গুৱাহাটী
ভোগালীৰ সময়তে অসমীয়াই হেৰুৱালে দ্বিতীয়গৰাকী সু-সন্তান৷ উৰুকাৰ দিনা ৰাজ্যবাসীয়ে হেৰুৱাইছিল শিল্পী সমৰ হাজৰিকাক৷ তাৰে পৰৱৰ্তী দিনটোতে আন এগৰাকী অসম সন্তানৰ দেহাৱসান ঘটে।
প্ৰান্তিক বুলিলে মনলৈ অহা নামটোৰ গৰাকী প্ৰদীপ বৰুৱা আৰু আমাৰ মাজত নাই। মাঘ বিহুৰ বৰ দোমাহী অৰ্থাৎ বুধবাৰে সন্ধিয়া প্ৰায় ৭.২৭ বজাত দেহাৱসান ঘটে অসমীয়া সমাজ আৰু বৌদ্ধিক যাত্ৰাৰ কেইবাটাও দশকৰ ধ্বজাবাহী, বিশিষ্ট সাংবাদিক তথা প্ৰান্তিকৰ সম্পাদক প্ৰদীপ বৰুৱাৰ ৷ মৃত্যুৰ সময়ত বৰুৱাৰ বয়স হৈছিল ৮৭ বছৰ ৷
প্ৰদীপ বৰুৱাৰ জন্ম হৈছিল ১৯৩৮ চনৰ ৩ ছেপ্টেম্বৰত ডিব্ৰুগড়ত ৷ ১৯৮১ চনৰে পৰা গুৱাহাটীৰ পৰা পষেকীয়াকৈ প্ৰকাশ পোৱা অসমীয়া ভাষাৰ আলোচনী প্ৰান্তিকত সম্পাদক হিচাপে দায়িত্ব পালন কৰা বৰুৱাৰ বিয়োগত শোকস্তব্ধ হৈ পৰে ৰাজ্যবাসী ৷
উল্লেখযোগ্য যে, বিগত ১২ দিনে গুৱাহাটী মহানগৰীৰ ডাউন টাউন হাস্পতালত ভৰ্তি হৈ আছিল বিশিষ্ট সাংবাদিকগৰাকী। বৃহস্পতিবাৰে পুৱা প্ৰায় ৮.৩০ বজাত বৰুৱাৰ মৃতদেহ নিজ বাসগৃহলৈ অনা হ’ব। তাৰপৰাই তেওঁৰ মৃতদেহ পুৱা প্ৰায় ১১ বজাত নৱগ্ৰহ শ্মশানলৈ লৈ নি শেষকৃত্য সম্পন্ন কৰা হ’ব।
এগৰাকী প্ৰখ্যাত সাহিত্যিক, প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে আলোচনীখনৰ সৈতে জড়িত বৰুৱাই চাৰি দশকৰো অধিক সময় ধৰি এই দায়িত্ব পালন কৰি আহিছিল।