গুৱাহাটী
ক্ৰমান্বয়ে নিয়ন্ত্ৰণলৈ আহিছে শিৱসাগৰৰ ভটীয়াপাৰৰ গেছ নিৰ্গমণ। আমেৰিকান বিশেষজ্ঞই নেৰানেপেৰাকৈ এই খাঁদটোৰ গেছ নিৰ্গমণৰ বাবে দিনে-ৰাতিয়ে অভিযান অব্যাহত ৰাখিছে। এতিয়ালৈকে সম্পূৰ্ণৰূপে এই গেছ নিৰ্গমণ কৰিবলৈ সক্ষম হোৱা নাই যদিও অতি কম সময়ৰ ভিতৰতে এই কাৰ্যও সমাধা হব বুলি ইংগিত দিছে অ এন জি চিয়ে।
আনফালে মুখ্যমন্ত্ৰী তথা চৰকাৰৰ সাহায্য লাভৰ আশাত দিনক দিনে বৃদ্ধি পাই গৈছে আছে ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা। প্ৰথম পৰ্যায়ত প্ৰত্যক্ষভাৱে প্ৰায় ৭৫টা পৰিয়াললৈহে এই খাঁদটোৰ গেছ নিৰ্গমণে ভাবুকিৰ সৃষ্টি কৰিছিল যদিও শেহতীয়াকৈ ক্ষতিগ্ৰস্ত লোকৰ সংখ্যা হৈছেগৈ ৩সহস্ৰাধিক।
শেহতীয়া পৰিস্থিতিৰ প্ৰতি লক্ষ্য় ৰাখি বৰ্তমানৰ মূল্যায়নৰ ভিত্তিত ঘটনাস্থলীৰ পৰা ৫০০ মিটাৰ ব্যাসাৰ্ধৰ বাহিৰত বাস কৰা বাসিন্দাসকলক ঘৰলৈ উভতি ৰন্ধা-বঢ়া আৰু বিদ্যুতৰ ব্যৱহাৰকে ধৰি স্বাভাৱিক কাম-কাজ পুনৰ আৰম্ভ কৰাটো নিৰাপদ বুলি পৰামৰ্শ দিছে অ এন জি চিয়ে।
অ এন জি চিয়ে সদৰি কৰিছে যে, কূপটোৰ পৰা ৩০ মিটাৰৰ বাহিৰত হাইড্ৰ’কাৰ্বনৰৰ কোনো উপস্থিতি ধৰা নপৰাটো উৎসাহজনক। পূৰ্বতকৈ গেছৰ চাপ আৰু হ্ৰাস পাইছে, যাৰ ফলত কূপটোৰ অধিক নিৰাপদ আৰু অধিক নিয়ন্ত্ৰিত কেপিঙৰ সুবিধা হ’ব বুলি আশা কৰা হৈছে। অবিৰত সুৰক্ষা ব্যৱস্থা হিচাপে কূপটোক দিনে-নিশাই ‘ৱাটাৰ ব্লেংকেটিং’ কৰা হৈছে।
ইয়াৰোপৰি আশ্ৰয় শিবিৰত অ’এনজিচিয়ে জিলা প্ৰশাসনক সক্ৰিয়ভাৱে সহযোগ কৰি আহিছে। নিগমে প্ৰয়োজন হোৱা লোকসকলক ২৪ ঘণ্টাই চিকিৎসাৰ সুবিধা প্ৰদান কৰি প্ৰভাৱিত লোকসকলৰ কল্যাণৰ বাবে প্ৰতিষ্ঠানটোৱে কাম কৰি আছে। অ’এনজিচিৰ সংকট ব্যৱস্থাপনা দল (চিএমটি) আৰু বিশেষজ্ঞ দলটোৱে প্ৰায় ১০ ট্ৰেইলাৰ ভৰ্তি ৰীগৰ সামগ্ৰী সফলতাৰে ইতিপূৰ্বে স্থানান্তৰ কৰিছে।
ঘটনাস্থলীৰ পৰা ৰীগৰ অধিকাংশ সামগ্ৰী আঁতৰাই কূপটো কেপিং কৰাৰ বাবে অনাগত অভিযানৰ বাবে সাজু কৰা হৈছে। কেপিং প্ৰক্ৰিয়াৰ বাবে প্ৰয়োজনীয় গধুৰ সঁজুলিসমূহ বৰ্তমান উক্ত স্থানলৈ নি থকা হৈছে। অৰ্থাৎ অ’এনজিচিয়ে ৰিগটো চিৰদিনলৈ বন্ধ কৰি দিব৷
এনে উদ্দেশ্য আগত ৰাখিয়েই ‘ডেৰিক’ত থকা টিউবিং নিৰাপদে আঁতৰোৱাৰ পৰিকল্পনা কৰাৰ বাবে দলটোৱে ‘ৰীগ মাস্ত’ৰ উচ্চ অংশটো পুংখানুপুংখভাৱে পৰিদৰ্শন কৰিছে। অতি শীঘ্ৰে নিয়োগ কৰিব পৰাকৈ এক বিশেষ অতিৰিক্ত দীঘল বুম ক্ৰেনো এই জটিল অভিযানৰ বাবে সংগঠিত কৰি থকা হৈছে।
আনফালে বীৰ লাচিত সেনাই এছ কে পেট্ৰৰ কৰ্মচাৰীৰ অৰ্থনৈতিক দিশটোৰ সুৰক্ষাৰ বাবে অব্যাহত ৰখা সংগ্ৰামখনো ফলপ্ৰসূ হোৱাৰ দিশে আগবাঢ়িছে। অচিৰেই বীৰ লাচিত সেনাৰ প্ৰতিনিধি আৰু কৰ্মচাৰীসকলৰ সৈতে এক আলোচনাত মিলিত হৈ এই দিশটোও সমাধান কৰিবলৈ চেষ্টা কৰিব।