৰ' ছার্জন হিচাপে লৈ ব্রেইন টিউমাৰত আক্রান্ত এগৰাকী লোকৰ সফলতাৰে নিউৰ' এণ্ড'স্কপী ছাৰ্জাৰী সম্পন্ন কৰি মগজুৰ অংশত থকা এটা ডাঙৰ টেমুনা আঁতৰ কৰে। 
 
এ এম চিৰ এনাস্থেছিঅ'লজী বিভাগৰ অধ্যাপক ডাঃ দিগন্ত শইকীয়াৰ নেতৃত্বত ডাঃ আৰ পি টায়ুং আৰু ডাঃ ৰিণি, নাৰ্ছিং ষ্টাফৰ বিণা লওৰিণিয়াং আৰু পদ্মিনী গোহাঁই আৰু অ' টি এছিছষ্টেন্ট প্রাঞ্জল শইকীয়াই এই সফল অস্ত্রোপচাৰত সহযোগিতা আগবঢ়ায়। নিউৰ' এণ্ড'স্কপী ছাৰ্জাৰীৰ পিচত এ এম চিৰ ছুপাৰ স্পেচিয়েলিটি চিকিৎসালয়ত বর্তমান ৰোগীগৰাকীৰ স্বাস্থ্য সম্পূর্ণ সুস্থিৰ অৱস্থাত আছে। 
 
ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ নিউৰ' ছাৰ্জাৰী বিভাগে অত্যাধুনিক তথা ৰোগীৰ বাবে যথেষ্ট নিৰাপদ অস্ত্রোপচাৰৰূপে বিবেচিত এণ্ড'স্কপীক নিউৰ' ছাৰ্জাৰী ব্যৱস্থা আৰম্ভ কৰিবলৈ সক্ষম হোৱাৰ বাবে বিভাগটোৰ লগতে এ এম চিক অভিনন্দন জনাইছে ৰাজ্যৰ স্বাস্থ্য-পৰিয়াল কল্যাণ আৰু চিকিৎসা শিক্ষা-গৱেষণা বিভাগৰ মন্ত্রী কেশৱ মহন্তই। এইক্ষেত্রত এ এম চিৰ নিউৰ' ছাৰ্জাৰী বিভাগক বিশেষ মার্গদর্শন কৰাৰ বাবে বিভাগীয় মন্ত্রীগৰাকীয়ে চি এন চেণ্টাৰৰ সঞ্চালক অধ্যাপক বৈশ্যৰো শলাগ লৈছে।