অসম বিধানসভাত উপস্থিত লোক সভাৰ অধ্যক্ষ ওম বিৰলা

Story by  atv | Posted by  [email protected] • 3 Years ago
লোক সভাৰ অধ্যক্ষ ওম বিৰলা
লোক সভাৰ অধ্যক্ষ ওম বিৰলা
গুৱাহাটী

গুৱাহাটীত উপস্থিত হ'ল লোক সভাৰ অধ্যক্ষ ওম বিৰলা। আজি অনুষ্ঠিত হ'ব লগা প্ৰতিদিন টাইমৰ এচিভাৰ্চ এৱাৰ্ডৰ মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।

লোকসভা অধ্যক্ষ জনক উষ্ম আদৰণি জনাই বিধানসভা আৰু সচিবলয়ত। ভিন্নৰঙী ফুলেৰে সজাই তোলা হৈছে বিধানসভা চৌহদ। লোকসভাৰ অধ্যক্ষ গৰাকীক আকৰ্ষিত কৰিবলৈ কলিকতাৰ বিশেষ নাৰ্জী ফুলেৰে সজাই তোলা হৈছে বিধানসভা চৌহদ।

লগতে অসম বিধানসভাৰ এক অনুষ্ঠানটো অংশগ্ৰহণ কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। অসমৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীৰ লগত একেলগে আসন গ্ৰহণ কৰে লোকসভাৰ অধ্যক্ষ গৰাকীয়ে।

বিধানসভাত উপস্থিত হৈ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বিধানসভাক সম্বোধন কৰি কয়: "অসম বিধানসভাৰ সমূহ নিৰ্বাচিত বিধায়কক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। জনসাধাৰনে যি আশা কৰি আপোনালোকক বিধানসভাৰ মজিয়ালৈ পঠিয়াইছে সেই আশা আগত ৰাখি উন্নয়নৰ কাম কৰি যাব বুলি মই আশা কৰিছোঁ। অসমৰ প্ৰাকৃতিক সৌন্দৰ্যই সকলোকে মোহিত কৰে। লোকতন্ত্ৰক জনসাধাৰণৰ পক্ষত ৰখা আৰু জনসাধাৰণৰ মাজত ৰখা সংবিধান নিৰ্মাতা আম্বেদকাৰক মনত কৰিব লাগিব। আমাৰ সংবিধান খনেই আমাৰ বিশেষত্ব।  আমাৰ সংবিধানত থকা সকলোবোৰ দিশেই গুৰুত্বপূৰ্ণ আৰু সাম্যবাদেৰে সুসজ্জিত।"