আৰণ্যকৰ উদ্যোগত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাক লৈ সজাগতা অভিযান

Story by  atv | Posted by  [email protected] • 1 Years ago
সজাগতা অভিযানৰ এক মুহূৰ্ত
সজাগতা অভিযানৰ এক মুহূৰ্ত

গুৱাহাটী

আৰন্যক, হাড়গিলা আৰ্মি, উইমেন ইন নেচাৰ নেটৱৰ্ক, এলিছ চি টাইলাৰ পাৰ্পেচুৱেল ট্ৰাষ্ট, ডব্লিউ এফ এন, ৰিৱাইল্ড, উইলহেলমা জু, ইকো ক্লাব, ৰিৱাইল্ডিং একাডেমী আৰু পচৰীয়া কুশল কোঁৱৰ হাইস্কুলৰ উদ্যোগত অসমৰ কামৰূপগ্ৰাম্য জিলাত ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা, স্বাস্থ্য আৰু পৰিৱেশ শিক্ষাৰ প্ৰসাৰক লৈ এক সজাগতা অভিযান অনুষ্ঠিত হয়।  

পচৰীয়া কুশল কোঁৱৰ হাইস্কুলত কালি মুকলি হোৱা অনুষ্ঠানত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰশংসিতআৰু গ্ৰীণ অস্কাৰ বঁটা বিজয়ীপৰিৱেশবিদ তথা আৰণ্যকৰ জীৱবিজ্ঞানী ড০ পূৰ্ণিমা দেৱী বৰ্মনে এই পদক্ষেপৰ নেতৃত্ব দিয়ে। ঋতুস্ৰাৱৰ লগত জড়িত বাধা-নিষেধৰ সমাধানৰ লক্ষ্যৰে চলোৱা অভিযানৰ অংশ হিচাপে সমগ্ৰ কামৰূপৰ মহিলাসকলক মাহেকীয়াৰ সময়ত কেনেকৈ সুস্থ হৈ থাকিব পাৰি,সেই বিষয়ে শিকোৱা হয়।

অনুষ্ঠানত পছৰীয়া, দদৰা, শিঙিমাৰী, বংশৰ, আলিকাশ, মলং, আৰু নিকটৱৰ্তী অঞ্চলৰ প্ৰায় ২০০গৰাকী ছোৱালীক চেনিটেৰী নেপকিন প্ৰদান কৰা হয়। এই অভিযানমূলতঃ পিছপৰা শ্ৰেণীৰ ছোৱালী আৰু তেওঁলোকৰ মাতৃৰ বাবে আৰম্ভ কৰা হৈছে। অনুষ্ঠানত ডাঃ পূৰ্ণিমা দেৱী বৰ্মনে কয় যেস্বাস্থ্য, পৰিষ্কাৰ-পৰিচ্ছন্নতা, পৰিৱেশ শিক্ষাই একেলগে আগবাঢ়িলেআমি আমাৰ স্বাস্থ্যৰ লগতেধৰিত্ৰী মাৰো যত্ন ল’ব পাৰো।

“মোৰ দুটা দশকৰ যাত্ৰাত মই উপলব্ধি কৰিলোঁ যে পৰিৱেশ সজাগতাৰ বাবে স্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰয়োজন আছে। যেতিয়া মানুহ নিজৰ স্বাস্থ্যৰ প্ৰতি আত্মসচেতন হয়, তেতিয়া তেওঁলোকে পৃথিৱীৰ স্বাস্থ্যৰ প্ৰতি সচেতন হয়”, তেওঁ উল্লেখ কৰে। এই অভিযানৰ অংশ হিচাপে ল’ৰা সকলকো পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ শিক্ষা প্ৰদান কৰা হ’ব।

একাংশ যুৱতীক চেনিটাৰী নেপকিন প্ৰদানৰ মুহূৰ্ত 

বৰ্মনে ঘোষণা কৰে যে প্ৰতিটো সন্তানৰ মাতৃসকলকো এই অভিযানত অন্তৰ্ভুক্ত কৰা হ’ব, আৰু তেওঁলোকক সন্তানৰ সৈতে আমন্ত্ৰণ জনোৱা হ’ব। ঋতুস্ৰাৱৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ সমস্যাই মহিলা আৰু ছোৱালীৰ জীৱনত গভীৰ প্ৰভাৱ পেলায় আৰু তেওঁলোকক নিজৰ সম্ভাৱনাত উপনীত হোৱাৰ পৰা দূৰত ৰাখে।

বিদ্যালয়খনৰ প্ৰধান শিক্ষক ডাঃ সৰ্বানন্দকলিতাই এই অভিযানৰ অংশ হ’বলৈ পাই আনন্দ প্ৰকাশ কৰাৰ লগতে যিমান পাৰে সহযোগিতা আগবঢ়োৱাৰ মনস্থ কৰিছে। হাড়গিলা আৰ্মীৰ ভদ্ৰ মহিলা মনিষা দাসে ঋতুস্ৰাৱ সজাগতাৰ গুৰুত্বৰ বিষয়ে ব্যাখ্যা কৰাৰ বিপৰীতে মানব দাস, বৰষা দাস, দিপাংকৰ দাস, জাহ্নবী দাস, জিনা মহন্ত,কৰিশ্মা দাস আৰু শিৱানী গগৈয়ে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।