নগাঁৱৰ কাটিমাৰি গ্ৰাণ্টৰ চিআৰপিএফ কেম্পত অঘটন; ৩ জোৱানৰ মৃত্যু

Story by  atv | Posted by  [email protected] • 1 Months ago
প্ৰতিনিধিত্বমূলক ছবি
প্ৰতিনিধিত্বমূলক ছবি
 
গুৱাহাটী
 
নগাঁৱত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। পৰস্পৰৰ সংঘাতৰ ফলত প্ৰাণ গ'ল তিনিজন চিআৰপিএফ জোৱানৰ। নগাওঁৰ কাটিমাৰি গ্ৰাণ্টত থকা চিআৰপিএফৰ শিবিৰ এটাত এই ঘটনা সংঘটিত হৈছে।
 
জানিব পৰা মতে, কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ এজন জোৱানে নিজৰ ছাৰ্ভিচ মাৰনাস্ত্ৰৰে সতীৰ্থ দুই জোৱানক গুলীয়াই হত্যা কৰে৷ এই ঘটনা সংঘটিত কৰাৰ পাছতে অভিযুক্ত জোৱানজনে নিজকেও গুলীয়ায়।
 
এই ঘটনাত নিহতসকল হৈছে ৰামন সিং যাদৱ, বল্লানী প্ৰেমাবৰম আৰু বিষ্ণুপ্ৰসাদ বাঘাল। গুলীচালনাত গোবিন্দ শ্ৰীপাল নামৰ আন এজন এছ আই আহত হয়।