দীঘলীয়া অপেক্ষাৰ অন্ত; ৰে’ল সেৱাৰে সংযুক্ত হ'ব কাশ্মীৰ উপত্যকা

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ফটো
প্ৰতিনিধিত্বমূলক ফটো
 
নতুন দিল্লী

দীঘলীয়া অপেক্ষাৰ অন্তত কাশ্মীৰ উপত্যকাৰ জনসাধাৰণে প্ৰথমখন ৰে’ল সেৱা লাভ কৰিবলৈ সাজু হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১৯ এপ্ৰিলত কাট্ৰাৰ পৰা শ্ৰীনগৰলৈ যোৱা প্ৰথমখন ৰে’লৰ ফ্লেগ অফ কৰাৰ সম্ভাৱনা আছে।
 
উদ্বোধনী ৰে’লখন হ’ব বিশেষ বন্দে ভাৰত। ৰে’লখনৰ ফ্লেগ অফ কৰাৰ উপৰিও প্ৰধানমন্ত্ৰী মোদীয়ে সেইদিনা বিশ্বৰ সৰ্বোচ্চ চেনাব ৰে’লৱে দলংখনো পৰিদৰ্শন কৰিব আৰু একেদিনাই কাট্ৰাত এখন ৰাজহুৱা সমাৱেশ সম্বোধন কৰিব।
 
প্ৰধানমন্ত্ৰী মোদীৰ লগতে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় মন্ত্ৰী ড০ জিতেন্দ্ৰ সিং, জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহা, জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, লগতে অন্যান্য শীৰ্ষ ৰাজনৈতিক ব্যক্তি আৰু বিষয়াসকলো এই অনুষ্ঠানত উপস্থিত থাকিব। প্ৰথম অৱস্থাত এই ৰে’লখন কাট্ৰা আৰু শ্ৰীনগৰ/বাৰামুল্লাৰ মাজত চলাৰ সম্ভাৱনা আছে।
 
সূত্ৰসমূহে ইংগিত দিয়ে যে আগষ্ট মাহৰ পৰা জম্মু ৰেলৱে ষ্টেচনৰ সম্প্ৰসাৰণৰ কাম সম্পূৰ্ণ হোৱাৰ পিছত এই ৰে’লখন জম্মুৰ পৰা শ্ৰীনগৰ/বাৰামুল্লালৈকে চলিব বুলি আশা কৰা হৈছে। উল্লেখ্য যে, বৰ্তমানলৈকে দিল্লীৰ পৰা শ্ৰীনগৰলৈ কোনো প্ৰত্যক্ষ ৰেল সেৱা নাই।