এভিয়ান (ফ্ৰান্স)
ফ্ৰান্সৰ এভিয়ানত অনুষ্ঠিত জি-৭ সন্মিলনত বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে "আৰ্টিফিচিয়েল ইণ্টেলিজেন্স বা কৃত্ৰিম বুদ্ধিমত্তাৰ এক সুৰক্ষিত, দ্ৰুত আৰু দক্ষ প্ৰসাৰ নিশ্চিতকৰণ" শীৰ্ষক আউটৰিচ অধিবেশনত ভাষণ প্ৰদান কৰে।
প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স মানৱ সভ্যতাৰ দিশ সলনি কৰিব পৰা এক যুগান্তকাৰী শক্তি হ’লেও, ই মানুহক সবলীকৰণ কৰিব লাগিব। তেওঁ বুজাই দিয়ে যে এই বৃহৎ চিন্তাধাৰাৰে ভাৰতে শেহতীয়াকৈ 'এআই ইমপেক্ট ছামিট' আয়োজন কৰিছিল। এআইৰ ক্ষেত্ৰত ভাৰতৰ মানৱ-কেন্দ্ৰিক বা 'মানৱ' দৃষ্টিভংগীৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ কয় যে এই প্ৰযুক্তি সৰ্বাংগীনতা (সকলোকে অন্তৰ্ভুক্ত কৰা), সুৰক্ষা আৰু জনকল্যাণৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হ’ব লাগিব।
ভাৰতে সদায় চাইবাৰ স্পেচ বা ইণ্টাৰনেট জগতখনক এক গোলকীয় জনকল্যাণমূলক মাধ্যম হিচাপে গণ্য কৰি আহিছে বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে যে গণতান্ত্ৰিক দেশসমূহৰ হাতত এনে এআই মডেল থাকিব লাগে যিয়ে তেওঁলোকৰ গুৰুত্বপূৰ্ণ তথ্য প্ৰযুক্তিৰ আন্তঃগাঁথনি সুৰক্ষিত কৰিব পাৰে আৰু চাইবাৰ ভাবুকিৰ মোকাবিলা কৰাত সহায় কৰিব পাৰে। তেওঁ এআই উন্নয়নৰ বাবে এক সংহত দৃষ্টিভংগীৰ আহ্বান জনায়, য’ত সুৰক্ষা, গতি আৰু দক্ষতাক একেলগে গুৰুত্ব দিয়া হয়।
বিজ্ঞপ্তি অনুসৰি, এই সন্দৰ্ভত তেওঁ চাৰিটা পৰামৰ্শ আগবঢ়ায়:
১/ এআই ব্যৱস্থাসমূহ আৰম্ভণিৰে পৰাই সুৰক্ষিতভাৱে প্ৰস্তুত কৰিব লাগে
২/ এআই ব্যৱহাৰৰ সমান্তৰালভাৱে সাধাৰণ মানদণ্ড, পৰীক্ষণৰ গাঁথনি আৰু নিয়ন্ত্ৰণমূলক নীতি-নিৰ্দেশনা থাকিব লাগিব
৩/ ডিপফেক, ভুল তথ্য আৰু চাইবাৰ প্ৰৱঞ্চনাৰ বিৰুদ্ধে যুঁজিবলৈ ফলপ্ৰসূ গোলকীয় সহযোগিতা থাকিব লাগে
৪/ এক সৰ্বাংগীন বিশ্ব নিশ্চিত কৰিবলৈ এআইৰ লাভালাভসমূহ গ্ল’বেল চাউথ অৰ্থাৎ উন্নয়নশীল দেশসমূহৰ ওচৰলৈ যাব লাগিব।
বিজ্ঞপ্তিটোত কোৱা হৈছে যে প্ৰধানমন্ত্ৰীয়ে ভাষণৰ সামৰণিত কয় যে এআইএ মানুহৰ সম্ভাৱনাক প্ৰসাৰিত কৰিব লাগিব, মানুহৰ পচন্দক শক্তিশালী কৰিব লাগিব আৰু মানৱ মৰ্যাদা ৰক্ষা কৰিব লাগিব। তেওঁ উল্লেখ কৰে যে ভাৰতে এই উদ্দেশ্যসমূহক প্ৰসাৰিত কৰিবলৈ অংশীদাৰসকলৰ সৈতে কাম কৰি যাব।
ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে জি-৭ সন্মিলনৰ উপৰিভাগত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পকো সাক্ষাৎ কৰে। পশ্চিম এছিয়াত চলি থকা সংঘাতৰ অন্ত পেলাই সমগ্ৰ অঞ্চলটোত শান্তি আৰু সুস্থিৰতা ঘূৰাই অনাৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰচেষ্টাক তেওঁ প্ৰশংসা কৰে। ইয়াৰ উপৰিও তেওঁ হৰমুজ প্ৰণালীত মুক্ত জাহাজ চলাচল আৰু বাধাহীন বাণিজ্য বজায় ৰখাৰ গুৰুত্ব আৰু নাৱিকসকলৰ সুৰক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
দুয়োগৰাকী নেতাই ২০২৫ চনৰ ফেব্ৰুৱাৰীত ৱাশ্বিংটন ডিচিত হোৱা তেওঁলোকৰ বৈঠকৰ পিছৰে পৰা ভাৰত-আমেৰিকা কম্পেক্টৰ অধীনত লাভ কৰা উল্লেখনীয় অগ্ৰগতিৰ পৰ্যালোচনা কৰে। তেওঁলোকে প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, শক্তি আৰু দ্বিপাক্ষিক বাণিজ্য খণ্ডৰ গুৰুত্বপূৰ্ণ উন্নয়নসমূহক আদৰণি জনায়।
বিজ্ঞপ্তিটোত জনোৱা হৈছে যে নেতাদ্বয়ে এক অন্তৱৰ্তীকালীন দ্বিপাক্ষিক বাণিজ্য চুক্তিৰ দিশে চলি থকা আলোচনাত হোৱা উল্লেখনীয় অগ্ৰগতিক লৈ বিশেষ সন্তোষ প্ৰকাশ কৰে আৰু অতি সোনকালে এক সন্তুলিত, পাৰস্পৰিকভাৱে লাভজনক আৰু বাণিজ্যিকভাৱে ফলপ্ৰসূ চুক্তিৰ দিশত কাম কৰিবলৈ নিজৰ বিষয়াসকলক নিৰ্দেশ দিয়ে। এই সন্দৰ্ভত আমেৰিকাৰ বাণিজ্য প্ৰতিনিধি জেমিছন গ্ৰীয়াৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব।
বিজ্ঞপ্তিটোত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদী আৰু ৰাষ্ট্ৰপতি ট্ৰাম্পে ভাৰত-আমেৰিকাৰ ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বক অধিক শক্তিশালী কৰা আৰু দুয়োখন দেশ তথা ইয়াৰ জনসাধাৰণৰ পাৰস্পৰিক লাভৰ বাবে সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াই নিয়াৰ সংকল্প পুনৰবাৰ ব্যক্ত কৰে।