গুৱাহাটী
অসম কেবিনেটে ৰাজ্যৰ ছয়টা প্ৰধান জনগোষ্ঠীক অনুসূচিত জনজাতি(ST)ৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ সন্দৰ্ভত মন্ত্রী গোট(GoM)ৰ প্ৰতিবেদনত অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে সদৰী কৰে।
উল্লেখ্য যে টাই আহোম, চুতীয়া, মৰাণ, মটক, কোচ-ৰাজবংশী আৰু চাহ জনগোষ্ঠী(আদিবাসী)- এই ছয়টা জনগোষ্ঠীয়ে দীৰ্ঘদিন ধৰি (ST)ৰ মৰ্যাদা প্ৰদানৰ দাবী জনাই আহিছে।
''ৰাজ্যখনৰ জনজাতি পৰিক্ৰমা বিভাগে এই প্ৰতিবেদন বিধানসভাত দাখিল কৰিব আৰু আমি শনিবাৰে শীতকালীন অধিৱেশন শেষ হোৱাৰ পূৰ্বে অধ্যক্ষক সদনত দাখিল কৰিবলৈ অনুৰোধ কৰিম।’’- মুখ্যমন্ত্ৰীয়ে কয়।
তিনিজনীয়া সদস্যৰ এই গোটৰ নেতৃত্বত আছে শিক্ষা ডাঃ মন্ত্ৰী ৰণোজ পেগু, জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা আৰু তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্ত।
মন্ত্ৰীসভাই হস্ততাঁত, বস্ত্ৰশিল্প আৰু ৰেচম বিভাগৰ অধীনত থকা ৯৯ একৰ ভূমি সাংস্কৃতিক পৰিক্ৰমা বিভাগলৈ হস্তান্তৰ কৰাৰ বাবেও অনুমোদন জনাইছে। এই ভূমিত এটা অত্যাধুনিক সংগ্ৰহালয় স্থাপন কৰা হ'ব, য'ত লণ্ডনৰ ব্ৰিটিছ সংগ্ৰহালয়ৰ পৰা অনা বিখ্যাত পৱিত্ৰ 'বৃন্দাৱনী বস্ত্ৰ' প্ৰদৰ্শন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে।
অসমৰ অন্যতম গুৰুত্বপূৰ্ণ ঐতিহ্যবাহী বস্ত্ৰ সংৰক্ষণ আৰু প্ৰদৰ্শনৰ লক্ষ্যৰে এই সংগ্ৰহালয়টো JSW I&P হ'ল্ডিংছ প্ৰাইভেট লিমিটেডৰ সহযোগত তেওঁলোকৰ কৰ্প'ৰেট সামাজিক দায়বদ্ধতা হিচাপে গঢ়ি তোলা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।