উত্তৰ প্ৰদেশ ১৬ কোটি লোকক টিকাকৰণ কৰা ভাৰতৰ প্ৰথম খন ৰাজ্য হৈ পৰিছে

Story by  atv | Posted by   Imtiaz Ahmed • 1 Years ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
লক্ষ্ণৌ
 
উত্তৰ প্ৰদেশ ভাৰতৰ প্ৰথম খন ৰাজ্য যিয়ে ক'ভিড-১৯ৰ বিৰুদ্ধে ১৬ কোটিৰো অধিক ব্যক্তিক সম্পূৰ্ণৰূপে টিকাকৰণ কৰিছে। ১৫ কোটি লোকক সম্পূৰ্ণৰূপে টিকাকৰণকৰাৰ লেণ্ডমাৰ্ক অতিক্ৰম কৰাৰ প্ৰায় ২০ দিনৰ ভিতৰত, ৰাজ্যখনে এতিয়ালৈকে ১৬ কোটিৰো অধিক লোক -- ১৬,০২,৬৬,৮০৬ - ক'ভিড-১৯ ভেকছিনৰ দুয়োটা পালি প্ৰাপ্ত কৰাৰ সৈতে আন এক অভিলেখ অতিক্ৰম কৰিছে।
 
চৰকাৰৰ মুখপাত্ৰৰ মতে, ৰাজ্যখনে এতিয়ালৈকে লোকসকলক ৩৩.৯২ কোটিৰো অধিক পালি প্ৰদান কৰিছে। ইয়াৰ উপৰিও, ৰাজ্যখনে যোগ্য প্ৰাপ্তবয়স্ক জনসংখ্যাৰ ১০০ শতাংশ লোকক ক'ভিড-১৯ ভেকছিনৰ প্ৰথম পালি প্ৰদান কৰাৰ লেণ্ডমাৰ্ক প্ৰাপ্ত কৰিছে। আনহাতে ৰাজ্যখনত প্ৰায় ৯৯ শতাংশ লোকক সম্পূৰ্ণৰূপে টিকাকৰণ কৰা হৈছে।
 
উত্তৰ প্ৰদেশই ১০ জানুৱাৰীৰ পৰা বুষ্টাৰ শ্বট (সাৱধানতাৰ পালি) প্ৰদান কৰা আৰম্ভ কৰিছিল। ৰাজ্যখনত এতিয়ালৈকে প্ৰায় ৩৫.২২ লাখ 'সাৱধানতা পালি' প্ৰদান কৰা হৈছে।
 
ক'ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে যুঁজ শক্তিশালী কৰি, উত্তৰ প্ৰদেশ চৰকাৰে ১২ৰ পৰা ১৭ বছৰ বয়সৰ সকলো শিশুক সময়সীমাৰ ভিতৰত টিকাকৰণ আৱৰণ প্ৰদান কৰি আছে।