দালাই লামাৰ মৃত্যুৰ পিছত থাকিব উত্তৰাধিকাৰী; তিব্বতৰ নিৰ্বাসিত ধৰ্মগুৰুৰ ঘোষণাত ক্ষুন্ন চীন

Story by  atv | Posted by  [email protected] • 12 h ago
তিব্বতৰ নিৰ্বাসিত আধ্যাত্মিক নেতা দালাই লামা
তিব্বতৰ নিৰ্বাসিত আধ্যাত্মিক নেতা দালাই লামা
 
আৱাজ দ্য ভইচ অসম ব্যুৰ'

তিব্বতৰ নিৰ্বাসিত আধ্যাত্মিক গুৰু দালাই লামাই বুধবাৰে নিশ্চিত কৰে যে মৃত্যুৰ পিছত তেওঁৰ এজন উত্তৰাধিকাৰী থাকিব আৰু দালাই লামাৰ ৬০০ বছৰীয়া প্ৰতিষ্ঠান অব্যাহত থাকিব। এই সিদ্ধান্ত তিব্বতীয়সকলৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত, যিয়ে নেতাবিহীন এক ভৱিষ্যতক লৈ শংকিত হৈ আছিল। 
 
ইফালে, দালাই লামাক অহিংসা, সহানুভূতি আৰু চীনা শাসনৰ অধীনত তিব্বতৰ সাংস্কৃতিক পৰিচয়ৰ বাবে দীৰ্ঘদিনীয়া সংগ্ৰামৰ প্ৰতীক হিচাপে গণ্য কৰা বিশ্বৰ অজস্ৰ বৌদ্ধ অনুগামীসকলৰ বাবেও এয়া এক ঐতিহাসিক সিদ্ধান্ত হিচাপে চিহ্নিত হৈছে।
 
তিব্বতীয়সকলৰ মতে, টেনজিন গিয়াটছ' হ'ল দালাই লামাৰ চতুৰ্দশ পুনৰ্জন্ম। দক্ষিণ আফ্ৰিকাৰ সমান উচ্চতাৰ চীনৰ বিশাল মালভূমি তিব্বতৰ বাবে অধিক স্বায়ত্তশাসনৰ বাবে তেওঁৰ অক্লান্ত প্ৰচাৰৰ বাবে দালাই লামাক অনুগামীসকলে যথেষ্ট প্ৰশংসা কৰে। ১৯৫৯ চনত চীনা সৈন্যই তিব্বতৰ ৰাজধানী লাছাত বিদ্ৰোহ দমন কৰাৰ পিছৰে পৰা দালাই লামা আৰু আন সহস্ৰাধিক তিব্বতীয়ে ভাৰতত বাস কৰি আহিছে।
শান্তিৰ ন'বেল বঁটা বিজয়ী বৌদ্ধ ধৰ্মগুৰুগৰাকীয়ে পূৰ্বে কৈছিল যে জনসাধাৰণৰ চাহিদা থাকিলেহে দালাই লামাৰ প্ৰতিষ্ঠান অব্যাহত থাকিব। তেওঁ আজি কয় যে বিগত ১৪ বছৰত দেশান্তৰিত তিব্বতীয় প্ৰবাসী, হিমালয় অঞ্চলৰ বৌদ্ধধৰ্মী, মংগোলিয়া আৰু ৰাছিয়া আৰু চীনৰ কিছু অংশৰ পৰা তেওঁ বহুতো আবেদন লাভ কৰিছে। তেওঁলোকে দালাই লামাৰ প্ৰতিষ্ঠান অব্যাহত ৰখাৰ বাবে আন্তৰিকতাৰে অনুৰোধ কৰিছে।
 
"বিশেষকৈ মই তিব্বতৰ তিব্বতীয়সকলৰ পৰা বিভিন্ন মাধ্যমৰ যোগেদি বাৰ্তা লাভ কৰিছো য'ত একেই আহ্বান জনোৱা হৈছে। এই সকলো অনুৰোধ অনুসৰি, মই নিশ্চিত কৰিছো যে দালাই লামাৰ প্ৰতিষ্ঠান অব্যাহত থাকিব।"-কেইবা দশক ধৰি বাস কৰি থকা হিমাচল প্ৰদেশৰ ধৰ্মশালাত ধৰ্মীয় নেতাসকলৰ এক বৈঠকৰ আৰম্ভণিতে তেওঁ ভিডিঅ' সম্প্ৰচাৰত এইদৰে কয়। 
 
উল্লেখ্য যে, দালাই লামাৰ বৰ্ধিত বয়সৰ প্ৰতি লক্ষ্য ৰাখি তিব্বতীয় লোকসকল নেতৃত্বৰ ভৱিষ্যত আৰু দালাই লামাৰ উত্তৰাধিকাৰৰ স্পৰ্শকাতৰ প্ৰশ্নক লৈ উদ্বিগ্নতাত ভুগি আছিল। ৬ জুলাইত নিজৰ ৯০সংখ্যক জন্মদিনৰ পূৰ্বে দালাই লামাই আজি এই গুৰুত্বপূৰ্ণ ঘোষণাৰে তিব্বতীয়সকলক ডাঙৰ সকাহ দিছে। 
 
ইফালে, আধ্যাত্মিক নেতাজনে তেওঁৰ মৃত্যুৰ পিছত এজন উত্তৰাধিকাৰী থাকিব বুলি কোৱাৰ পিছতে চীনে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। দেশখনে বুধবাৰে কয় যে দালাই লামাৰ পুনৰ্জন্মৰ বাবে তেওঁলোকৰ চৰকাৰে অনুমোদন জনাব লাগিব। "দালাই লামা, পাঞ্চেন লামা আৰু অন্যান্য মহান বৌদ্ধ ব্যক্তিত্বৰ পুনৰ্জন্মৰ বাবে সোণালী পাত্ৰৰ পৰা লটাৰী আঁকি বাছনি কৰিব লাগিব, আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াত অনুমোদন দিব লাগিব", বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিঙে ১৮ শতিকাত কিং ৰাজবংশৰ সম্ৰাটৰ দ্বাৰা প্ৰৱৰ্তিত পদ্ধতিৰ কথা উল্লেখ কৰি এক সংবাদমেলত এইদৰে কয়।
"চীনা চৰকাৰে ধৰ্মীয় বিশ্বাসৰ স্বাধীনতাৰ নীতি কাৰ্যকৰী কৰে, কিন্তু তিব্বতীয় জীৱিত বুদ্ধৰ পুনৰ্জন্মৰ ব্যৱস্থাপনা কৰাৰ বাবে ধৰ্মীয় বিষয় আৰু পদ্ধতিৰ ওপৰত নিয়মাৱলী আছে", মাওৱে কয়।
 
চীনে তেওঁক বিদ্ৰোহী আৰু বিচ্ছিন্নতাবাদী বুলি নিন্দা কৰাৰ বিপৰীতে আন্তঃৰাষ্ট্ৰীয়ভাৱে স্বীকৃত দালাই লামাই নিজকে এগৰাকী সাধাৰণ বৌদ্ধ সন্ন্যাসী বুলি অভিহিত কৰে। বহুতো প্ৰবাসী তিব্বতীয়ে আশংকা কৰে যে চীনে ১৯৫০ চনত সৈন্যবাহিনী নমাই দখল কৰা তিব্বত অঞ্চলটোৰ ওপৰত নিয়ন্ত্ৰণ শক্তিশালী কৰিবলৈ নিজৰ উত্তৰাধিকাৰী নিৰ্বাচন কৰিব। কিন্তু দালাই লামাই বুধবাৰে কয় যে পঞ্চদশ দালাই লামাক চিনাক্ত কৰাৰ দায়িত্ব কেৱল দালাই লামাৰ কাৰ্যালয় 'গাদেন পোড্ৰাং ট্ৰাষ্ট' (Gaden Phodrang Trust)ৰ ওপৰত নিৰ্ভৰ কৰিব।
 
"মই আজি পুনৰ কৈছো যে ভৱিষ্যতৰ উত্তৰাধিকাৰীক স্বীকৃতি দিয়াৰ একমাত্ৰ কৰ্তৃত্ব গাদেন পোডৰাং ট্ৰাষ্টৰহে আছে; এই বিষয়ত আন কোনেও হস্তক্ষেপ কৰাৰ কোনো কৰ্তৃত্ব নাই", তেওঁ লগতে কয়। 
 
দেশান্তৰিত তিব্বতীয় সমাজকৰ্মী চেমি লহমো (৩০)-এ কয় যে দালাই লামাই সদায় তিব্বতীয়সকলৰ স্বাৰ্থত কাম কৰিব। ইয়াত কোনো সন্দেহ নাই যে দালাই লামা প্ৰতিষ্ঠানে মানৱ জাতিৰ কল্যাণৰ বাবে সেৱা আগবঢ়াই থাকিব।