গুৱাহাটী
ব’হাগৰ বিহুৰ আনন্দৰ মাজতে হেৰাই গ’ল এগৰাকী প্ৰতিভাৱান যুৱতী৷ তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শুকুৰবাৰে নিশা এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। নলবাৰীৰ হাৰিভাঙাৰ 'ভাস্কৰজ্যোতি বিহু হুঁচৰি দল'টোৱে এখন ট্ৰেভেলাৰ বাহনেৰে তামুলপুৰৰ বাঙালীপাৰলৈ বিহু প্ৰদৰ্শনৰ বাবে গৈ আছিল। তেনে বিপৰীত দিশৰ পৰা অহা PB 03 AP 6681 নম্বৰৰ এখন দ্ৰুতবেগী ট্ৰেইলাৰৰ সৈতে মুখামুখী সংঘৰ্ষ হয়৷
এই দুৰ্ঘটনাটোত বিহুৱা দলটোৰ এগাৰকী নাচনী থিতাতে নিহত হয়৷ নিহত যুৱতীগৰাকী ২৫ বছৰীয়া নিশামণি হালৈ বুলি চিনাক্ত কৰা হৈছে ৷ নিহত নাচনীগৰাকীৰ ঘৰ তামুলপুৰ জিলাৰ নিজ ঝাৰগাঁৱত বুলি জানিব পৰা গৈছে। এই দুৰ্ঘটনাত আন ১১ গৰাকী বিহুৱা-বিহুৱতী গুৰুতৰভাৱে আহত হয়।
উল্লেখ্য যে, AS-25-DC-5893 নম্বৰৰ ট্ৰেভেলাৰখনত মুঠ ৩০ গৰাকী লোক আছিল। এই দুৰ্ঘটনাত আহতসকল হ’ল- অৰুণ মেধি, বিদ্যুৎ দাস, জগত ৰায়, চালক পংকজ বৈশ্য, অংকিতা দাস, ৰতন কলিতা, নিতু বৰুৱা, শিৱানী বৰুৱা, কাব্যশ্ৰী চাৰুৱা আৰু দিবাকৰ মৰাণ৷
আহতসকলৰ ভিতৰত ৫ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷ ইতিমধ্যে তেওঁলোকক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। বিহুৰ আনন্দৰ উল্লাসৰ মাজতে সংঘটিত এই কৰুণ ঘটনাই সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পেলাইছে।
প্ৰতিভাৱান যুৱতী নিশামণি হালৈৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো৷ তেওঁ সামাজিক মাধ্যমত এটা পোষ্ট কৰি কয়, ‘‘এক অতি দুখৰ খবৰ পুৱাই শুনি মনটি গভীৰভাৱে ব্যথিত হ'ল ৷ নলবাৰী জিলাৰ হাৰিভাঙাৰ ভাস্কৰজ্যোতি বিহু হুঁচৰি দলটিয়ে যোৱানিশা তামুলপুৰৰ নোৱাখাটত এক ভয়াৱহ দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাস্থলীতে কৰুণ মৃত্যুক আঁকোৱালি লয় দলটিৰ মূল বিহুৱতী গায়িকা তথা অসমৰ নাগাৰা নামৰ জনপ্ৰিয় পাঠিকা নিশামণি হালৈয়ে৷’’
তেওঁ লগতে কয়, ‘‘এক প্ৰচুৰ সম্ভাৱনা কলিতে মৰহি গ'ল৷ এই মৃত্যু সঁচাকৈয়ে আমাৰ বাবে বৃহৎ ক্ষতি ৷ তেওঁৰ স্বৰ্গগত আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে দুৰ্ঘটনাটিত গুৰুতৰভাৱে আহত হৈ বৰ্তমানে চিকিৎসাধীন অৱস্থাত থকা প্ৰতিগৰাকী বিহুৱা-বিহুৱতীৰ আশু আৰোগ্য কামনা কৰিলোঁ ৷ ভুক্তভোগী পৰিয়ালকেইটিলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ৷’’