অসম-মেঘালয়ৰ সীমা বিবাদ সন্দৰ্ভত আলোচনাত মিলিত দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী

Story by  atv | Posted by  Munni Begum • 22 h ago
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমা
 
গুৱাহাটী
 
অসম আৰু মেঘালয়ৰ মাজত অব্যাহত থকা ধাৰাবাহিক সীমা বিবাদৰ মাজতে ১৬ আগষ্টত গুৱাহাটীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কনৰাড কে চাংমাই। 
 
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক্সত এক পোষ্টত কয়, "আজি গুৱাহাটীত মেঘালয়ৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত চাংমা কনৰাড জী ডাঙৰীয়াৰ সৈতে এক উৎকৃষ্ট আলোচনাত মিলিত হলো। আমাৰ দুয়োখন ভগ্নী ৰাজ্যৰ পাৰস্পৰিক বিকাশ শক্তিশালী কৰাৰ বাবে আমি বহুতো বিষয়ৰ ওপৰত আলোচনা কৰিলোঁ।" 
 
কিন্তু চুবুৰীয়া ৰাজ্য দুখনৰ মুখ্যমন্ত্রীসকলে আলোচনা কৰা বিষয়সমূহৰ সন্দর্ভত বিতংভাৱে প্রকাশ কৰা নাই মুখ্যমন্ত্ৰী শর্মাই৷ যোৱা ২ জুনত শেষবাৰৰ বাবে বৈঠকত মিলিত হৈছিল দুয়োগৰাকী মুখ্যমন্ত্ৰীয়ে স্বাধীনতা দিৱসৰ ভিতৰত মুঠ ১২টা বিতৰ্কিত অঞ্চলৰ ভিতৰত ৬টা অঞ্চলৰ ভিতৰত ৫টা অঞ্চলত সীমান্ত স্তম্ভ স্থাপনৰ বাবে সন্মতি প্ৰকাশ কৰিছিল। 
 
২০২২ চনৰ মাৰ্চ মাহত দুয়োখন ৰাজ্যৰ মাজত ছয়টা ক্ষেত্ৰত সীমা বিবাদ নিষ্পত্তিৰ বাবে চুক্তি স্বাক্ষৰিত হৈছিল। ১৯৭২ চনত অসমৰ পৰা পৃথক ৰাজ্য হিচাপে গণ্য কৰা মেঘালয়ে অসম পুনৰ্গঠন আইন, ১৯৭১ক প্ৰত্যাহ্বান জনাইছিল, যাৰ ফলত দুয়োখন ৰাজ্যৰ ৮৮৪.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ ১২টা অঞ্চলত বিবাদৰ সৃষ্টি হৈছিল। 
 
২০২১ চনৰ মে' মাহত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে শৰ্মাই ঘোষণা কৰিছিল যে, চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে দীৰ্ঘদিনীয়া সীমা বিবাদ নিষ্পত্তি কৰাটোৱেই তেওঁৰ অগ্ৰাধিকাৰ। ইয়াৰ পিছত ২০২১ চনৰ আগষ্ট মাহত তিনিখন আঞ্চলিক সমিতি গঠন কৰি পৰ্যায়ক্ৰমে সমস্যাসমূহ সমাধান কৰা হয়। 
 
আঞ্চলিক সমিতিসমূহে নিজৰ পৰামৰ্শ দাখিল কৰে যিবোৰ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ হাতত মুখ্যমন্ত্ৰীয়ে অৰ্পণ কৰে, তাৰ পিছত ২০২২ চনৰ ২৯ মাৰ্চত ১২টা অঞ্চলৰ ভিতৰত ছটা ক্ষেত্ৰত বিবাদ নিষ্পত্তিৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে।