গুৱাহাটী
অসম চৰকাৰৰ মন্ত্ৰীসভা সম্প্ৰসাৰণৰ অনুমোদন লাভ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অহা ৫ জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ’ব ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে সামাজিক মাধ্যমত সদৰী কৰে এই কথা৷ সামাজিক মাধ্যম এক্সত মুখ্যমন্ত্ৰীয়ে কয়, "আপোনালোকক আনন্দেৰে অৱগত কৰিব বিচাৰিছোঁ যে অহা ৫ জুন ২০২৬ত অসম চৰকাৰৰ মন্ত্ৰী পৰিষদৰ সম্প্ৰসাৰণ কৰা হ'ব।"
মুখ্যমন্ত্ৰী শৰ্মাই শনিবাৰে নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ প্ৰধানমন্ত্ৰীক সাক্ষাতৰ কিছু সময়ৰ পাছতেই অৰ্থাৎ দেওবাৰে পুৱা মুখ্যমন্ত্ৰী শৰ্মাই সামাজিক মাধ্যমত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে, মুখ্যমন্ত্ৰীসহ পাঁচজন মন্ত্ৰীৰে বৰ্তমান চলি আছে মন্ত্ৰীসভা। ১২ মে'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানত চাৰিজন সতীৰ্থক লগত লৈ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাবে হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ কৰে৷ শৰ্মাৰ মন্ত্ৰীসভাত স্থান লাভ কৰা এই চাৰি বিধায়ক হৈছে ক্ৰমে - প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়ো৷ ইয়াৰ পাছৰে পৰা নতুন মন্ত্ৰীসভাক লৈ জল্পনা কল্পনা অব্যাহত আছিল৷
ইয়াৰ মাজতেই মুখ্যমন্ত্রীয়ে জুন মাহৰ প্ৰথম সপ্তাহত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব বুলি ঘোষণা কৰিছিল। তেওঁ লগতে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য ৩ জুনলৈকে মংগোলীয়া ভ্ৰমণত থকাৰ বাবে তেওঁ অহাৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ হ'ব বুলি ঘোষণা কৰিছিল।
জানিব পৰা মতে, শপতগ্ৰহণ অনুষ্ঠান গুৱাহাটীতে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে।