নতুন দিল্লী
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৬ চনৰ ১ মাৰ্চত তামিলনাডু আৰু পুডুচেৰী ভ্ৰমণ কৰিব। ৰাজস্থান আৰু গুজৰাটত তেওঁৰ কাৰ্যসূচী সমাপ্ত কৰাৰ পিছত তেওঁ ২৮ ফেব্ৰুৱাৰীৰ নিশা প্ৰায় ৯ বজাত চেন্নাইত উপস্থিত হ'ব।
১ মাৰ্চৰ পুৱা প্ৰায় ১১.৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে পুডুচেৰীত ২,৭০০ কোটি টকাৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ এক ৰাজহুৱা সভাত ভাষণো প্ৰদান কৰিব। এই প্ৰকল্পসমূহে আন্তঃগাঁথনি, নগৰীয়া সেৱা, ঔদ্যোগিক বিকাশ, শিক্ষা, স্বাস্থ্যসেৱা আৰু বহনক্ষম বিকাশক সামৰি লৈছে।
প্ৰধানমন্ত্ৰীৰ ই-বাছ সেৱাৰ অধীনত ই-বাছ, স্মাৰ্ট চিটি মিছনৰ অধীনত ইণ্টিগ্ৰেটেড কমাণ্ড এণ্ড কন্ট্ৰ'ল চেণ্টাৰ, চিটিআইআইএছ উদ্যোগৰ অধীনত অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে আৱাসগৃহ আৰু পুডুচেৰী চৰকাৰৰ বৃহৎ নৰ্দমা আৰু পানী যোগান প্ৰকল্প আদিৰ দৰে গুৰুত্বপূৰ্ণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হ'ব।
তেওঁ লগতে কাৰাইকালস্থিত ৰাষ্ট্ৰীয় প্ৰযুক্তি প্ৰতিষ্ঠানৰ কম্প'জিট ইঞ্জিনিয়াৰিং ব্লক, ডঃ এ পি জে আব্দুল কালাম ব্লক আৰু গংগা হোষ্টেল, জৱাহৰলাল স্নাতকোত্তৰ চিকিৎসা শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান (জিআইপিএমইআৰ) ৰ আঞ্চলিক কৰ্কট ৰোগ কেন্দ্ৰৰ আধুনিকীকৰণ আৰু পুডুচেৰী বিশ্ববিদ্যালয়ৰ নতুন শৈক্ষিক আৰু হোষ্টেল ভৱন উদ্বোধন কৰিব।
ইয়াৰ ভিতৰত ফাৰ্মা পাৰ্ক, টেক্সটাইল পাৰ্ক, আইটি পাৰ্ক, ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'ল'জি মাদ্ৰাজৰ গৱেষণা আৰু বিকাশ কেন্দ্ৰ আৰু জিপমেৰৰ উন্নত স্বাস্থ্যসেৱা সুবিধাসমূহ অন্তৰ্ভুক্ত হ'ব।
প্ৰধানমন্ত্ৰীয়ে খোৱা পানী যোগান প্ৰকল্প, প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত ৪১ খন গ্ৰাম্য পথ, ঐতিহ্যমণ্ডিত নগৰ উন্নয়ন কাৰ্য, মিষ্টি আঁচনিৰ অধীনত মংগৰুৱ পুনৰুদ্ধাৰ, সংশোধিত বিতৰণ খণ্ড আঁচনিৰ অধীনত অনাময় আৰু শক্তি প্ৰকল্প আৰু পুঁজি বিনিয়োগৰ বাবে ৰাজ্যসমূহক বিশেষ সাহায্য (SASCI) আঁচনিৰ অধীনত প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। পুডুচেৰীক এছএএছচিআইৰ অধীনত অন্তৰ্ভুক্ত কৰা হৈছে যাতে পুঁজিৰ সম্পদ সৃষ্টি আৰু আন্তঃগাঁথনি শক্তিশালী কৰিব পৰা যায়।
তাৰপাছতে প্ৰধানমন্ত্ৰীয়ে মাদুৰাইলৈ যাত্ৰা কৰিব, য'ত বিয়লি প্ৰায় ৩ বজাত তেওঁ ৪,৪০০ কোটি টকাৰ প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহৰ লক্ষ্য হ'ব যোগাযোগ ব্যৱস্থা উন্নত কৰা আৰু আঞ্চলিক অৰ্থনৈতিক বিকাশত গতি প্ৰদান কৰা। তেওঁ জনসভাতো ভাষণ প্ৰদান কৰিব।
তেওঁ ৩৩২এ ৰাষ্ট্ৰীয় ঘাইপথৰ মাৰাকানাম-পুডুচেৰী খণ্ডৰ চাৰিলেনযুক্ত পথ আৰু ৮৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰামাকুডি-ৰামানাতপুৰম খণ্ডৰ চাৰিলেনযুক্ত পথৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে যাত্ৰাৰ সময় উল্লেখযোগ্যভাৱে হ্ৰাস কৰিব আৰু মামল্লাপুৰম, ৰামেশ্বৰম আৰু ধনুশকোডীকে ধৰি প্ৰধান পৰ্যটন আৰু ধৰ্মীয় স্থানসমূহৰ সৈতে যোগাযোগ ব্যৱস্থা উন্নত কৰাৰ লগতে ৰে'লৱে ষ্টেচন, বিমানবন্দৰ আৰু বন্দৰসমূহৰ সৈতে সংযোগ সুদৃঢ় কৰিব বুলি আশা কৰা হৈছে।
প্ৰধানমন্ত্ৰী গতিশক্তিৰ দৃষ্টিভংগীৰ সৈতে সামঞ্জস্য ৰাখি এই কৰিড'ৰটোৱে মৎস্যজীৱী ক্লাষ্টাৰ, বিশেষ অৰ্থনৈতিক অঞ্চল, মেগা ফুড পাৰ্ক আৰু বস্ত্ৰশিল্পৰ ক্লাষ্টাৰক একত্ৰিত কৰি বাণিজ্য আৰু উদ্যোগৰ প্ৰসাৰ কৰিব।
প্ৰধানমন্ত্ৰীয়ে অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আঠটা পুনৰবিকাশিত ৰে'লৱে ষ্টেচন মুকলি কৰিব- মোৰাপুৰ, বোম্মিদি, শ্ৰীভিল্লিপুতুৰ, শোলাবন্দন, মানাপাৰাই, পোল্লাচী জংচন, কাৰাইকুডি জংচন আৰু তিৰুৱাৰ জংচন য'ত আধুনিক যাত্ৰী সুবিধাসমূহ আৰু দিব্যাংজন অনুকূল সা-সুবিধা আছে।
তদুপৰি, তেওঁ চেন্নাইৰ উপ-নগৰীয়া ৰে'ল পৰিবহণ ক্ষমতা বৃদ্ধিৰ বাবে চেন্নাই বিচ-চেন্নাই ইগমোৰ চতুৰ্থ ৰে'লৱে লাইন দেশবাসীৰ নামত উচৰ্গা কৰিব, যাৰ দ্বাৰা দৈনিক লাখ লাখ যাত্ৰী উপকৃত হ'ব। ৰাজহুৱা সম্প্ৰচাৰ সেৱা শক্তিশালী কৰাৰ বাবে কুম্বাকোনাম, য়েৰকাউড আৰু ভেল্লোৰত তিনিটা নতুন আকাশৱানী এফএম ৰিলে ট্ৰান্সমিটাৰ মুকলি কৰা হ'ব। বিয়লি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে মাদুৰাইৰ তিৰুপ্পৰানকুণ্ড্ৰমৰ অৰুলমিগু সুব্ৰমনিয় স্বামী মন্দিৰত দৰ্শন আৰু পূজা অৰ্চনা কৰিব।