ডিব্ৰুগড়ত ৭ খন কৰ্কট চিকিৎসালয় উদ্বোধন কৰা মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদী আৰু উদ্যোগপতি ৰতন টাটা
দৌলত ৰহমান/গুৱাহাটী
ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদৰ (আইচিএমআৰ) জনসংখ্যা আধাৰিত কৰ্কট পঞ্জীয়ন অনুসৰি, দেশৰ উত্তৰ-পূব অঞ্চলত কৰ্কট ৰোগৰ ঘটনা সৰ্বাধিক দেখিবলৈ পোৱা যায়। কৰ্কট ৰোগৰ ৰাষ্ট্ৰীয় গড় ঘটনা প্ৰতি বছৰে প্ৰতি লাখ জনসংখ্যাত ৯০ৰ পৰা ১২০ৰ ভিতৰত হয়। উত্তৰ-পূৰ্বাঞ্চলত, ই প্ৰতি লাখ জনসংখ্যাত ৯০ৰ পৰা ২৭০লৈকে বৃদ্ধি হোৱা দেখা যায়। অসমৰ কামৰূপ (মেট্ৰ'পলিটান)জিলাত কৰ্কট ৰোগৰ ঘটনা দেশৰ ভিতৰত তৃতীয় সৰ্বাধিক(পুৰুষৰ প্ৰতি লাখ জনসংখ্যাত ২১৩; মহিলাৰ প্ৰতি লাখ জনসংখ্যাত ১৭০গৰাকী)।
উত্তৰ-পূৰ্বাঞ্চলত প্ৰতি বছৰে মুঠ ৪৫,০০০ নতুন কৰ্কট ৰোগী ধৰা পৰে, যাৰ ভিতৰত ৩৪,০০০ নতুন ৰোগীয়ে হ’ল অসমৰ। উল্লেখ্য যে, কৰ্কট ৰোগে বহুতো পৰিয়ালক ধ্বংস কৰি পেলাইছে। অসম আৰু উত্তৰ-পূবৰ অন্যান্য ৰাজ্যৰ হাজাৰ হাজাৰ কৰ্কট ৰোগীয়ে প্ৰতি বছৰে বৃহৎ পৰিমাণৰ ধন খৰচ কৰি উন্নত চিকিৎসাৰ বাবে বাহিৰলৈ যায়।
বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে ভৱিষ্যতে অসমত কৰ্কট ৰোগৰ ছবিখন অধিক উদ্বেগজনক হ'ব আৰু বহুতো ৰোগীয়ে আৰ্থিক দুৰ্দশাৰ বাবে সঠিক চিকিৎসা নোপোৱাকৈ মৃত্যুবৰণ কৰিব পাৰে। অৱশ্যে, জীৱন আছে নামেই, আশাও আছে। টাটা ট্ৰাষ্টৰ অধ্যক্ষ ৰতন টাটাই এই ক্ষেত্ৰত আগবাঢ়ি আহিছে। যোৱা মাহত তেওঁ কৈছিল যে অসমৰ ১৭ টা কেন্সাৰ কেয়াৰ চেণ্টাৰৰ সৱল নেটৱৰ্কে সকলোৰে বাবে পৰ্যাপ্ত চিকিৎসা উপলব্ধ কৰি তুলিব, কিয়নো ই "ধনী লোকৰ ৰোগ" নহয়।
বি বৰুৱা কেন্সাৰ চিকিৎসালয়
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা মাহত অসম ভ্ৰমণৰ সময়ত এনে সাতটা কেন্সাৰ কেয়াৰ চেণ্টাৰ উদ্বোধন কৰাৰ সময়ত ৰতন টাটাই কৈছিল যে এই সুবিধাসমূহ সৃষ্টিৰ পিছত অসমে এতিয়া বিশ্বমানৰ কৰ্কট ৰোগৰ চিকিৎসা প্ৰদানকাৰী ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিব। কেন্সাৰ কেয়াৰ চেণ্টাৰসমূহ ৰাজ্য চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগ অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচন(এচিচিএফ)ৰ দ্বাৰা স্থাপন কৰা হৈছে।
‘আৱাজ-দ্য ভইছ’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত গুৱাহাটীস্থিত ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান (বিবিচিআই)ৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে কয় যে অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ উদ্যোগত নতুন কৰ্কট চিকিৎসালয় স্থাপন হোৱাৰ ফলত বৰ্তমানৰ সকলো কৰ্কট চিকিৎসালয়ত ৰোগীৰ বোজা সমানে হ্ৰাস হ’ব।
ডিব্ৰুগড়ৰ কেন্সাৰ চিকিৎসালয়ত অত্যাধুনিক প্ৰযুক্তি পৰিদৰ্শন কৰা মুহূৰ্তত প্ৰধানমন্ত্ৰী মোদী
ৰেডিঅ'থেৰাপী আৰু অস্ত্ৰোপচাৰৰ বাবে অপেক্ষাৰ ম্যাদ হ্ৰাস পাব আৰু ৰোগীসকলে ঘৰৰ ওচৰত চিকিৎসা সেৱা লাভ কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত চিকিৎসাৰ বাবে ভ্ৰমণৰ ব্যয় হ্ৰাস হ'ব আৰু দূৰৱৰ্তী স্থানত দীঘলীয়া সময়লৈ চিকিৎসালয়ত থকাৰ পৰা ৰোগীৰ পৰিত্ৰাণ লাভ কৰিব।
"আইচিএমআৰৰ প্ৰতিবেদন অনুসৰি, বৰ্তমান ৬.৬% ৰোগী কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যায়। আশা কৰা হৈছে যে কৰ্কট ৰোগৰ চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি হোৱাত কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে অসমৰ বাহিৰলৈ যোৱা ৰোগীৰ সোঁত যথেষ্ট পৰিমাণে হ্ৰাস পাব," ডাঃ কটকীয়ে কয়।
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত প্ৰতি বছৰে প্ৰায় ২লাখৰো অধিক ৰোগী ভৰ্তি হয় আৰু ইয়াৰে ১৪,০০০গৰাকী নতুন কৰ্কট ৰোগী ধৰা পৰে। ইয়াৰ বিপৰীতে, ভাৰতত প্ৰায় ১৪লাখ নতুন কৰ্কট ৰোগী চিনাক্ত কৰা হৈছে আৰু সামগ্ৰিকভাৱে দেশত সক্ৰিয় কৰ্কট ৰোগীৰ সংখ্যা হৈছে ৪০ৰ পৰা ৪৫ লাখ।
অসমত সম্প্ৰতি কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসক(অনক’লজিষ্ট)ৰ অভাৱৰ কথা স্বীকাৰ কৰি ড০ কটকীয়ে কয় যে বিশেষজ্ঞ চিকিৎসকৰ ক্ষেত্ৰত পৰ্যাপ্ত মানৱ সম্পদ সৃষ্টি কৰাৰ লক্ষ্যৰে বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানে ৭ টা শাখাত অনক’লজিষ্টৰ ২ বছৰৰ স্নাতকোত্তৰ ফেলোশ্বিপ কাৰ্যসূচীৰ উপৰিও অনক’লজিষ্ট, এমডি(ৰেডিয়েচন অনক’লজিষ্ট)ৰ পাঁচটা শাখাত চুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰম(ডিএম/এমচি) আৰম্ভ কৰিছে।
"বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হোৱা বহুতো চিকিৎসকে হয় অসম বা উত্তৰ-পূৰ্বাঞ্চলৰ আন ৰাজ্যত যোগদান কৰিছে। কেইবছৰমানৰ ভিতৰত কৰ্কট ৰোগৰ বিশেষজ্ঞ চিকিৎসকৰ অভাৱ দূৰ হোৱাৰ সম্ভাৱনা আছে। বি বৰুৱা কেন্সাৰ প্ৰতিষ্ঠানে ৰেডিঅ'লজিকেল পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী, অনক’লজী নাৰ্চিঙত স্নাতকোত্তৰ ডিগ্ৰী, অনক’লজী নাৰ্চিঙত প’ষ্ট বেচিক ডিপ্লোমা, দুবছৰীয়া ৰেডিঅ'থেৰাপী প্ৰযুক্তিবিদ পাঠ্যক্ৰম, স্বাস্থ্য প্ৰশাসনত স্নাতকোত্তৰ, পিএইচডি কাৰ্যসূচী আৰু অন্যান্য ২২টা শাখাত পেৰামেডিকেল পাঠ্যক্ৰম আৰম্ভ কৰিছে।
এই শৈক্ষিক পাঠ্যক্ৰমসমূহে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বাবে চিকিৎসক আৰু প্ৰযুক্তিবিদৰ প্ৰয়োজনীয়তা পূৰণ কৰিব। বি বৰুৱা কৰ্কট প্ৰতিষ্ঠান হৈছে অনক’লজীত ৫ টা ছুপাৰ স্পেচিয়েলিটি পাঠ্যক্ৰম প্ৰদান কৰা দেশৰ ৫টা কেন্দ্ৰৰ ভিতৰত অন্যতম।"- ড০ কটকীয়ে কয়।
কৰোনাৰ ভয়াবহ সময়ত মুম্বাইৰ পৰা বাছযোগে অসমলৈ উভতা কেন্সাৰ ৰোগী সকল
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ইতিমধ্যে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজহুৱা খণ্ডৰ চিকিৎসালয়ত প্ৰথমবাৰৰ বাবে অস্থি মজ্জা সংৰোপণ কাৰ্যসূচী আৰম্ভ কৰিছে। একেদৰে, ষ্টিৰিঅ'টেকটিক ৰেডিঅ'ছাৰ্জাৰী/মাইক্ৰ' ভাস্কুলাৰ ছাৰ্জাৰী/হাই ড’জ ৰেডিঅ'-আইচ'টোপ থেৰাপী প্ৰতিষ্ঠানখনত আৰম্ভ হৈছে।
পিএম-ডেভেলপমেণ্ট ইনিচিয়েটিভ ফৰ নৰ্থ-ইষ্ট আঁচনিৰ অধীনত অহা ৪ বছৰৰ ভিতৰত বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত প্ৰাপ্তবয়স্ক আৰু শিশু ৰোগ বিশেষজ্ঞ হেমাটোলিমফোইড(Adult and Paediatric Hematolymphoid facilities) কেন্দ্ৰ স্থাপন কৰা হ'ব। বৰ্তমানৰ অ'পিডিত ৰোগীৰ অত্যাধিক ভিৰ হ্ৰাস কৰিবলৈ অহা ৩ বছৰৰ ভিতৰত এটা নতুন অ'পিডি ভৱনো নিৰ্মাণ কৰা হ'ব।
বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে সমূহীয়া অনক'লজী কাৰ্যসূচীৰ জৰিয়তে কৰ্কট ৰোগ প্ৰতিৰোধ আৰু আগতীয়াকৈ চিনাক্তকৰণৰ ওপৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে। গুৱাহাটী চহৰত দুৰাৰোগ্যভাৱে অসুস্থ কৰ্কট ৰোগীসকলৰ বাবে গৃহ যতন সেৱা ইতিমধ্যে আৰম্ভ কৰা হৈছে। ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তি বিভাগ আৰু আইচিএমআৰৰ সহায়ত উত্তৰ-পূৰ্বাঞ্চলৰ উমৈহতীয়া কৰ্কট ৰোগক লৈ গৱেষণাৰ বাবেও প্ৰতিষ্ঠানখনে যথেষ্ট গুৰুত্ব আৰোপ কৰিছে।