গুৱাহাটী
দক্ষিণ দিল্লীৰ মালব্য নগৰ অঞ্চলত অৰুণাচল প্ৰদেশৰ তিনিগৰাকী মহিলাক বৰ্ণবৈষম্যমূলক দুৰ্ব্যৱহাৰ আৰু অপৰাধমূলক ভাবুকি প্ৰদান কৰা কাৰ্যক কেন্দ্ৰ কৰি কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে বুধবাৰে কয় যে তেওঁৰ কাৰ্যালয়ে প্ৰথম দিনৰ পৰাই ভুক্তভোগীসকল আৰু দিল্লী আৰক্ষীৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিছে। তেওঁ স্পষ্ট কৰি দিয়ে যে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
ৰিজিজুৱে জানিবলৈ দিয়ে যে এই গোচৰত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু জোৰ দি কয় যে ৰাষ্ট্ৰীয় ৰাজধানীত উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ বিৰুদ্ধে হোৱা যিকোনো দুৰাচাৰক কৰ্তৃপক্ষই অতি গুৰুত্বসহকাৰে গ্ৰহণ কৰে।
"মালব্য নগৰত অৰুণাচলৰ তিনিগৰাকী যুৱতীৰ সৈতে শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাৰ সন্দৰ্ভত মোৰ নিজৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁলোকৰ সৈতে যোগাযোগ কৰি আছে আৰু আমি প্ৰথম দিনৰ পৰাই দিল্লী আৰক্ষীৰ সৈতে যোগাযোগত আছোঁ। যদি দিল্লীত উত্তৰ-পূৰ্বাঞ্চলৰ কাৰোবাৰ সৈতে কিবা ঘটনা ঘটে, আমি তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰোঁ। মালব্য নগৰৰ এই ঘটনাত আৰক্ষীয়ে ব্যৱস্থা লৈছে। মই ব্যক্তিগতভাৱে ইয়াৰ অনুসৰণ (Follow up) কৰি আছোঁ আৰু গ্ৰেপ্তাৰো কৰা হৈছে। আমি কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিম আৰু এটা শিক্ষা দিম যে উত্তৰ-পূৰ্বাঞ্চলৰ লোকৰ সৈতে দুৰ্ব্যৱহাৰ কৰিব নালাগে," তেওঁ কয়।
তেওঁ লগতে কয়, "অতীতত উত্তৰ-পূৰ্বাঞ্চলৰ ল’ৰা-ছোৱালীবোৰক নিৰ্যাতন চলোৱা হৈছিল। তেওঁলোকক মাৰপিট কৰি পেলাই দিয়া হৈছিল আৰু কোনেও প্ৰশ্ন নকৰিছিল, আনকি আৰক্ষীয়েও কোনো ব্যৱস্থা লোৱা নাছিল। বৰঞ্চ আৰক্ষীয়েহে উত্তৰ-পূৰ্বাঞ্চলৰ শিক্ষাৰ্থীসকলক হাৰাশাস্তি কৰিছিল, কিন্তু আজিকালি তেওঁলোকে তেনে কৰিব নোৱাৰে। প্ৰধানমন্ত্ৰীৰ নেতৃত্বত আমি দিল্লী আৰক্ষীৰ ভিতৰত এটা বিশেষ বাহিনী (Special Force) গঠন কৰিছোঁ, যাতে উত্তৰ-পূৰ্বাঞ্চলৰ যিকোনো সমস্যাৰ খবৰ পোৱাৰ লগে লগে ব্যৱস্থা গ্ৰহণ কৰা হয়। দেশৰ বিভিন্ন ৰাজ্যত উত্তৰ-পূৰ্বাঞ্চলৰ ল’ৰা-ছোৱালীৰ সৈতে জড়িত ঘটনাবোৰ আমি নিৰন্তৰ তদাৰক কৰি থাকোঁ।"
কিৰেন ৰিজিজুৱে কয় যে উত্তৰ-পূৰ্বাঞ্চলৰ পৰিস্থিতি এতিয়া সলনি হৈছে। তেওঁ উল্লেখ কৰে যে এজন জ্যেষ্ঠ মন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যালয়ে কেৱল দাবী কৰিয়েই ক্ষান্ত নাথাকি প্ৰকৃত ব্যৱস্থা গ্ৰহণ কৰে। তেওঁ ৰাইজক আশ্বাস দিয়ে যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চৰকাৰে এই অঞ্চলটোক অগ্ৰাধিকাৰ দিছে আৰু ইয়াৰ মৰ্যাদা ৰক্ষাৰ বাবে সংকল্পবদ্ধ।
ঘটনাটো ২০ ফেব্ৰুৱাৰীৰ আবেলি সংঘটিত হৈছিল। মালব্য নগৰৰ এটা এপাৰ্টমেণ্ট কমপ্লেক্সত ভাৰা হিচাপে থকা তিনিগৰাকী মহিলাই নিজৰ ফ্লেটত বৈদ্যুতিক কাম তদাৰক কৰি আছিল। এজন ইলেকট্ৰিচিয়ানৰ ড্ৰিলিং কামৰ পৰা ওলোৱা ধূলি তলৰ মহলাৰ চুবুৰীয়াৰ ঘৰত সোমোৱাৰ অভিযোগ উত্থাপন হোৱাত এই সৰু বিবাদটো এক উত্তপ্ত পৰিস্থিতিলৈ ৰূপান্তৰিত হয়।
অভিযোগকাৰীসকলে মানসিক হাৰাশাস্তি আৰু অপমানৰ অভিযোগ তুলিছে, অৱশ্যে কোনো শাৰীৰিক আঘাতৰ খবৰ পোৱা হোৱা নাই। আৰক্ষীয়ে আইন অনুযায়ী পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব।
আৰক্ষীয়ে জনোৱা মতে, উত্তৰ-পূৰ্বাঞ্চলৰ তিনিগৰাকী মহিলাক বৰ্ণবৈষম্যমূলক গালি-গালাজ আৰু অপৰাধমূলক ভাবুকি দিয়াৰ অভিযোগত দক্ষিণ দিল্লীৰ মালব্য নগৰ থানাত দুজন স্থানীয় বাসিন্দাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে।
এই এফআইআৰ (FIR) বি এন এছৰ (BNS) ৭৯ ধাৰা (মহিলাৰ মৰ্যাদা হানি কৰা), ৩৫১(২) ধাৰা (অপৰাধমূলক ভাবুকিৰ শাস্তি), ১৯৬ ধাৰা (ধৰ্ম, বৰ্ণ, জন্মস্থান আদিৰ ভিত্তিত বিভিন্ন গোটৰ মাজত শত্ৰুতা বৃদ্ধি কৰা) আৰু ৩(৫) ধাৰাৰ অধীনত ৰুজু কৰা হৈছে। অভিযুক্তসকলক মালব্য নগৰৰ বাসিন্দা হৰ্ষ সিং আৰু তেওঁৰ পত্নী ৰুবী জৈন বুলি চিনাক্ত কৰা হৈছে।
এই বিষয়টো গুৰুত্বসহকাৰে লৈ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱেও নিশ্চিত কৰিছে যে তেওঁ ব্যক্তিগতভাৱে দিল্লী আৰক্ষী আয়ুক্তৰ সৈতে কথা পাতিছে যাতে পলাতক অভিযুক্তসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হয়। কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়েও এই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে।