অসমৰ খচৰা ভোটাৰ তালিকা প্ৰকাশ; ৪,৭৮,৯৯২ গৰাকীৰ নাম কৰ্তন

Story by  atv | Posted by  Munni Begum • 2 h ago
কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ এক দৃশ্য
কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশৰ এক দৃশ্য
 
গুৱাহাটী
 
শনিবাৰ অৰ্থাৎ ২৭ ডিচেম্বৰত নিৰ্বাচন আয়োগে প্ৰকাশ কৰিলে ভোটাৰ তালিকাৰ খচৰা। সমগ্ৰ ৰাজ্যতে ঘৰে ঘৰে গৈ তৈয়াৰ কৰা হৈছে এই খচৰা তালিকা। এই প্ৰক্ৰিয়া অনুসৰি ৪,৭৮,৯৯২ গৰাকী মৃত ভোটদাতাক চিনাক্ত কৰি কৰ্তন কৰা হৈছে নাম। 
 
খচৰা তালিকা প্ৰকাশৰ পিছত ভোটদাতাসকলে ২০২৬ চনৰ ২২ জানুৱাৰীলৈ দাবী তথা আপত্তিৰ আবেদন কৰিব পাৰিব। নতুন ভোটদাতাৰ নাম পঞ্জীয়ন কৰা, নাম, বয়স আৰু ঠিকনাৰ দৰে ব্যক্তিগত তথ্য শুধৰণি তথা নাম কৰ্তন কৰাৰ বাবে আবেদন প্ৰস্তুত কৰা হ'ব পাৰে।
 
নিৰ্বাচন বিষয়াসকলে কয় যে, দাবী আৰু আপত্তি নিস্পতি কৰাৰ পিছত, ২০২৬চনৰ ১০ ফ্ৰেব্ৰুৱাৰীত চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব। বিষয়াসকলে জনোৱা অনুসৰি, খচৰা তালিকাত প্ৰায় ২,৫২,০২,৭৭৫ ভোটদাতাৰ নাম সন্নিৱিষ্ট হৈছে। ভোটদাতাসকলৰ ভিতৰত ১,২৫,৭২,৫৮৩ গৰাকী পুৰুষ ভোটদাতা আৰু ১,২৬,২৮,৬৬২ গৰাকী মহিলা ভোটদাতা আৰু অন্যান্য ৩৭৯ ভোটদাতাৰ নাম সন্নিৱিষ্ট হৈছে।   
 
অসমৰ খচৰা ভোটাৰ তালিকা শুকুৰবাৰে বিশেষ সংশোধন (SR) প্ৰক্ৰিয়াৰ মাধ্যমেৰে ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ কৰা হৈছে। যাৰ জৰিয়তে ভোটদাতাসকলে নিজৰ তথ্য নিশ্চিত কৰাৰ লগতে আপডেট কৰিব পাৰিব।
 
ভোটদাতাসকলক বিধানসভা নিৰ্বাচনৰ পূৰ্বে যিকোনো ভুল-ত্ৰুটিৰ পৰা বাচিবলৈ খচৰা ভোটাৰ তালিকাত নিজৰ তথ্য পৰীক্ষা কৰিবলৈ আহ্বান জনোৱা হয়। খচৰা ভোটাৰ তালিকা অসমৰ মুখ্য নিৰ্বাচন বিষয়াৰ চৰকাৰী ৱেবচাইট cecassam.nic.in ত উপলব্ধ।
 
ইপিনে আজি কামৰূপ মহানগৰ জিলাৰ পাঁচটা বিধানসভা সমষ্টি সামৰি ফটোযুক্ত খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰা হৈছে। এই সন্দৰ্ভত যাৱতীয় তথ্য সদৰী কৰি কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত জিলা আয়ুক্ত সুমিত ছাত্তাৱনে কয়, "খচৰা ভোটাৰ তালিকা অনুসৰি দিছপুৰ সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ৪৯ হেজাৰ ৭৪৬ জন। তাৰ ভিতৰত পুৰুষ ভোটাৰ ১২১১৮০ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ১২৮৫৫২ আৰু তৃতীয় লিংগৰ ১৪ গৰাকী আছে। সমষ্টিটোত ২৪৯ পৰিৱৰ্তে ২৭২ টালৈ ভোটকেন্দ্ৰ বৃদ্ধি কৰা হৈছে।"
 
একেদৰে, ডিমৰীয়া সমষ্টিত ২ লাখ ২১ হেজাৰ ৯৯ জন। তাৰ ভিতৰত পুৰুষ ভোটাৰ ১০৭৫২৬ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ১১৩৫৬৭ আৰু তৃতীয় লিংগৰ ৬ গৰাকী ভোটাৰ আছে। সমষ্টিটোত ২৪০ পৰিৱৰ্তে ২৬২ টালৈ ভোটকেন্দ্ৰ বৃদ্ধি কৰা হৈছে। নিউ গুৱাহাটী সমষ্টিত ১ লাখ ৯৬ হেজাৰ ১৬ জন।‌ তাৰ ভিতৰত পুৰুষ ভোটাৰ ৯৪৩৯০ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ১০১৬২১ আৰু তৃতীয় লিংগৰ ৫ গৰাকী আছে। সমষ্টিটোত ২০১ৰ পৰিৱৰ্তে ২১৯ টালৈ ভোটকেন্দ্ৰ বৃদ্ধি কৰা হৈছে। গুৱাহাটী চেণ্ট্ৰেল সমষ্টিত ১ লাখ ৯৮ হেজাৰ ৯১ জন। তাৰ ভিতৰত পুৰুষ ভোটাৰ ৯৭৮৮৫ গৰাকীৰ বিপৰীতে মহিলা ভোটাৰ ১০০২০২ আৰু তৃতীয় লিংগৰ ৪ গৰাকী আছে। সমষ্টিটোত ২০১ ৰ পৰিৱৰ্তে ২১৮ টালৈ ভোটকেন্দ্ৰ বৃদ্ধি কৰা হৈছে।"
 
আনহাতে, জালুকবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ২ লাখ ১০ হেজাৰ ৬২৪ জন। তাৰ ভিতৰত পুৰুষ ভোটাৰ ১০০৪০৭ ,মহিলা ভোটাৰ ১১০২০৯ আৰু তৃতীয় লিংগৰ ভোটাৰ ৮ গৰাকী আছে। সমষ্টিত ২২২ টা ভোটকেন্দ্ৰৰ পৰা ২৪৭ টালৈ বৃদ্ধি কৰা হৈছে। পাঁচটা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা ১০ লাখ ৭৫ হেজাৰ ৫৭৬ গৰাকী। এই তথ্য সদৰী কৰি জিলা আয়ুক্ত‌‌‌ সুমিত ছাত্তাৱনে আৰু কয়, "খচৰা ভোটাৰ তালিকা সন্দৰ্ভত আজিৰে পৰা ২২ জানুৱাৰী পৰ্যন্ত ৰাইজে দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব। একেদৰে, খচৰা ভোটাৰ তালিকা সন্দৰ্ভত অহা ৩, ৪, ১০ আৰু ১১ জানুৱাৰীত বিশেষ শিবিৰ অনুষ্ঠিত কৰা হ'ব।"
 
এইকেইটা দিনত বিশেষ অভিযোগ থাকিলে ৰাইজে দিব পাৰিব বুলি আয়ুক্ত সুমিত ছাত্তাৱনে প্ৰকাশ কৰে। তদুপৰি দাবী-আপত্তি সংশ্লিষ্ট নিৰ্বাচনী পঞ্জীয়ন বিষয়া অথবা বুথ পৰ্যায়ৰ বিষয়াক দাখিল কৰিব পাৰিব। অনলাইনৰ জৰিয়তেও voters.eci.gov.in অথবা voter helpline app ৰ জৰিয়তে দাবী, আপত্তি দাখিলৰ সুবিধা উপলব্ধ আছে।
 
তেওঁ লগতে কয় যে, পূৰ্বতকৈ এইবাৰ ১.৬৩ শতাংশ ভোটাৰ বৃদ্ধি পাইছে। একেদৰে, পূৰ্বতকৈ ১০৫ টা ভোটকেন্দ্ৰ বৃদ্ধি কৰাৰ ফলত বৰ্তমান কামৰূপ মহানগৰ জিলাত মুঠ ভোটকেন্দ্ৰৰ সংখ্যা হৈছে ১২১৮।