মন-মগজু সতেজ আৰু চোকা কৰি ৰাখিবলৈ কি কৰিব; বিশ্বৰ আটাইতকৈ বয়সীয়াল চিকিৎসক Howard Tuckerৰ পৰামৰ্শ

Story by  atv | Posted by  [email protected] • 1 Years ago
বিশ্বৰ আটাইতকৈ বয়সীয়াল চিকিৎসক Howard Tucker
বিশ্বৰ আটাইতকৈ বয়সীয়াল চিকিৎসক Howard Tucker
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

আমেৰিকাৰ অ’হিঅ’ৰ ক্লিভলেণ্ডৰ এজন স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ হাৱাৰ্ড টাকাৰ (Dr. Howard Tucker )। গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দ্বাৰা তেওঁক ”Oldest Practicing Doctor′′ হিচাপে চিহ্নিত কৰা হৈছে। কৰ্মযোগী চিকিৎসকজনৰ শেহতীয়া এক সাক্ষাৎকাৰে সমগ্ৰ বিশ্বৰ স্বাস্থ্যসচেতন লোকৰ মনত গভীৰভাৱে ৰেখাপাত কৰিছে। জীৱনক লৈ তেওঁৰ ইতিবাচক চিন্তা আৰু গঠনমূলক কাম-কাজে সকলোৰে মন জয় কৰিছে। 

CNBCএ চিকিৎসকজনৰ উদ্ধৃতিৰে কয়, "মই সাত দশকৰো অধিক সময় ধৰি এজন প্ৰেকটিচিং ডাক্তৰ আৰু নিউৰ’লজিষ্ট হিচাপে কাম কৰি আছো। আৰু ১০১ বছৰ বয়সত মানুহে মোক প্ৰায়ে সুধিছে যে মই মোৰ মগজু কেনেকৈ চোকা কৰি ৰাখোঁ।"

বয়স বঢ়াৰ লগে লগে আমাৰ মানসিক প্ৰক্ৰিয়াকৰণ ক্ষমতা সলনি হ’ব পাৰে। মগজুৰ কিছুমান অংশ সংকুচিত হ’ব পাৰে। তদুপৰি নিউৰনৰ মাজত যোগাযোগ কম ফলপ্ৰসূ হ’ব পাৰে আৰু তেজৰ সোঁত কমি যাব পাৰে। কিন্তু আমাৰ মনটোক জীয়াই থাকিবলৈ নিয়মীয়া ব্যায়ামৰ প্ৰয়োজন আৰু কিছুমান বিশেষ কাৰ্য্যকলাপৰ দ্বাৰা বয়স বৃদ্ধিৰ লগে লগে মগজুটো চোকা কৰি ৰাখিব পাৰি।

ডাঃ হাৱাৰ্ড টাকাৰে পুনৰ কয় “মই এটা নীতিৰ দ্বাৰা জীয়াই আছো আৰু এই নীতি যিকোনো ব্যক্তিয়ে কাৰ্যকৰী কৰিব পাৰে। সেয়া হৈছেঃ পেছাগত কৰ্ম, সামাজিক কাম-কাজ আৰু মনোৰঞ্জনৰ জৰিয়তে নিজৰ মনটোক নিয়োজিত কৰি ৰখা। মই মোৰ মগজুৰ স্বাস্থ্য সুস্থ কৰিবলৈ দৈনিক এই তিনিটা কাম কৰো।”
 
নাতি অষ্টিন টাকাৰ আৰু তথ্যচিত্ৰ নিৰ্মাতা টেইলৰ টাগ্লিয়ানেট্টীৰ সৈতে ডাঃ হাৱাৰ্ড টাকাৰ
 
গৱেষণাৰ পৰা দেখা গৈছে যে অৱসৰ আৰু স্মৃতি শক্তি লোপ পোৱাৰ মাজত এক সম্পৰ্ক আছে। যাৰ বাবে চিকিৎসকজনে এতিয়াও অৱসৰ লোৱা নাই আৰু পত্নীয়েও অৱসৰ লোৱা নাই। তেওঁ শ্বেয়াৰ কৰে যে মোৰ ৬৬ বছৰীয়া পত্নী ছাৰাইও ৮৯ বছৰ বয়সত এতিয়াও মনোবিশ্লেষণ আৰু মনোৰোগ চিকিৎসাৰ প্ৰেকটিচ কৰে।

"চাকৰিৰ বাবে মই কেইবাটাও চিকিৎসা বিষয় আৰু সমস্যাৰ পৰ্যালোচনা কৰিব লাগে। সেইবোৰৰ সৈতে নিজকে আপ-টু-ডেট কৰি ৰাখিবলৈ মই স্নায়ুৰোগৰ বিভিন্ন দিশৰ পৰ্যালোচনা কৰো। এইদৰে নিজৰ মগজুক ব্যস্ত ৰাখো।"-ডাঃ হাৱাৰ্ড টাকাৰে জানিবলৈ দিয়ে।
 
কামৰ বাহিৰেও তেওঁক মানসিকভাৱে উদ্দীপিত কৰি ৰখা আন কামবোৰ হ’ল স্বেচ্ছাসেৱী কাম কৰা, চখ এটাৰ পিছত লগা আৰু নতুন নতুন দক্ষতা আয়ত্ত্ব কৰা। তেওঁ কয়, "উদাহৰণস্বৰূপে ৬০ বছৰৰ আৰম্ভণিতে মই মোৰ পূৰ্ণকালীন চিকিৎসা প্ৰেকটিছ চলোৱাৰ পিছত নিশা আইন বিদ্যালয়ত পঢ়িছিলো। মই ৬৭ বছৰ বয়সত Ohio Bar Examত উত্তীৰ্ণ হৈছিলো।"

গৱেষণাৰ মতে শক্তিশালী সামাজিক সম্পৰ্কই আমাৰ স্মৃতিশক্তি আৰু জ্ঞানমূলক কাৰ্য্য বজাই ৰখাত সহায় কৰিব পাৰে। "দুৰ্ভাগ্যজনকভাৱে মোৰ বয়সত মোৰ বহু ঘনিষ্ঠ বন্ধু, পৰিয়ালৰ সদস্য আৰু সহকৰ্মীৰ মৃত্যু হৈছে। কিন্তু মই সৌভাগ্যৱান যে মোৰ চাকৰিটোৱে মোক কনিষ্ঠ সহকৰ্মীসকলৰ সৈতে সম্পৰ্ক গঢ়ি তুলাৰ সুযোগ দিছে। মই আৰু ছাৰাই আমাৰ বন্ধুবৰ্গৰ সৈতে একেলগে নিশাৰ আহাৰ গ্ৰহণ কৰো।"-বৰ্ষীয়ান চিকিৎসকজনে কয়।

তেওঁলোকে সপ্তাহত কমেও দুবাৰকৈ জীয়েক, জোৱাই আৰু নাতিয়েকৰ সৈতে খাদ্য গ্ৰহণ কৰে। ডাঃ হাৱাৰ্ড টাকাৰ আৰু তেওঁৰ পত্নীয়ে বন্ধু-বান্ধৱ আৰু সহকৰ্মীৰ সৈতে নতুন নতুন ৰেষ্টুৰেণ্টতো খাদ্যৰ সোৱাদ গ্ৰহণ কৰি ভাল পায়।

ডাঃ হাৱাৰ্ড টাকাৰে লগতে প্ৰকাশ কৰে যে তেওঁ স্নায়ুবিজ্ঞানৰ শেহতীয়া সংবাদ আৰু চিকিৎসাৰ বিষয়ে পঢ়াৰ লগতে বিভিন্ন কল্পকাহিনী পঢ়ি নিজকে নিমজ্জিত কৰি ৰাখে। তেওঁ বিশ্বাস কৰে যে এইবোৰে তেওঁৰ মনটোক চোকা কৰি ৰখাৰ মূল চাবিকাঠি।