অসমত বানৰ বিভীষিকাঃ মৃতকৰ সংখ্যা ৮৯ জনলৈ বৃদ্ধি; কামৰূপ মেট্ৰ’ত পুনৰ কৃত্ৰিম বান, আক্ৰান্ত ৭ সহস্ৰাধিক

Story by  atv | Posted by  Nikunja Nath • 5 h ago
অসমত বানৰ বিভীষিকাঃ মৃতকৰ সংখ্যা ৮৯ জনলৈ বৃদ্ধি; কামৰূপ মেট্ৰ’ত পুনৰ কৃত্ৰিম বান, আক্ৰান্ত ৭ সহস্ৰাধিক
অসমত বানৰ বিভীষিকাঃ মৃতকৰ সংখ্যা ৮৯ জনলৈ বৃদ্ধি; কামৰূপ মেট্ৰ’ত পুনৰ কৃত্ৰিম বান, আক্ৰান্ত ৭ সহস্ৰাধিক
 
গুৱাহাটী 
 
চলিত বৰ্ষত বানপানীয়ে অসমত এক প্ৰকাৰৰ বিভীষিকাৰ সৃষ্টি কৰিছে। বিধ্বংসী বানত ৰাজ্যখনত এই পৰ্যন্ত ৮৯ জন লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে। আনহাতে, গুৱাহাটী মহানগৰীৰ একাংশ অঞ্চলত কৃত্ৰিম বানে পুনৰবাৰ জটিল ৰূপ ধাৰণ কৰিছে। দুৰ্যোগ প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা প্ৰণালী (DRIMS)ৰ শেহতীয়া প্ৰতিবেদন অনুসৰি, কামৰূপ (মহানগৰ) জিলাত প্ৰায় ৭,০০০ লোক এই কৃত্ৰিম বানৰ কবলত পৰিছে।
 
মঙলবাৰে সন্ধিয়া প্ৰকাশ পোৱা অসমৰ নগৰীয়া বান প্ৰতিবেদন অনুসৰি, বৰ্তমান কৃত্ৰিম বানপানী কেৱল কামৰূপ (মহানগৰ) জিলাতে সীমাবদ্ধ হৈ আছে। জিলাখনৰ সোণাপুৰ, গুৱাহাটী আৰু দিছপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১১ খন গাঁও আৰু অঞ্চল এতিয়াও বানৰ কৱলত আছে। প্ৰতিবেদন অনুসৰি, বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হোৱা ৭,০০০ লোকৰ ভিতৰত ৪,৮০০ জন পুৰুষ, ২,০৩০ গৰাকী মহিলা আৰু ১৭০ টা শিশু।
 
প্ৰশাসনৰ তৰফৰ পৰা বানপীড়িতৰ সুবিধাৰ্থে ৫ টা সাহায্য বিতৰণ কেন্দ্ৰ মুকলি কৰা হৈছে। অৱশ্যে, বৰ্তমানলৈকে কোনো আশ্ৰয় শিবিৰ স্থাপন কৰা হোৱা নাই। সাহায্য বিতৰণ ব্যৱস্থাৰ জৰিয়তে শিবিৰৰ বাহিৰতে মুঠ ৬,৭৯০ জন লোকক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰা হৈছে।
 
প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, কামৰূপ (মহানগৰ) জিলাত চলি থকা কৃত্ৰিম বানৰ ফলত কোনো লোকৰ মৃত্যু বা সন্ধানহীন হোৱাৰ তথ্য পোহৰলৈ অহা নাই। ইয়াৰ লগতে, বাসগৃহ, পোহনীয়া জীৱ-জন্তু আৰু ৰাস্তা-ঘাট বা দলং আদিৰ দৰে ৰাজহুৱা আন্তঃগাঁথনিৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই বুলিও জানিব পৰা গৈছে।
 
বানপীড়িত অঞ্চলসমূহত ৰাজ্যিক দুৰ্যোগ সঁহাৰি নিধি (SDRF), অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা, অসামৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক, জিলা দুৰ্যোগ সঁহাৰি নিধি (DDRF) আৰু স্থানীয় প্ৰশাসনকে ধৰি কেইবাটাও সংস্থাই একত্ৰিতভাৱে উদ্ধাৰ অভিযান চলাই আছে। উদ্ধাৰ কাৰ্যৰ বাবে ৫ খন নাও ব্যৱহাৰ কৰা হৈছে আৰু আক্ৰান্ত অঞ্চলসমূহৰ পৰা ৩০০ জন লোকক সুৰক্ষিত স্থানলৈ নিয়া হৈছে।
 
প্ৰতিবেদনত উল্লেখ কৰা মতে, বানত আক্ৰান্ত লোকসকলৰ মাজত সাহায্য হিচাপে ১২,০০০ লিটাৰ বিশুদ্ধ খোৱাপানী (মিনাৰেল ৱাটাৰ), ২৫০ খন ত্ৰিপাল, ১২,০০০ পেকেট বিস্কুট, ৩০,০০০ ডাল মমবাতি আৰু ৫,০০০ পেকেট ব্ৰেড বিতৰণ কৰা হৈছে।