আগৰতলা-কৰিমগঞ্জ-আগৰতলা মেমু ৰে'ল সেৱাৰ আৰম্ভ

Story by  atv | Posted by  Munni Begum • 1 h ago
প্ৰতিনিধিত্বমুলক ফটো
প্ৰতিনিধিত্বমুলক ফটো
 
আগৰতলা (ত্ৰিপুৰা)
 
ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাই শনিবাৰে আগৰতলা ৰে'ল ষ্টেচনৰ পৰা বহু প্ৰতীক্ষিত আগৰতলা-কৰিমগঞ্জ-আগৰতলা মেমু (MEMU) ৰে'ল সেৱাৰ শুভ উদ্বোধন কৰে। এই নতুন ৰে'ল সেৱাই ত্ৰিপুৰা আৰু অসমৰ মাজত নিয়মীয়াকৈ যাতায়াত কৰা যাত্ৰীসকলৰ বাবে এক উল্লেখযোগ্য সুবিধা কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ ৰাজীব ভট্টাচাৰ্জী, জিলা আয়ুক্তবিশাল কুমাৰকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
 
নতুন দৈনিক ৰে'ল সেৱাখনৰ ফলত বিশেষকৈ চাকৰিয়াল, ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ত নিয়োজিত লোক আৰু নিয়মীয়াকৈ আগৰতলা-কৰিমগঞ্জৰ মাজত অহা-যোৱা কৰা হাজাৰ হাজাৰ যাত্ৰী উপকৃত হ'ব।
 
ত্ৰিপুৰা আৰু অসমৰ বাসিন্দাসকলে দীৰ্ঘদিন ধৰি উন্নত ৰে'ল সংযোগৰ অপেক্ষাত আছিল। সেয়ে এই নতুন ৰে'ল সেৱা আৰম্ভ হোৱাত দুয়োখন ৰাজ্যৰ সাধাৰণ ৰাইজে সন্তোষ প্ৰকাশ কৰিছে।
 
ইয়াৰ পূৰ্বে, বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী মানিক সাহাই নতুন দিল্লীত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে এখন বিস্তৃত পৰ্যালোচনা বৈঠকত মিলিত হয়। বৈঠকত ৰাজ্যখনত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহৰ অগ্ৰগতি আৰু ভৱিষ্যতৰ পথ আন্তঃগাঁথনি উন্নয়নৰ বিভিন্ন দিশত আলোচনা কৰা হয়।
 
বৈঠকত চলি থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পসমূহ দ্ৰুতগতিত সম্পূৰ্ণ কৰা, বিদ্যমান পথসমূহৰ উন্নত ৰক্ষণাবেক্ষণ নিশ্চিত কৰা আৰু ৰাজ্যৰ ভিতৰত তথা চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে অধিক সুদৃঢ় সংযোগ স্থাপনৰ বাবে নতুন প্ৰকল্প গ্ৰহণৰ বিষয়ত গুৰুত্ব আৰোপ কৰা হয়। 
 
বৈঠকৰ আৰম্ভণিতে মুখ্যমন্ত্ৰী সাহাই ত্ৰিপুৰাত ৰাষ্ট্ৰীয় ঘাইপথৰ ব্যাপক সম্প্ৰসাৰণৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ উল্লেখ কৰে যে, ২০১৪ চনত ৰাজ্যখনত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ১৯৮ কিলোমিটাৰ আছিল যদিও ২০২৬ চনত সেয়া বৃদ্ধি পাই ৯২৩ কিলোমিটাৰত উপনীত হৈছে।
 
বৈঠকত মুখ্যমন্ত্ৰীগৰাকীয়ে সময়সীমাৰ ভিতৰত ৰূপায়ণ কৰিবলগীয়া কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰে। বিশেষকৈ,ৰাষ্ট্ৰীয় ঘাইপথ ৮ (NH-08)-ৰ চুৰাইবাৰী-চম্পকনগৰ (১৩০ কিলোমিটাৰ) অংশ চাৰি লেনলৈ উন্নীত কৰাৰ প্ৰস্তাৱিত পথৰেখাক লৈ তেওঁ নিজৰ উদ্বেগ প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ সৈতে আলোচনা মৰ্মে কেন্দ্ৰীয় মন্ত্ৰালয়ে এই প্ৰকল্প অনুমোদন জনাইছে।
 
এই নতুন গ্ৰীণফিল্ড চাৰি লেনৰ ঘাইপথটো ৰে'লপথৰ সমান্তৰালভাৱে নিৰ্মাণ কৰা হ'ব। ইয়াত আঠাৰামুৰা আৰু লংথৰাই পৰ্বতমালাৰ মাজেৰে সুৰংগ নিৰ্মাণৰ ব্যৱস্থাও থাকিব। এই প্ৰকল্পৰ বাবে অচিৰেই ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'ব।
 
ইয়াৰ লগতে, বাৰিষা কালত ওচৰৰ জনবসতিপূৰ্ণ অঞ্চলসমূহত জলাবদ্ধতা আৰু পাহাৰীয়া অঞ্চলত ভূমিস্খলন ৰোধ কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ কাষত পৰ্যাপ্ত নলা-নৰ্দমা ব্যৱস্থা আৰু প্ৰতিৰোধী দেৱাল নিৰ্মাণৰ ওপৰতো মুখ্যমন্ত্ৰী সাহাই বিশেষ গুৰুত্ব আৰোপ কৰে।