অসমত মানৱ-হাতী সংঘাত প্ৰশমন ব্যৱস্থাত আৰু এটা ই চি এনৰ সংযোজন

Story by  atv | Posted by  [email protected] • 2 Months ago
অসমত মানৱ-হাতী সংঘাত প্ৰশমন ব্যৱস্থাত আৰু এটা ই চি এনৰ সংযোজন
অসমত মানৱ-হাতী সংঘাত প্ৰশমন ব্যৱস্থাত আৰু এটা ই চি এনৰ সংযোজন
 
গুৱাহাটী
 
অসম উপত্যকাৰ মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলবোৰত স্থানীয় লোকৰ অংশগ্ৰহণেৰ মানুহ আৰু বন্যহস্তীৰ সহাৱস্থানক উদগনি যোগোৱাৰ বাবে চলাই থকা ধাৰাবাহিক প্ৰচেষ্টাৰ অংশহিচাপে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংৰক্ষণ সংস্থা আৰণ্যকে ওদালগুৰি জিলাৰ ভূটীয়াচাং চাহ বাগিচাত শেহতীয়াকৈ এটা হাতী সংৰক্ষণ নেটৱৰ্ক (ই চি এন) গঠন কৰে।
 
 
যোৱা ১২ ফেব্ৰুৱাৰীত চাহ বাগিচাখনৰ সদৌ আদিবাসী ছাত্ৰ সন্থাৰ (আছা) কাৰ্যালয়ত অনুষ্ঠিত এখন সভাত ভূটীয়াচাং অঞ্চলৰ কেইবাখনো গাঁৱৰ ২৩ জন স্থানীয় যুৱকক লৈ নতুন ই চি এনটো গঠন কৰা হয়।  
 
আৰণ্যকৰ সমল ব্যক্তিৰ এটা দলে নৱগঠিত ই চি এনৰ সদস্যসকলক হাতী সংৰক্ষণ, মানৱ-হাতী সংঘাত প্ৰশমন ব্যৱস্থা আৰু শস্য আৰু সম্পত্তিৰ ক্ষতিৰ মূল্যায়নৰ লগতে মানৱ-হাতী সংঘাতৰ ফলত ক্ষতি হোৱা সম্পত্তি, শস্য আৰু মানৱ জীৱনৰ ক্ষতিপূৰণ বিচৰা আবেদন প্ৰক্ৰিয়াৰ বিষয়ে দিনজোৰা প্ৰশিক্ষণ দিয়ে।
 
অসমত মানৱ-হাতী সংঘাত প্ৰশমন ব্যৱস্থাত আৰু এটা ই চি এনৰ সংযোজন
 
এই নতুন গোটটোকে ধৰি আৰণ্যকে আমেৰিকাৰ মীন আৰু বন্যপ্ৰাণী সেৱা আৰু এছ বি আই ফাউণ্ডেশ্যনৰ সহযোগত ওদালগুৰি, বাক্…সা আৰু গোৱালপাৰা জিলাত গঠন কৰা ই চি এনৰ সংখ্যা ১২ টালৈ বৃদ্ধি পালে।
 
এটা হোৱাটছএপ গ্ৰুপৰ জৰিয়তে যোগাযোগ ৰক্ষা কৰা ই চি এনৰ সদস্যসকলে মানুহৰ বসতিস্থল বা ধাননি পথাৰৰ ওচৰত বনৰীয়া হাতীৰ উপস্থিতিৰ বিষয়ে আগতীয়াকৈ সতৰ্কবাণী প্ৰেৰণ কৰে যাতে মানুহ আৰু হাতী মুখা-মুখী হোৱা পৰিস্থিতি ৰোধ কৰিব পৰা যায়।
 
এটা ই চি এনে স্থানীয় সমুদায়ক শস্য আৰু সম্পত্তিৰ ক্ষতিৰ মূল্যায়ন, ক্ষতিপূৰণৰ বাবে আবেদন প্ৰস্তুত কৰাত সহায়, মানৱ-হাতী সংঘাত পীড়িত লোকৰ প্ৰাথমিক চিকিৎসা, স্থানীয় লোকে পৰিচালনা কৰা প্ৰশমন ব্যৱস্থাৰ গুৰি ধৰা,  হাতী সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে গাঁওবাসীক সজাগ কৰা,  মানৱ-হাতী সংঘাত প্ৰভাৱিত অঞ্চলত স্থাপন কৰা সৌৰশক্তিচালিত বেৰ আৰু অন্যান্য প্ৰশমন সঁজুলিৰ নিৰীক্ষণ আৰু হাতীয়ে ভক্ষণ নকৰা বিকল্প শস্যৰ প্ৰসাৰৰ বাবে স্থানীয় লোকসকলক সহায় কৰা আদি বিভিন্ন ধৰণে সহায় কৰে। এটা ই চি এনে হাতীৰ গতিবিধিৰ তথ্য বন বিভাগক প্ৰদান কৰিব পাৰে।
 
ওদালগুৰি জিলাৰ বদলাপাৰা অংগনবাদী কেন্দ্ৰত বদলাপাৰা ই চি এন গোটৰ বাবে ১৪ ফেব্ৰুৱাৰীত আন এক প্ৰশিক্ষণ অনুষ্ঠিত কৰা হয়। সেই প্ৰশিক্ষণ কাৰ্যসূচীত ই চি এন গোটৰ ২১ জন সদস্যই অংশগ্ৰহণ কৰে।
 
আৰণ্যকৰ জ্যেষ্ঠ বিষয়া অঞ্জন বৰুৱাই এই প্ৰশিক্ষণৰ পৰিচালনা কৰি ই চি এন গোটৰ সদস্যসকলৰ ভূমিকা আৰু দায়িত্বৰ বিষয়ে বিশদভাৱে উপস্থাপন কৰে।  তেওঁ এক আৰ্হি অনুশীলনৰ জৰিয়তে শস্য আৰু সম্পত্তিৰ ক্ষতিৰ মূল্যায়ন কেনেকৈ কৰিব পাৰি সেই বিষয়ে ব্যাখা কৰে। এই প্ৰশিক্ষণত  হাতীৰ সংৰক্ষণ, ভাবুকি, আচৰণ, চাল-চলন আৰু মানৱ-হাতী সংঘাত প্ৰশমন বিভিন্ন ব্যৱস্থা, শস্য আৰু সম্পত্তিৰ ক্ষতিৰ মূল্যায়ন আৰু ক্ষতিপূৰণ আবেদনৰ পদ্ধতিৰ বিষয়েও আলোচনা কৰা হয়।
 
প্ৰতিটো প্ৰশিক্ষণ কাৰ্যসূচীৰ পাছত সদস্যসকলৰ মূল্যায়ন কৰ হয় । প্ৰশিক্ষণ শেষত প্ৰশংসাৰ চিন হিচাপে ই চি এনৰ প্ৰতিজন সদস্যক আৰণ্যকৰ টি-চাৰ্ট উপহাৰ দিয়া হয়।