জনসংখ্যা অনুপাতে ৰাজ্যত প্ৰয়োজন ৩৫,৮২৪ চিকিৎসক ; আছে ২৯,৭৯৫ গৰাকী

Story by  atv | Posted by  [email protected] • 2 Months ago
জনসংখ্যা অনুপাতে ৰাজ্যত প্ৰয়োজন ৩৫,৮২৪ চিকিৎসক ; আছে ২৯,৭৯৫ গৰাকী
জনসংখ্যা অনুপাতে ৰাজ্যত প্ৰয়োজন ৩৫,৮২৪ চিকিৎসক ; আছে ২৯,৭৯৫ গৰাকী
 
গুৱাহাটী
 
বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰা নীতি অনুসৰি প্ৰতি ১০০০ জনসংখ্যাৰ বিপৰীতে এজনকৈ চিকিৎসক থাকিব লাগে যদিও অসমত যে জনসংখ্যাৰ অনু পাতত চিকিৎসকৰ সংখ্যা বহুখিনি কম সেয়া আজি উন্মোচিত হৈ পৰিল অসম বিধানসভাৰ মজিয়াত। 
 
 
খোদ স্বাস্থ্য মন্ত্রী কেশৱ মহন্তই বিধানসভাৰ মজিয়াত সদৰী কৰা তথ্যমতে ২০২৩ চনত অসমৰ জনসংখ্যা ৩,৫৮,২৪,০০০ হিচাপে অসমত ৩৫,৮২৪ জন চিকিৎসক থাকিব লাগে যদিও পঞ্জীয়নভুক্ত চিকিৎসকৰ সংখ্যা হৈছে ২৯,৭৯৫ গৰাকী। কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদৰ মৌখিক প্ৰশ্নৰ উত্তৰতে এই তথ্য সদৰী কৰি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে সদৰী কৰা মতে স্বাস্থ্য বিভাগত খালী হৈ থকা চিকিৎসকৰ পদ পূৰণৰ বাবে ইতিমধ্যে ৪৭৯ টা পদৰ সাক্ষাৎকাৰ প্রক্রিয়া সম্পন্ন হৈছে। 
 
চূড়ান্ত ফলাফল ঘোষণাৰ পিচতে উক্ত চিকিৎসকসকলক খালী পদৰ বিপৰীতে নিয়োগ কৰা হ'ব বুলিও স্বাস্থ্য মন্ত্রীয়ে জনায়। স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে লগতে জনোৱামতে এন এইচ এমৰ অধীনত খালী অনুমোদিত পদৰ বিপৰীতে চিকিৎসক নিয়োগ কৰি পৰিপূৰক হিচাপে চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে। অসমত থকা চিকিৎসা মহাবিদ্যালয়সমূহৰ পৰা বছৰি প্ৰায় ৯০০ গৰাকী নতুন চিকিৎসক ওলায়। 
 
নতুন চিকিৎসা মহাবিদ্যালয়কেইখনে প্রথম ৫ বছৰ সম্পূর্ণ কৰিলে প্রতিবছৰে অতিৰিক্ত ৬০০ গৰাকীক ধৰি মুঠ ১,৫০০ গৰাকী নতুন চিকিৎসক প্রতি বছৰে পোৱা যাব। গতিকে ভৱিষ্যতে অসমৰ মুঠ জনসংখ্যাৰ অনুপাতত থাকিব লগা চিকিৎসকৰ হিচাপতকৈ কম থকা ৬,০২৯ গৰাকী চিকিৎসকৰ অভাৱ অতিশীঘ্ৰে দূৰ হ'ব বুলিও স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়। 
 
বিধায়কগৰাকীৰ আন এটা প্ৰশ্নৰ উত্তৰত স্বাস্থ্য মন্ত্রীয়ে জনোৱামতে ৰাজ্যত বর্তমানে খালী হৈ আছে ১,৩৫৩ টা স্বাস্থ্য বিষয়া, ৩১৭ টা ষ্টাফ নাৰ্ছ, ৩১৭ টা ষ্টাফ নাৰ্ছ (ক্রিটিকেল কেয়াৰ), ১০টা এ এন এম, ২টা প্রিন্সিপাল কিউটৰ-মেট্রন, ৩০টা ৱাৰ্ড ছিষ্টাৰ-ছিষ্টাৰ-টিউটৰ-টি এইচ এন, ৯১টা ফার্মাচিষ্ট, ৫২টা লেবৰেটৰী টেকনিচিয়ান, ৪০টা আই চি ইউ টেকনিচিয়ান, ১৫৭টা পুৰুষ মাল্টি পাৰপাছ ৱৰ্কাৰ, ৭৩৫টা তৃতীয় শ্ৰেণীৰ আৰু ৬৮৩টা চতুৰ্থ শ্ৰেণীৰ পদ।